অসম লাইভ ২৪ঃ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি মিত্ৰজোঁট চৰকাৰে গ্ৰহণ কৰা অভিলাসী আঁচনি, পৰিৱৰ্তন কামী সংস্কাৰ আদি কাৰ্যসূচীৰ প্ৰতি পূৰ্ণ সমৰ্থন জনাই আজি ঘোষিত হোৱা উপ নিৰ্বাচনৰ পাঁচোটা সমষ্টিতে অসমৰ ৰাইজে শাসনাধিষ্ঠিত দলটোৰ প্ৰাৰ্থীক বিপুল ভোটত বিজয়ী কৰাইছে। সৰ্বশক্তি প্ৰয়োগ কৰিও ব্যৰ্থ অখিল। অখিল গগৈৰ দৰ্প চূৰ্ণ হ’ল থাওৰাত। ক’ত হেৰাল অখিল গগৈৰ মূল্যবোধৰ ৰাজনীতি? কেৱল সংবাদ মাধ্যমতে সীমাবদ্ধ নেকি কংগ্ৰেছ? কিহৰ ভিত্তিত ভূপেন বৰাই জয়ৰ সপোন দেখিছে? চৰকাৰৰ ওপৰত জনতাই প্ৰকাশ কৰিলে গভীৰ আস্থা। অসম আৰু অসমীয়াই মনেপ্ৰাণে বিচাৰে ড০ হিমন্ত বিশ্ব শৰ্মাক। আনহাতে ৰাজনৈতিক পৰীক্ষাত ব্যৰ্থ হ’ল অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰা। ৰাইজে নস্যাৎ কৰিলে কংগ্ৰেছৰ আস্ফালন আৰু দাবী।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ