অতিকে শোকাৱহ, মাটিৰে শিৱ লিংগ বনাই আছিল, তেনেতে দেৱাল খহি একেলগে প্ৰাণ হেৰুৱালে ৯ শিশুৱে
শাওন মাহৰ শিৱ পূজাৰ বিধি কৰিবৰ বাবে কেইবাটাও শিশু একত্ৰিত হৈ শিৱ লিংগ বনাই আছিল। কিন্তু তেনেতে সংঘটিত হোৱা এক দুৰ্ঘটনাত একেলগে প্ৰাণ হেৰুৱালে ৯ টা কৈ শিশুৱে। এই শোকাৱহ ঘটনা সংঘটিত হৈছে মধ্যপ্ৰদেশত।
আজি ৪ আগষ্ট তাৰিখ দেওবাৰে মধ্যপ্ৰদেশ সাগৰ জিলাৰ শ্বাহপুৰত ঘৰৰ দেৱাল ভাঙি ৯ টা শিশুৰ মৃত্যু। মৃত্যু হোৱাসকলৰ অধিকাংশই আছিল ১০ৰ পৰা ১৪ বছৰ বয়সৰ শিশু।
এই শিশুসকলে শ্বাহপুৰৰ হৰদয়াল মন্দিৰৰ সমীপত এটা চেড স্থাপন কৰি কাইলৈ সোমবাৰৰ শিৱপূজাৰ বাবে মাটিৰে শিৱলিংগ বনাই আছিল। তেতিয়া ঘৰৰ বেৰ ভাঙি চেডৰ তলত শিৱলিংগ বনাই থকা শিশু কেইটিৰ ওপৰত পৰি যায়।
https://x.com/ANI/status/1819987579191848991
দেৱাল খহি পৰাত ৯ টি কৈ শিসুৰ মৃত্যু হোৱাৰ লগতে আন কেইবাটিও শিশু আহত হয়। বৰ্তমানে আহত শিশুসকলৰ এজনক দামোহত আৰু বাকী সকলক সাগৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।
বাতৰি লিখা পৰলৈ আহতৰ সংখ্যা জানিব পৰা হোৱা নাই। অৱশ্যে দামোহত ভৰ্তি কৰোৱা শিশুটিৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে। আৰক্ষীয়ে শিশু কেইটিৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















