অসম লাইভ ২৪ঃ সুধাকণ্ঠবিহীন এটা দশক পাৰ কৰিলে অসমবাসীয়ে৷ সাগৰ সংগমত সাতুৰি-নাদুৰি ক্লান্ত নোহোৱা সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ ড০ ভূপেন হাজৰিকাক আজি দেশবাসীয়ে সুঁৱৰিছে৷ আজি অসমীয়াৰ হিয়াৰ আমঠু সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ দশম মৃত্যুবাৰ্ষিকী৷ মৃত্যুবাৰ্ষিকীত ৰাজ্যজুৰি স্মৰণ ভূপেন হাজৰিকাক৷ মৃত্যু দিৱসত ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে সমাধিক্ষেত্ৰত চৰকাৰৰ স্মৃতি তৰ্পণ, সৰ্বধর্ম সভা অনুষ্ঠান৷ দীঘলীপুখুৰী পাৰত আছুয়ে অনুষ্ঠিত কৰিছে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান৷ কায়িকভাৱে আমাৰ মাজত নাথাকিলেও প্ৰতিগৰাকী অসমীয়াৰ সত্তাত চিৰপ্ৰৱাহমান ড০ ভূপেন হাজৰিকা৷ তেওঁৰ অমৰ সৃষ্টিসমূহকলৈয়ে আগবঢ়াৰ সপোন অব্যাহত ৰাখিছে অসমীয়াই৷ সুৰৰ সোপানেৰে সংগীতৰ সমাজ গঢ়া ড০ ভূপেন হাজৰিকালৈ আমাৰ তৰফৰ পৰাও জনালো একাঁজলি শ্ৰদ্ধাঞ্জলি৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ