অসম লাইভ ২৪ঃ দেশৰ ৭৫ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে লালকিল্লাত প্ৰধানমন্ত্ৰীয়ে ঘোষণা কৰে ‘ প্ৰধানমন্ত্ৰী গতি শক্তি যোজনা’। শীঘ্ৰেই কাৰ্যকৰী কৰা হ’ব প্ৰধানমন্ত্ৰীৰ এই গতিশক্তি ৰাষ্ট্ৰীয় আন্তঃগাথনি মাষ্টাৰপ্লেন। দেশৰ যুৱপ্ৰজন্মৰ কৰ্মসংস্থাপনৰ ক্ষেত্ৰত বিশেষ ভূমিকা পালন কৰিব ‘প্ৰধানমন্ত্ৰী গতি শক্তি যোজনা’ই। ১০০ লাখ কোটিৰ অধিক ব্যয় সাপেক্ষে প্ৰৱৰ্তন কৰিছে এই যোজনা। দেশত আন্তঃগাথনি তথা অৰ্থব্যৱস্থাৰ উন্নয়নৰ ক্ষেত্ৰত সহায় আগবঢ়াব প্ৰধানমন্ত্ৰীৰ এই মাষ্টাৰ প্লেনৰ জৰিয়তে। এই যোজনাৰ অধীনত দেশে উৎপাদন কৰা সামগ্ৰীসমূহ প্ৰচাৰ আৰু প্ৰসাৰ কৰিব ভাৰতে। ইয়াৰ জৰিয়তে ক্ষুদ্ৰ, লঘু আৰু কুটীৰ উদ্যোগক সহযোগিতা আগবঢ়াব। যাতায়াত ব্যৱস্থাৰ উন্নয়ন সাধনৰ বাবে আন্তঃগাথনিৰ বিকাশৰ লক্ষ্য কৰা হৈছে এই আঁচনিৰ অধীনত। সুচল যাতায়াত-যোগাযোগৰ বাবে ৭৫ সপ্তাহত ৭৫খন ৰে’ল ভাৰতৰ বিভিন্ন প্ৰান্তত মুকলি কৰিব ‘প্ৰধানমন্ত্ৰী গতি শক্তি যোজনা’ৰ অধীনত।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ