অসম লাইভ ২৪ঃ আজি প্ৰধানমন্ত্ৰীয়ে সম্প্ৰসাৰণ কৰিব কেন্দ্ৰীয় মন্ত্ৰীসভাৰ। সন্ধিয়া ৬ বজাত ৰাষ্ট্ৰপতি ভৱনৰ অশোক হলত নতুন মন্ত্ৰীসকলে শপত গ্ৰহণ কৰিব। ১৭-২২ গৰাকী নতুন মন্ত্ৰীয়ে শপত লোৱাৰ সম্ভাৱনা আছে সম্প্ৰসাৰিত মন্ত্ৰীসভাত। মোদীৰ সম্প্ৰসাৰিত মন্ত্ৰীসভাত অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে স্থান লাভ কৰাটো নিশ্চিত হৈছে। ইতিমধ্যে হাইকামাণ্ডৰ আহ্বানমৰ্মে দিল্লীত বাহৰ পাতিছে সৰ্বানন্দ সোণোৱালে। আন আন সাম্ভাৱ্য মন্ত্ৰীসকলো উপস্থিত হৈছেগৈ নতুন দিল্লীত। এইবাৰ মন্ত্ৰীসভাত অধিক সংখ্যক যুৱনেতা অন্তৰ্ভুক্ত হোৱাৰ সম্ভাৱনা আছে। ৰাষ্ট্ৰপতি ৰামনাথ কোৱিন্দে শপত বাক্য পাঠ কৰোৱাব মন্ত্ৰীসকলক।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ
















