অসম লাইভ ২৪ঃ আজি কাৰ্যভাৰ গ্ৰহণ কৰিব মোদী মন্ত্ৰীসভাৰ নতুন মন্ত্ৰীসকলে। বুধবাৰে সম্প্ৰসাৰণ কৰা হয় কেন্দ্ৰীয় মন্ত্ৰীসভাৰ। মন্ত্ৰীসভাত ৩৬ গৰাকীকৈ নতুন মন্ত্ৰীক অন্তৰ্ভুক্ত কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। বুধবাৰে নিশা দপ্তৰ বিতৰণ কৰে মন্ত্ৰীসকলৰ মাজত। অসমৰ সৰ্বানন্দ সোণোৱাল আৰু ৰামেশ্বৰ তেলীয়ে মন্ত্ৰীসভাত স্থান লাভ কৰে। প্ৰায় ৭-৮ বছৰৰ অন্তত অসমৰ পৰা কেবিনেট মন্ত্ৰী হ’ল অসমৰ প্ৰাক্তন মন্ত্ৰী সৰ্বানন্দ সোণোৱাল। সোণোৱালে লাভ কৰিলে জাহাজ, জল পৰিবহন আৰু বন্দৰ মন্ত্ৰালয়। লগতে আয়ুস মন্ত্ৰালয়ো থাকিব সোণোৱালৰ নেতৃত্বত। আনহাতে কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীক দিয়া হয় পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী। শ্ৰম আৰু নিয়োগ দপ্তৰৰ ৰাজ্যিক মন্ত্ৰীৰ দায়িত্বও অৰ্পণ কৰে ৰামেশ্বৰ তেলীক। কাৰ্যভাৰ গ্ৰহণৰ পূৰ্বে আজি পুৱা জে পি নড্ডাক সাক্ষাৎ কৰে মন্ত্ৰীসকলে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ