ইৰানত ছ’চিয়েল মিডিয়াত ধৰ্মীয় ব্যক্তিৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰাৰ অভিযোগত ২৩ বছৰীয়া এগৰাকী ছাত্ৰীক মৃ*ত্যুদণ্ডৰ শাস্তি প্ৰদান কৰাৰ খবৰে ব্যাপক চৰ্চা লাভ কৰিছে। নাজমেহ আমিনি নামৰ ছাত্ৰীগৰাকীক চৰকাৰবিৰোধী প্ৰতিবাদৰ সময়ত গ্ৰেপ্তাৰ কৰা হৈছিল বুলি প্ৰকাশ পাইছে। আমিনিয়ে আদালতত দাবী কৰিছিল যে নিচাযুক্ত ভেঁকুৰ সেৱনৰ ফলত হোৱা মতিভ্ৰমৰ অৱস্থাত তেওঁ ছ’চিয়েল মিডিয়াত সেই মন্তব্য কৰিছিল। তেওঁৰ অধিবক্তায়ো ইয়াক অনিচ্ছাকৃত ভুল বুলি যুক্তি দিছিল। কিন্তু আদালতে সেই যুক্তি গ্ৰহণ নকৰাৰ অভিযোগ উঠিছে।
কোন ২৩ বছৰীয়া এই দুৰ্ভগীয়া ছাত্ৰী?
নাজমেহ আমিনি হৈছে একাউণ্টিং বিষয়ত অধ্যয়ন কৰা ২৩ বছৰীয়া এগৰাকী ইৰানী ছাত্ৰী। প্ৰকাশিত বাতৰি অনুসৰি, চলিত বৰ্ষৰ জানুৱাৰীত ইৰানৰ মাছহাদ চহৰত চৰকাৰবিৰোধী প্ৰতিবাদৰ সময়ত তেওঁক গ্ৰেপ্তাৰ কৰা হৈছিল। প্ৰথম অৱস্থাত দেশখনৰ অৰ্থনৈতিক দুৰৱস্থাক লৈ এই প্ৰতিবাদ আৰম্ভ হৈছিল। কিন্তু পিছলৈ ই চৰকাৰৰ বিৰুদ্ধে ব্যাপক প্ৰতিবাদলৈ ৰূপান্তৰিত হয়। ইৰানৰ মানৱ অধিকাৰ সংগঠন ইৰান হিউমেন ৰাইটছৰ তথ্য অনুসৰি, দেশখনৰ চাইবাৰ আৰক্ষী, যাক ‘ফাটা’ বুলি জনা যায়, তেওঁক গ্ৰেপ্তাৰ কৰাৰ পূৰ্বে তেওঁৰ অনলাইন কাৰ্যকলাপ নিৰীক্ষণ কৰি আছিল বুলি অভিযোগ উঠিছে। পিছত ধৰ্মীয় ব্যক্তিৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰাৰ অভিযোগত তেওঁৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হয়।
প্ৰতিবেদন অনুসৰি, ৭ অক্টোবৰত প্ৰকাশিত এখন বাতৰিত আমিনিক মৃ*ত্যুদণ্ডৰ শাস্তি প্ৰদান কৰাৰ কথা উল্লেখ কৰা হৈছিল। তেওঁক উত্তৰ-পূব ইৰানৰ মাছহাদ চহৰৰ বকিলাবাদ কাৰাগাৰত বন্দী কৰি ৰখা হৈছিল বুলিও খবৰ প্ৰকাশ পাইছে। আমিনিৰ বিৰুদ্ধে ছিয়া ইছলামৰ বাৰজন ইমামক লৈ অশ্লীল আৰু আপত্তিজনক মন্তব্য কৰাৰ অভিযোগ উত্থাপন হৈছিল। ইয়াৰ উপৰি, ইছলামৰ নবী হজৰত মহম্মদক অপমান কৰাৰ অভিযোগো অনা হৈছিল। ইৰানৰ আইনত এই অপৰাধক ‘ছাব্বা-ঈ-নবী’ বুলি কোৱা হয়। প্ৰকাশিত তথ্য অনুসৰি, খোৰাছান ৰাজাভি প্ৰদেশৰ ফৌজদাৰী আদালতৰ ৬ নম্বৰ শাখাই এই গোচৰত তেওঁক মৃ*ত্যুদণ্ডৰ শাস্তি প্ৰদান কৰে। ইয়াৰ উপৰি, ৰাষ্ট্ৰীয় নিৰাপত্তাৰ বিৰুদ্ধে কাৰ্যকলাপ আৰু চৰকাৰবিৰোধী অপপ্ৰচাৰৰ অভিযোগত পৃথক বিচাৰত তেওঁক ১২ বছৰ, ৬ মাহ আৰু এদিনৰ কাৰাদণ্ড প্ৰদান কৰা বুলিও জানিব পৰা গৈছে।
আদালতত নিজৰ পক্ষ সমৰ্থন কৰি আমিনিয়ে কৈছিল যে তেওঁ বন্ধুসকলৰ সৈতে ‘হেলুচিনোজেনিক’ বা মতিভ্ৰম সৃষ্টি কৰিব পৰা ভেঁকুৰ সেৱন কৰিছিল। ইয়াৰ প্ৰভাৱত তেওঁ নিজৰ ওপৰত নিয়ন্ত্ৰণ হেৰুৱাই ছ’চিয়েল মিডিয়াত বিতৰ্কিত মন্তব্য কৰিছিল বুলি দাবী কৰে। তেওঁৰ অধিবক্তায়ো যুক্তি দিছিল যে এই মন্তব্য ইচ্ছাকৃতভাৱে কৰা হোৱা নাছিল। ইয়াক তেওঁ অনিচ্ছাকৃত ভুল বুলি অভিহিত কৰিছিল। কিন্তু আদালতে এই যুক্তি গ্ৰহণ কৰা নাছিল। ন্যায়াধীশগৰাকীয়ে প্ৰশ্ন কৰিছিল যে মতিভ্ৰমৰ অৱস্থাত যদি তেওঁ মন্তব্য কৰিছিল, তেন্তে ইৰানৰ চৰকাৰৰ বিৰোধী মন্তব্যৰ দৰে আমেৰিকা আৰু ইজৰাইলৰ বিৰুদ্ধেও একেধৰণৰ মন্তব্য কিয় কৰা নাছিল।
ইৰানত ধৰ্মীয় গুৰুক অপমান কৰিলে মৃ*ত্যুদণ্ড কিয়?
ইৰানৰ ৰাজনৈতিক আৰু আইনী ব্যৱস্থা ১৯৭৯ চনৰ ইছলামিক বিপ্লৱৰ পিছৰে পৰা ইছলামিক নীতিৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠিছে। দেশখনৰ আইন অনুসৰি, ধৰ্মীয় বিশ্বাস বা কিছুমান নিৰ্দিষ্ট ধৰ্মীয় ব্যক্তিক অপমান কৰাটো গুৰুতৰ অপৰাধ হিচাপে গণ্য কৰা হয়। ইৰানৰ ইছলামিক দণ্ডবিধিৰ ২৬২ নং অনুচ্ছেদ অনুসৰি, হজৰত মহম্মদ বা আন কোনো নবীক অপমান কৰাৰ অপৰাধত মৃ*ত্যুদণ্ডৰ ব্যৱস্থা আছে। এই অপৰাধক ‘ছাব্বা-ই-নবী’ বুলি কোৱা হয়। অৱশ্যে, সকলো ধৰণৰ ধৰ্মীয় সমালোচনাৰ বাবে একে শাস্তি প্ৰযোজ্য বুলি ক’ব নোৱাৰি। অভিযোগৰ প্ৰকৃতি, প্ৰযোজ্য আইনী ধাৰা আৰু গোচৰৰ পৰিস্থিতিৰ ওপৰত শাস্তি নিৰ্ভৰ কৰে। আইনী বিধান অনুসৰি, কোনো ব্যক্তিয়ে জোৰ-জবৰদস্তিৰ ফলত, ভুলবশতঃ বা অনিচ্ছাকৃতভাৱে এনে কাম কৰিলে কিছুমান পৰিস্থিতিত শাস্তিৰ ক্ষেত্ৰত ব্যতিক্ৰম থাকিব পাৰে। নিচাযুক্ত দ্ৰব্য সেৱন বা খঙৰ অৱস্থাত কৰা কামৰ ক্ষেত্ৰতো নিৰ্দিষ্ট আইনী চৰ্ত প্ৰযোজ্য হ’ব পাৰে। কিছুমান পৰিস্থিতিত মৃ*ত্যুদণ্ডৰ পৰিৱৰ্তে আন শাস্তিৰ ব্যৱস্থাও থাকিব পাৰে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















