অসম লাইভ ২৪ঃ শীঘ্ৰেই ৰেচনৰ দোকানত উপলব্ধ হ’ব LPG ছিলিণ্ডাৰ৷ ৰেচনৰ দোকানৰ মাধ্যমেৰে অৰ্থিক সেৱা আৰু ঘৰুৱা চিলিণ্ডাৰ বিক্ৰী সন্দৰ্ভত কেন্দ্ৰই আৰম্ভ কৰিছে চিন্তা-চৰ্চা৷ গ্ৰাহকে সৰু ঘৰুৱা ছিলিণ্ডাৰ ক্ৰয় কৰিব পাৰিব ৰেচনৰ দোকানৰ পৰা৷ ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত এই আঁচনিৰ জৰিয়তে সুবিধা লাভ কৰিব দেশৰ ৮০ কোটি হিতাধিকাৰীয়ে৷ বুধবাৰে এই কথা সদৰী কৰে সচিব সুধাংশু পাণ্ডেই৷ কেন্দ্ৰীয় চৰকাৰৰ আন্তঃৰাজ্যিক পৰ্যায়ত অনুষ্ঠিত হোৱা এক অনুষ্ঠানত পাণ্ডেই সদৰী কৰে এই কথা৷ ভাৰ্চুৱেল অনুষ্ঠানত উপস্থিত থাকে OICL, BCPL, HPCLৰ প্ৰতিনিধি৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ















