অসম লাইভ ২৪: দীৰ্ঘ সময় কাৰাগাৰত পাৰ কৰাৰ পিছত অৱশেষত মুকলি আকাশৰ তললৈ আহিল লালু প্ৰসাদ যাদৱ। উচ্চ ন্যায়ালয়ৰ পৰা জামিন লাভ কৰা ১২ দিনৰ পিছত কাৰাগাৰৰ পৰা বাহিৰলৈ আহিল বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকী। ২০১৮ চনৰ ১৯ মাৰ্চৰ পৰা ঝাৰখণ্ডৰ ডুমকা কাৰাগাৰত কাৰাবন্দী হৈ আছিল লালু প্ৰসাদ যাদৱ। ঝাৰখণ্ড উচ্চ ন্যায়ালয়ে ১৭ এপ্ৰিলত জামিন প্ৰদান কৰিছিল এইগৰাকী বৰ্ষীয়ান ৰাজনীতিবিদক। উল্লেখযোগ্য যে লালু প্ৰসাদ যাদৱক cbiৰ বিশেষ আদালতৰ ন্যায়াধীশ শিৱপাল সিঙে ৭ বছৰৰ কাৰাদণ্ড বিহিছিল।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ