• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বিৱাহ মানে স্বাধীনতাৰ অন্ত নেকি? পত্নীৰ সন্মতি অবিহনে শাৰীৰিক সম্পৰ্ক ধ*ৰ্ষণৰ সমতুল্য নেকি?

বিৱাহ মানে স্বাধীনতাৰ অন্ত নেকি? পত্নীৰ সন্মতি অবিহনে শাৰীৰিক সম্পৰ্ক ধ*ৰ্ষণৰ সমতুল্য নেকি?

3 weeks ago
নিৰ্বাচনী প্ৰচাৰ সভাত মহাভুল কৰি বিপদত চৰকাৰী কৰ্মচাৰীয়ে

নিৰ্বাচনী প্ৰচাৰ সভাত মহাভুল কৰি বিপদত চৰকাৰী কৰ্মচাৰীয়ে

2 hours ago
এই ৪টা ৰাশিৰ জীৱনলৈ আহিব সুখবৰ

এই ৪টা ৰাশিৰ জীৱনলৈ আহিব সুখবৰ

4 hours ago
বলীউডৰ অভিনেতা ডিনো মাৰিয়াক গ্ৰেপ্তাৰ

বলীউডৰ অভিনেতা ডিনো মাৰিয়াক গ্ৰেপ্তাৰ

4 hours ago
যুৱতীক বিবস্ত্ৰ কৰি প্ৰহাৰ, মূৰত ১৩টাকৈ চিলাই

যুৱতীক বিবস্ত্ৰ কৰি প্ৰহাৰ, মূৰত ১৩টাকৈ চিলাই

5 hours ago
এইবাৰ দুৰ্গাপূজাত ভুলতো নকৰিব এইকেইটা কাম

এইবাৰ দুৰ্গাপূজাত ভুলতো নকৰিব এইকেইটা কাম

5 hours ago
হিটলাৰলৈ মহাত্মা গান্ধীয়ে লিখিছিল দুখনকৈ চিঠি

হিটলাৰলৈ মহাত্মা গান্ধীয়ে লিখিছিল দুখনকৈ চিঠি

6 hours ago
মাতৃক হ*ত্যা কৰি নাবালকৰ আৰক্ষীলৈ ফোন

মাতৃক হ*ত্যা কৰি নাবালকৰ আৰক্ষীলৈ ফোন

7 hours ago
শুকুৰবাৰে ১০৮ বাৰ জপ কৰক লক্ষ্মী মন্ত্ৰ

শুকুৰবাৰে ১০৮ বাৰ জপ কৰক লক্ষ্মী মন্ত্ৰ

8 hours ago
মহিলাৰ বাবে বিনামূলীয়া বাছসেৱা

মহিলাৰ বাবে বিনামূলীয়া বাছসেৱা

9 hours ago
গান্ধী জয়ন্তীত কিয় DRY DAY ঘোষণা কৰা হয়?

গান্ধী জয়ন্তীত কিয় DRY DAY ঘোষণা কৰা হয়?

9 hours ago
শীঘ্ৰেই দ্বিতীয় ৰাউণ্ডত ভৰি দিব নেকি স্বৰ্ণকন্যা লাভলীনাই?

শীঘ্ৰেই দ্বিতীয় ৰাউণ্ডত ভৰি দিব নেকি স্বৰ্ণকন্যা লাভলীনাই?

9 hours ago
চীনক পূৰ্ণশক্তিৰ ঘোচা শোধাই অসমকন্যাৰ স্বৰ্ণজয়

চীনক পূৰ্ণশক্তিৰ ঘোচা শোধাই অসমকন্যাৰ স্বৰ্ণজয়

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, October 2, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

বিৱাহ মানে স্বাধীনতাৰ অন্ত নেকি? পত্নীৰ সন্মতি অবিহনে শাৰীৰিক সম্পৰ্ক ধ*ৰ্ষণৰ সমতুল্য নেকি?

এই সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে কি কয়? কি স্থিতি কেন্দ্ৰীয় চৰকাৰৰ?

editor by editor
September 10, 2026
in বিবিধ, ভাৰত, লেখা
0
বিৱাহ মানে স্বাধীনতাৰ অন্ত নেকি? পত্নীৰ সন্মতি অবিহনে শাৰীৰিক সম্পৰ্ক ধ*ৰ্ষণৰ সমতুল্য নেকি?
0
SHARES
267
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বৈৱাহিক ধ*ৰ্ষণক অপৰাধ হিচাপে গণ্য কৰা হ’ব নে নহয়, এই গুৰুত্বপূৰ্ণ বিষয়ত উচ্চতম ন্যায়ালয়ে শুনানি গ্ৰহণ কৰিছে। শুনানিৰ সময়ত আদালতে এক গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্থাপন কৰে—বিৱাহৰ পাছত এগৰাকী মহিলাৰ ব্যক্তিগত স্বাধীনতা শেষ হৈ যায় নেকি? বৈৱাহিক ধ*ৰ্ষণক অপৰাধৰ আওতালৈ অনাৰ দাবীত দাখিল হোৱা কেইবাটাও আবেদনৰ শুনানি উচ্চতম ন্যায়ালয়ত চলি আছে। এই গোচৰসমূহৰ ভিতৰত তিনিটা গোচৰত জ্যেষ্ঠ অধিবক্তা কৰুণা নুণ্ডীয়ে আদালতৰ সন্মুখত যুক্তি আগবঢ়ায়।

কৰুণা নুণ্ডীয়ে আদালতক জনায় যে বৈৱাহিক ধ*ৰ্ষণ সম্পৰ্কীয় গোচৰসমূহৰ এখন তালিকা প্ৰস্তুত কৰা হৈছে আৰু তেওঁ তিনিটা গোচৰত পক্ষৰ হৈ হাজিৰ হৈছে। ইয়াৰে এটা গোচৰক মূল বিষয় হিচাপে গণ্য কৰা হৈছিল। ইয়াৰ পাছতে জ্যেষ্ঠ অধিবক্তা গোপাল শংকৰানাৰায়ণনে এটা বিশেষ গোচৰৰ কথা উল্লেখ কৰে। তেওঁৰ মতে, এই গোচৰটো আন গোচৰসমূহৰ পৰা কিছু পৃথক। কাৰণ, ইয়াত ইতিমধ্যে এখন FIR দাখিল কৰা হৈছে আৰু সেই FIR বাতিল কৰাৰ বাবে আবেদন কৰা হৈছে। আনহাতে, আন গোচৰসমূহ মূলতঃ বৈৱাহিক ধ*ৰ্ষণ সম্পৰ্কীয় আইনৰ বৈধতা আৰু সাংবিধানিক প্ৰশ্নৰ সৈতে জড়িত। সেয়েহে বিশেষ গোচৰটো প্ৰথমে পৃথকভাৱে বিবেচনা কৰাটো উচিত বুলি তেওঁ আদালতৰ সন্মুখত মত প্ৰকাশ কৰে।

শুনানিৰ সময়ত উচ্চতম ন্যায়ালয়ে স্পষ্ট কৰে যে বিৱাহে এগৰাকী মহিলাৰ ব্যক্তিগত স্বাধীনতা শেষ কৰি নিদিয়ে। কিন্তু বৈৱাহিক ধৰ্ষণক অপৰাধ হিচাপে গণ্য কৰি গোচৰ চলাব পাৰিব নে নাই, সেই বিষয়ত আদালতে বৰ্তমানৰ আইনী ব্যৱস্থাসমূহো পৰীক্ষা কৰিব লাগিব। ন্যায়াধীশ সূৰ্যকান্তৰ নেতৃত্বত গঠিত বিচাৰপীঠে বিষয়টোৰ চূড়ান্ত শুনানি আগন্তুক সময়ত বুধবাৰ আৰু বৃহস্পতিবাৰে গ্ৰহণ কৰাৰ বাবে তালিকাভুক্ত কৰাৰ নিৰ্দেশ দিছে।

উচ্চতম ন্যায়ালয়ে এই গোচৰত মূলতঃ দুটা গুৰুত্বপূৰ্ণ বিষয় পৰীক্ষা কৰিব। প্ৰথমতে, বৰ্তমানৰ আইনী ব্যতিক্ৰমসমূহ বাহাল থকাৰ সময়ত বৈৱাহিক ধ*ৰ্ষণৰ অভিযোগত কোনো ব্যক্তিৰ বিৰুদ্ধে গোচৰ চলাব পাৰি নে নাই। দ্বিতীয়তে, বৈৱাহিক ধৰ্ষণৰ ক্ষেত্ৰত থকা সেই আইনী ব্যতিক্ৰমসমূহ নিজেই সংবিধানসন্মত নে নহয়। আদালতে লগতে এই কথাও পৰীক্ষা কৰিব যে কোনো কামক আইনে অপৰাধৰ সংজ্ঞাৰ পৰা স্পষ্টভাৱে বাদ দিলে, ন্যায়িক ব্যাখ্যাৰ জৰিয়তে সেই কামক পুনৰ অপৰাধৰ আওতালৈ আনিব পাৰি নে নাই। ন্যায়াধীশ জয়মল্য বাগচিয়েও শুনানিৰ সময়ত গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্থাপন কৰে। তেওঁৰ মতে, যেতিয়া কোনো অপৰাধক আইনে নিৰ্দিষ্টভাৱে সংজ্ঞায়িত কৰিছে, তেনে ক্ষেত্ৰত এজন ব্যক্তিৰ কোনো আচৰণৰ বাবে তেওঁক কেনেদৰে শাস্তি দিয়া হ’ব, সেই বিষয়টোও বিবেচনা কৰিব লাগিব।

ইপিনে, বৈৱাহিক ধ*ৰ্ষণক অপৰাধ হিচাপে গণ্য কৰাৰ দাবীৰ কেন্দ্ৰীয় চৰকাৰে তীব্ৰ বিৰোধিতা কৰিছে। উচ্চতম ন্যায়ালয়ত দাখিল কৰা ৪৯ পৃষ্ঠাৰ শপতনামাত কেন্দ্ৰই নিজৰ স্থিতি স্পষ্ট কৰিছে। চৰকাৰৰ মতে, ভাৰতত বৈৱাহিক ধ*ৰ্ষণক পৃথক অপৰাধ হিচাপে গণ্য কৰাৰ প্ৰয়োজন নাই। অৱশ্যে চৰকাৰে এই কথাও স্বীকাৰ কৰিছে যে কোনো স্বামীৰে পত্নীৰ সন্মতি উলংঘা কৰাৰ অধিকাৰ নাই। কিন্তু কেন্দ্ৰীয় চৰকাৰৰ যুক্তি হৈছে, এনে আচৰণক আইনগতভাৱে ‘ধৰ্ষণ’ হিচাপে সংজ্ঞায়িত কৰি অপৰাধ হিচাপে গণ্য কৰাটো বিৱাহ নামৰ সামাজিক প্ৰতিষ্ঠানৰ প্ৰতি অত্যধিক কঠোৰ আৰু অসামঞ্জস্যপূৰ্ণ ব্যৱস্থা হ’ব পাৰে।

এতিয়া মূল প্ৰশ্ন হৈছে—বিবাহৰ সম্পৰ্কৰ ভিতৰতো এগৰাকী মহিলাৰ সন্মতি আৰু ব্যক্তিগত স্বাধীনতাৰ সম্পূৰ্ণ আইনী সুৰক্ষা থাকিব লাগে নে নাই? এই গুৰুত্বপূৰ্ণ সাংবিধানিক আৰু আইনী প্ৰশ্নৰ ওপৰত উচ্চতম ন্যায়ালয়ৰ আগন্তুক শুনানিৰ ফলাফলৰ ওপৰত এতিয়া সকলোৰে দৃষ্টি নিবদ্ধ হৈ আছে।

এই প্ৰতিবেদন যুগুতাইছে মানসজ্যোতিয়ে

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24marriagemarriage rape
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

নিৰ্বাচনী প্ৰচাৰ সভাত মহাভুল কৰি বিপদত চৰকাৰী কৰ্মচাৰীয়ে
অসম

নিৰ্বাচনী প্ৰচাৰ সভাত মহাভুল কৰি বিপদত চৰকাৰী কৰ্মচাৰীয়ে

October 2, 2026
এই ৪টা ৰাশিৰ জীৱনলৈ আহিব সুখবৰ
জীৱনশৈলী

এই ৪টা ৰাশিৰ জীৱনলৈ আহিব সুখবৰ

October 2, 2026
বলীউডৰ অভিনেতা ডিনো মাৰিয়াক গ্ৰেপ্তাৰ
বিনোদন

বলীউডৰ অভিনেতা ডিনো মাৰিয়াক গ্ৰেপ্তাৰ

October 2, 2026
যুৱতীক বিবস্ত্ৰ কৰি প্ৰহাৰ, মূৰত ১৩টাকৈ চিলাই
অসম

যুৱতীক বিবস্ত্ৰ কৰি প্ৰহাৰ, মূৰত ১৩টাকৈ চিলাই

October 2, 2026
Next Post
আহি আছে বুধৰ গোচাৰ, এই ৪ ৰাশিৰ লোকৰ ‘ৰাজযোগ’ হ’ব আৰম্ভ

আহি আছে বুধৰ গোচাৰ, এই ৪ ৰাশিৰ লোকৰ 'ৰাজযোগ' হ'ব আৰম্ভ

জন্মদিনৰ পাৰ্টিৰ বাবে টনা বিদ্যুতৰ তাঁৰত লাগি মহিলাৰ মৃ*ত্যু

জন্মদিনৰ পাৰ্টিৰ বাবে টনা বিদ্যুতৰ তাঁৰত লাগি মহিলাৰ মৃ*ত্যু

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.