অসম লাইভ ২৪ঃ জম্মু-কাশ্মীৰত নিৰাপত্তাৰক্ষী আৰু সন্ত্ৰাসবাদীৰ মাজৰ তিনিটা পৃথক সংঘৰ্ষত নিহত ৫ সন্ত্ৰাসবাদী। বিগত ২৪ ঘণ্টাত কাশ্মীৰৰ কুলগাম আৰু পুলৱামা জিলাত সংঘটিত হয় এই সংঘৰ্ষ। কুলগামৰ জোদাৰ অঞ্চলত সন্ত্ৰাসবাদীৰ উপস্থিতিৰ তথ্য পাই অঞ্চলটোত অভিযান চলাই নিৰাপত্তাৰক্ষীয়ে। অভিযান কালত উগ্ৰপন্থীৰ দলটোৱে সেনাৰ ওপৰত আক্ৰমণ চলোৱাৰ পাছতে দুয়োপক্ষৰ মাজত আৰম্ভ হয় মুখামুখি সংঘৰ্ষ। সংঘৰ্ষত প্ৰাণ হেৰুৱাই লস্কৰ-ই-তৈবাৰ দুই সন্ত্ৰাসবাদীয়ে। পুলৱামাত সংঘটিত আন এক সংঘৰ্ষত নিহত হয় আৰু দুজন সন্ত্ৰাসবাদী আৰু হান্দৱাৰাত নিহত হয় এজন। হান্দৱাৰা সংঘৰ্ষত শীৰ্ষ হিজবুল সন্ত্ৰাসবাদী মেহৰাজুদ্দিন হালৱাই ওৰফে ওবাইড নিহত হয়। সম্প্ৰতি সমগ্ৰ অঞ্চলজুৰি সেনাই অব্যাহত ৰাখিছে তীব্ৰ অভিযান।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ