• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ক’ৰোনাক লৈ কোনে কিয় সৃষ্টি কৰিছে অধিক শংকা?

ক’ৰোনাক লৈ কোনে কিয় সৃষ্টি কৰিছে অধিক শংকা?

6 years ago
কাইলৈৰ ৰাশিফলঃ দেওবাৰে সূৰ্যৰ গোচৰ, শুভ ফল পাব এই ৫ৰাশিৰ জাতকে

কাইলৈৰ ৰাশিফলঃ দেওবাৰে সূৰ্যৰ গোচৰ, শুভ ফল পাব এই ৫ৰাশিৰ জাতকে

9 hours ago
পোষ্ট অফিচৰ এই স্কিমত ১৫০০০ টকাকৈ জমা কৰিলে পাব ২৫ লাখ টকা, জানি থওক হিচাপ

পোষ্ট অফিচৰ এই স্কিমত ১৫০০০ টকাকৈ জমা কৰিলে পাব ২৫ লাখ টকা, জানি থওক হিচাপ

11 hours ago
মালব্য ৰাজযোগৰ সৈতে জোঁট বান্ধিব শুক্ৰাদিত্য ৰাজযোগে, নতুন সপ্তাহত ৰজাৰ আসনত বহিব ৫ৰাশি

মালব্য ৰাজযোগৰ সৈতে জোঁট বান্ধিব শুক্ৰাদিত্য ৰাজযোগে, নতুন সপ্তাহত ৰজাৰ আসনত বহিব ৫ৰাশি

11 hours ago
এদিন পাছতেই তৈয়াৰ হ’ব পাৱাৰফুল ত্ৰিগ্ৰহী যোগ, ঘৰ, বাহন সকলো লাভ হ’ব ৩ৰাশিৰ

এদিন পাছতেই তৈয়াৰ হ’ব পাৱাৰফুল ত্ৰিগ্ৰহী যোগ, ঘৰ, বাহন সকলো লাভ হ’ব ৩ৰাশিৰ

12 hours ago
মাৰ্চৰ শেষত অৰ্থযোগ, শুক্ৰৰ কৃপাত মালামাল হ’ব এই ৫ৰাশিৰ জাতক-জাতিকা

মাৰ্চৰ শেষত অৰ্থযোগ, শুক্ৰৰ কৃপাত মালামাল হ’ব এই ৫ৰাশিৰ জাতক-জাতিকা

13 hours ago
পোষ্ট অফিচৰ এই স্কিমত ২লাখ বিনিয়োগ কৰিলে ৯০০০০ লাভ, জানি থওক হিচাপ

পোষ্ট অফিচৰ এই স্কিমত ২লাখ বিনিয়োগ কৰিলে ৯০০০০ লাভ, জানি থওক হিচাপ

14 hours ago
২৫ মাৰ্চৰ পৰা বুধ দক্ষিণমাৰ্গী হ’ব, কেৰিয়াৰত বৃহৎ সাফল্য পাব এই ৫ৰাশিৰ জাতকে

২৫ মাৰ্চৰ পৰা বুধ দক্ষিণমাৰ্গী হ’ব, কেৰিয়াৰত বৃহৎ সাফল্য পাব এই ৫ৰাশিৰ জাতকে

15 hours ago
সোনম ৱাংচুকক মুক্তি দিলে কেন্দ্ৰই! ছমাহ পাছত মুক্তি লাভ লাডাখৰ পৰিবেশ কৰ্মী সোনম ৱাংছুকৰ

সোনম ৱাংচুকক মুক্তি দিলে কেন্দ্ৰই! ছমাহ পাছত মুক্তি লাভ লাডাখৰ পৰিবেশ কৰ্মী সোনম ৱাংছুকৰ

15 hours ago
১৪ এপ্ৰিলৰ পৰা ৫ৰাশিৰ চমকিব ভাগ্য, সূৰ্যৰ গোচৰত ধনলাভ কৰিব এইকেইটা ৰাশিয়ে

১৪ এপ্ৰিলৰ পৰা ৫ৰাশিৰ চমকিব ভাগ্য, সূৰ্যৰ গোচৰত ধনলাভ কৰিব এইকেইটা ৰাশিয়ে

16 hours ago
মোবাইল ৰিচাৰ্জতো টেক্স! ২৪৯, ২৯৯ টকাৰ ৰিচাৰ্জ বাঢ়ি কিমান হ’ব, চৰকাৰৰ ১ জিবি ডাটাতো টেক্স লগোৱাৰ চিন্তা-চৰ্চা

মোবাইল ৰিচাৰ্জতো টেক্স! ২৪৯, ২৯৯ টকাৰ ৰিচাৰ্জ বাঢ়ি কিমান হ’ব, চৰকাৰৰ ১ জিবি ডাটাতো টেক্স লগোৱাৰ চিন্তা-চৰ্চা

1 day ago
কেইবাগৰাকীও বয়ফ্ৰেণ্ড, বিচ্ছেদৰো সীমা নাই! ভাঙিছে ২ ক্ৰিকেটাৰৰ মনো, এতিয়া ১২০ কোটিৰ মালিক কোন এই জনপ্ৰিয় বলীউড অভিনেত্ৰী?

কেইবাগৰাকীও বয়ফ্ৰেণ্ড, বিচ্ছেদৰো সীমা নাই! ভাঙিছে ২ ক্ৰিকেটাৰৰ মনো, এতিয়া ১২০ কোটিৰ মালিক কোন এই জনপ্ৰিয় বলীউড অভিনেত্ৰী?

1 day ago
জোঁট বান্ধিব শনি-মঙ্গলে, অশুভ প্ৰভাৱ নেওচি সৌভাগ্যৰে উজলি উঠিব এই ৫ৰাশি

জোঁট বান্ধিব শনি-মঙ্গলে, অশুভ প্ৰভাৱ নেওচি সৌভাগ্যৰে উজলি উঠিব এই ৫ৰাশি

2 days ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, March 15, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

ক’ৰোনাক লৈ কোনে কিয় সৃষ্টি কৰিছে অধিক শংকা?

ক’ৰোনা, কৰ্ণ ইত্যাদি...

editor by editor
July 12, 2020
in অসম, ক'ভিড-১৯, লেখা
0
ক’ৰোনাক লৈ কোনে কিয় সৃষ্টি কৰিছে অধিক শংকা?
99
SHARES
373
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

‘গোটেই জীৱন মই দান কৰিছো। মোৰ আৰ্জিত সম্পত্তি বুলিবলৈ একো নাই। সকলো সা-সম্পত্তি দৰিদ্ৰ-পীড়িতক মই বিলাই দিছো।’ বেদব্যাস ৰচিত মহাভাৰতৰ এটা গুৰুত্বপূৰ্ণ চৰিত্ৰ কৰ্ণই কুৰুক্ষেত্ৰ যুদ্ধৰ মাজত কৃষ্ণৰ সৈতে হোৱা কথোপকথনত এনেদৰে কৈছিল। কুৰুক্ষেত্ৰ যুদ্ধত কৰ্ণই কৌৰৱৰ বাবে নহয়, আচলতে ৰজা পতাৰ চিন স্বৰূপে দুৰ্যোধনৰ প্ৰতি থকা কৃতজ্ঞতাৰ বাবেহে তেওঁক বিজয়ী কৰাবলৈ ৰণত নামিছিল। কৰ্ণক বিভিন্ন সময়ত বিভিন্নজনে মহাৰথী আখ্যা দিছে। অথচ ১৮ দিনীয়া মহাভাৰতৰ যুদ্ধত সেনাপতি হিচাপে কৰ্ণই যুঁজ কৰিছিল মাত্ৰ এদিন। কৰ্ণই যেতিয়া শ্ৰীকৃষ্ণক তেওঁৰ দানৰ কথা কৈ গৌৰৱ কৰিছিল আৰু শ্ৰীকৃষ্ণৰ পৰা প্ৰশংসা বুটলাৰ চেষ্টা চলাইছিল, তেতিয়া শ্ৰীকৃষ্ণই কৈছিল- দান কৰাটো পুণ্য। কিন্তু বহুক্ষেত্ৰত দান কৰাৰ ফলত দাতাৰহে মান-যশ বৃদ্ধি পায়। ইয়াৰ বিপৰীতে দান লোৱাজন সদায় গ্ৰহণ কৰাৰ শাৰীতে অৱহেলিত হৈ থাকে। কৰ্ণই জীৱনত দান দি মান-যশ আৰু গৌৰৱৰ অধিকাৰী হোৱাৰ বিপৰীতে দান গ্ৰহণ কৰা সেই লোকসকল সদায় আনৰ পৰা গ্ৰহণ কৰা দৰিদ্ৰৰ শাৰীতে থাকি গ’ল। অৰ্থাৎ দান গ্ৰহণ কৰা বা দান ল’বলৈ বাধ্য হোৱা শ্ৰেণীটোৰ জীৱনৰ কোনো পৰিৱৰ্তন কেতিয়াও হোৱা নাই। ইয়াত যদি আমি কৰ্ণৰ জীৱনৰ শ্ৰেষ্ঠ দান হিচাপে তেওঁৰ কৱচ কুণ্ডলৰ কথা কওঁ, তেনেহ’লে দান গ্ৰহণ কৰা হিন্দু ধৰ্মৰ এজন দেৱতা ইন্দ্ৰ আজীৱন আনৰ পৰা লোৱাৰ স্বভাৱৰো কোনো পৰিৱৰ্তন নহ’ল। আনকি গোবৰ্ধন পৰ্বতক দিয়া গকুলবাসীৰ ভোগখিনিৰ প্ৰতিও ইন্দ্ৰৰ লালসা দেখিবলৈ পাওঁ। এনেদৰে যুগে যুগে দানীসকলক প্ৰশংসাৰে ওপচাই অহাৰ বিপৰীতে দানৰ বাবে শাৰী পতাসকল সদায় অৱহেলিত হৈয়ে থাকিল।

দান-অনুদান

ক’ৰোনাৰ এই ভয়ংকৰ দুৰ্যোগৰ সময়ত ভাৰতৰ অৰ্থনৈতিক অৱস্থা একেবাৰে বিধ্বস্ত। ভাৰতৰ এখন অংগৰাজ্য অসমৰ গৰিষ্ঠসংখ্যক লোকৰ এতিয়া দুবেলা-দুমুঠি খাই জীয়াই থকাটোৱেই জীৱনৰ একমাত্ৰ সমস্যা হৈ পৰিছে। জীৱনৰ অৰ্থ এতিয়া এমুঠি ভাততে সীমাবদ্ধ। ইয়াতকৈ বেলেগ কথা চিন্তা কৰাৰ কোনো অৱকাশেই এতিয়া মানুহৰ নাই। আনকি এনেকুৱা হৈছে যে ঘৰখনৰ জীৱন-জীৱিকাৰ একমাত্ৰ সম্বল হৈ থকা এখন সাধাৰণ দোকান চাৰি মাহ ধৰি অব্যাহত থকা তলাবন্ধত অচল হৈ পৰি আছে। কৰ্মহীন হৈ পৰিছে মানুহবোৰ। কৰ্মহীন মানুহ উপাৰ্জনহীন হৈয়ো পৰে। এনেকুৱা এক ভয়ংকৰ পৰিৱেশ কেউপিনে বিৰাজ কৰিছে। ইয়াৰ মাজতে চৰকাৰ আৰু কিছুমান সংবাদ মাধ্যমে ক’ৰোনাক লৈ সৰ্বসাধাৰণ নাগৰিকৰ মাজত আতংক বিয়পাইছে। যিকোনো ৰোগৰ বিৰুদ্ধে মানুহক সজাগ কৰাৰ সলনি মানুহক আতংকিত কৰি এওঁলোকে কিয় মুনাফা লুটিব বিচাৰিছে বাৰু? আতংকত দিন কটোৱা মানুহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা কমি যায়। বিপৰীতে মধুমেহ, উচ্চ ৰক্তচাপ, হৃদৰোগৰ মাত্ৰা বৃদ্ধি পায়। আচলতে টেনচনত থকা লোকক সকলো ৰোগে খুলি খুলি খায়।

কৰ্ণই বসুদেৱৰ সন্মুখত সগৌৰৱে দান দিয়াৰ কথা যেতিয়া কৈছিল, তেতিয়া কৃষ্ণই কৈছিল- ইয়াৰ ফলত পুণ্য অৰ্জন কৰিছে দান দিওঁতা কৰ্ণই। দান লোৱা লোকসকলৰ কোনো পুন্য হোৱা নাই। তদুপৰি দুৰ্যোধনৰ দৰে অধৰ্মী, প্ৰতিশোধপৰায়ণ, পৰস্ত্ৰীৰ প্ৰতি লোলুপ দৃষ্টি দিয়া আৰু দুৰ্যোধনৰ সংগ দিয়া কৰ্ণৰ জীৱনৰ সমস্ত পুণ্য নিমিষতে পাপলৈ ৰূপান্তৰিত হৈছিল। কৰ্ণৰ জীৱনৰ দুটা অন্যায় তথা অপকৰ্ম আছিল- কৌৰৱৰ ৰাজসভাত দুৰ্যোধন, দুশাসনে ৰজস্বলা দ্ৰৌপদীক বস্ত্ৰহৰণ কৰি নাঙঠ কৰিবলৈ বিচৰা কাৰ্যক কৰ্ণই সমৰ্থন কৰিছিল। দ্বিতীয়তে, ভাতৃৰ সন্তান তথা দুজনকৈ আপোন ভতিজা বুলি জনাৰ পাছতো কিশোৰ অভিমন্যু আৰু ঘটোৎকচক অন্যায়ভাৱে হত্যা কৰিছিল।

দানে দানীক মহৎ কৰাৰ বিপৰীতে দানৰ অপেক্ষাত থকাজনক হেয় কৰে। ইমানবোৰ অপকৰ্মৰ পাছতো একমাত্ৰ দানৰ কথা কৈয়ে কৰ্ণক আজিও মহান সজোৱা হয়। তথাপি মহাভাৰতৰ এই চৰিত্ৰটো বিভিন্ন সময়ত গুৰু আৰু মাতৃৰ দ্বাৰা অৱহেলিত হোৱাৰ কথা অস্বীকাৰ কৰিব নোৱাৰি। দুৰ্যোধনে সূতপুত্ৰ বুলি জানিও কৰ্ণক অংগৰাজ্যৰ ৰজা পতা মানে এইটো নুবুজায় যে সমস্ত হস্তিনাপুৰৰ অৱহেলিত, নিষ্পেষিত আৰু বঞ্চিতসকলক ন্যায় দিবৰ বাবে ধৃতৰাষ্ট্ৰৰ পুত্ৰই সংগ্ৰাম কৰিছিল। পাণ্ডৱৰ প্ৰতি থকা কৰ্ণৰ বিদ্বেষকে দুৰ্যোধনে নিজৰ স্বাৰ্থত ব্যৱহাৰ কৰিবলৈ কৰ্ণক ৰজা পাতিছিল বুলি ক’ব নোৱাৰি জানো?

স্বাভিমান

যিয়েই নহওক, আজিৰ এই পৰিস্থিতিত দান আৰু দানীক লৈ পুনৰ চৰ্চা হৈছে। সম্প্ৰতি কেন্দ্ৰীয় চৰকাৰে ক’ৰোনা মহামাৰী আৰু তলাবন্ধত সৰ্বস্ব হেৰুওৱা মানুহক সহায় কৰিবলৈ আগবাঢ়ি আহিছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ঘোষণা কৰিছে। তলাবন্ধই ভাৰতত ক’ৰোনা ৰোগীৰ সংখ্যা বৃদ্ধি কৰাত অৰিহণা যোগাইছে। অৰ্থাৎ তলাবন্ধই ক’ৰোনা ৰোগীৰ সংখ্যা কমাব পৰা নাই। দেশজুৰি বিধ্বস্ত অথনীতিয়ে সকলোকে চিন্তিত কৰি তুলিছে। কেনেকৈ ভাতমুঠি যোগাৰ কৰিব তাৰ চিন্তাই এতিয়া দেশৰ ৮০ শতাংশ মানুহৰ মনবোৰ খুলি খুলি খাইছে। প্ৰধানমন্ত্ৰীয়ে নিজেই ঘোষণা কৰিছে যে ভাৰতৰ ৮০ কোটি মানুহ দৰিদ্ৰ সীমাৰেখাৰ তলত বাস কৰে। এতিয়া তলাবন্ধই ভাৰতৰ ১৩০ কোটি মানুহৰ ১২০ কোটিৰে জীৱনৰ নিশ্চয়তা নোহোৱা কৰিছে। এই মুহূৰ্তত প্ৰধানমন্ত্ৰীয়ে সগৌৰৱে টিভিৰ সন্মুখলৈ আহি আৰু তিনি মাহলৈ ৫ কিলোগ্ৰাম চাউল আৰু এক কিলোগ্ৰামকৈ দাইল দিয়াৰ কথা ঘোষণা কৰিছে। প্ৰধানমন্ত্ৰীৰ ঘোষণাই বহু স্বাভিমানী লোকক লাজ দিছে। নিজে শ্ৰম কৰি দুবেলা দুমুঠি ভাতৰ যোগাৰ কৰা লোকে চৰকাৰী অনুদান ল’বলৈ লাজ পায়। এইটোও ঠিক প্ৰধানমন্ত্ৰীৰ এই চাউল-দাইলৰ টোপোলাটোৰ ওপৰত নিৰ্ভৰ কৰা মানে নিজৰ অসমৰ্থতা স্বীকাৰ কৰি লোৱা। দুৰ্দশাগ্ৰস্ত লোকক চাউল-দাইল দি প্ৰধানমন্ত্ৰীয়ে প্ৰশংসা বুটলিছে যদিও ইয়াৰ বিপৰীতে এনেকুৱা দান, সাহায্য গ্ৰহণ কৰিবলৈ বাধ্য হোৱা তথা আত্মসন্মান থকা আৰু নিজেই নিজৰ মালিক বুলি ভবা বহু লোক লজ্জিত হোৱাৰ যুক্তি আছে। জীৱনত কোনোদিন কাৰো ওচৰত হাত নপতাকৈ জীয়াই থকা আৰু জীয়াই থাকিব বিচৰা মানুহৰ সংখ্যা কম হ’ব পাৰে! কিন্তু এনেকুৱা স্বাভিমানী আৰু আত্মসন্মানেৰে জীয়াই থাকিব বিচৰা মানুহ প্ৰজন্মৰ পাছত প্ৰজন্মৰ বাবে আদৰ্শ হৈ থাকিব। আমি মানি ল’ব লাগিব যে প্ৰধানমন্ত্ৰীয়ে কেই কিলোগ্ৰামমান চাউল, দাইল দিয়াৰ অৰ্থ এইটো নহয় যে ইয়াৰ বাবে হাত পতা মানুহখিনিৰ সমস্যা শেষ হৈ গ’ল। সমস্যাৰ মাজত মানুহক জীয়াই ৰাখি আজীৱন চৰকাৰী অনুদানৰ ওপৰত নিৰ্ভৰশীল কৰি ৰখাটোৱে ৰাজনীতিকৰ ৰাজনীতি। এই ৰাজনীতি ওফৰাবলৈ সক্ষম হোৱা মানে মানুহ স্বাধীন চিন্তাৰ গৰাকী হ’বলৈ সক্ষম হোৱা। তথাপি দানবীৰ কৰ্ণ আৰু ৰাইজৰ কৰৰ টকাৰে চাউল-দাইলৰ পেকেজৰ গৰাকী হোৱা প্ৰধানমন্ত্ৰীৰ মাজত আকাশ-পাতাল পাৰ্থক্য।

(লেখক জিতুমণি বৰা জ্যেষ্ঠ সাংবাদিক)

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24jitumoni bora
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

২৫ মাৰ্চৰ পৰা বুধ দক্ষিণমাৰ্গী হ’ব, কেৰিয়াৰত বৃহৎ সাফল্য পাব এই ৫ৰাশিৰ জাতকে
জীৱনশৈলী

২৫ মাৰ্চৰ পৰা বুধ দক্ষিণমাৰ্গী হ’ব, কেৰিয়াৰত বৃহৎ সাফল্য পাব এই ৫ৰাশিৰ জাতকে

March 14, 2026
ছুপ্ৰিম কৰ্টৰ ডাঙৰ পৰ্যবেক্ষণ…ঋতুকালীন ছুটি বাধ্যতামূলক হ’লে মহিলাই কৰ্মসংস্থাপন হেৰুৱাব!
জীৱনশৈলী

ছুপ্ৰিম কৰ্টৰ ডাঙৰ পৰ্যবেক্ষণ…ঋতুকালীন ছুটি বাধ্যতামূলক হ’লে মহিলাই কৰ্মসংস্থাপন হেৰুৱাব!

March 13, 2026
পেনিক নহ’ব, অন্যকো পেনিক নকৰিব! দেশত তেল, গেছ পৰ্যাপ্ত পৰিমাণে মজুত আছেঃ পেট্ৰোলিয়াম মন্ত্ৰী হৰদ্বীপ সিং পুৰী
বিবিধ

পেনিক নহ’ব, অন্যকো পেনিক নকৰিব! দেশত তেল, গেছ পৰ্যাপ্ত পৰিমাণে মজুত আছেঃ পেট্ৰোলিয়াম মন্ত্ৰী হৰদ্বীপ সিং পুৰী

March 12, 2026
ইৰানক ধ্বংসস্তুপত পৰিণত কৰিছে আমেৰিকাই, এইবাৰ ইৰানৰ লক্ষ্য Google, Microsoft, Amazon, বিশ্বজুৰি বৃহৎ সংকটৰ আশংকা
জীৱনশৈলী

ইৰানক ধ্বংসস্তুপত পৰিণত কৰিছে আমেৰিকাই, এইবাৰ ইৰানৰ লক্ষ্য Google, Microsoft, Amazon, বিশ্বজুৰি বৃহৎ সংকটৰ আশংকা

March 12, 2026
Next Post
অখিলৰ স্বাস্থ্য সন্দৰ্ভত কি ক’লে GMCHৰ অধীক্ষক ডাঃ অভিজিত শৰ্মাই?

অখিলৰ স্বাস্থ্য সন্দৰ্ভত কি ক'লে GMCHৰ অধীক্ষক ডাঃ অভিজিত শৰ্মাই?

ইমান কষ্ট পাইছোঁঃ অখিল গগৈ

ইমান কষ্ট পাইছোঁঃ অখিল গগৈ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.