• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
assamese-language-and-char-chapori

অসমীয়া ভাষা আৰু অসমৰ চৰ-চাপৰিবাসী

4 years ago
কাইলৈৰ ৰাশিফলঃ ত্ৰি-একাদশী যোগৰ প্ৰভাৱ, বুদ্ধিৰে সকলোকে পিছ-পেলাব এই ৫ৰাশিৰ জাতকে

কাইলৈৰ ৰাশিফলঃ ত্ৰি-একাদশী যোগৰ প্ৰভাৱ, বুদ্ধিৰে সকলোকে পিছ-পেলাব এই ৫ৰাশিৰ জাতকে

1 week ago
চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?

চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?

1 week ago
ফেব্ৰুৱাৰীৰ শেষদিনত বুধ আৰু শুক্ৰৰ মহাসংযোগ, মাৰ্চত ভাগ্য চমকিব ৪ৰাশিৰ জাতকৰ

ফেব্ৰুৱাৰীৰ শেষদিনত বুধ আৰু শুক্ৰৰ মহাসংযোগ, মাৰ্চত ভাগ্য চমকিব ৪ৰাশিৰ জাতকৰ

1 week ago
ব্ৰেইন নে হাৰ্ট? মৃত্যুৰ পাছত কি কি অংগই আগতীয়াকৈ কাম কৰা বন্ধ কৰে?

ব্ৰেইন নে হাৰ্ট? মৃত্যুৰ পাছত কি কি অংগই আগতীয়াকৈ কাম কৰা বন্ধ কৰে?

1 week ago
সন্মুখত মহাশিৱৰাত্ৰি, এই পবিত্ৰ ক্ষণতেই বিবাহ হৈছিল শিৱ-পাৰ্বতীৰ, পাৰ্বতীক মহাদেৱে বিবাহ কৰোৱাৰ প্ৰকৃত ৰহস্য

সন্মুখত মহাশিৱৰাত্ৰি, এই পবিত্ৰ ক্ষণতেই বিবাহ হৈছিল শিৱ-পাৰ্বতীৰ, পাৰ্বতীক মহাদেৱে বিবাহ কৰোৱাৰ প্ৰকৃত ৰহস্য

1 week ago
মাজত মাত্ৰ দুদিন, কুম্ভ ৰাশিলৈ সূৰ্য আহিলেই বুধাদিত্য ৰাজযোগ, সাফল্য আহিব এই ৪ৰাশিৰ হাতলৈ

মাজত মাত্ৰ দুদিন, কুম্ভ ৰাশিলৈ সূৰ্য আহিলেই বুধাদিত্য ৰাজযোগ, সাফল্য আহিব এই ৪ৰাশিৰ হাতলৈ

1 week ago
শনিৰ ৰাশিত সূৰ্যগ্ৰহণ, একেলগে পঞ্চগ্ৰহী যোগ, মালামাল হ’ব ৩ৰাশিৰ জাতক

শনিৰ ৰাশিত সূৰ্যগ্ৰহণ, একেলগে পঞ্চগ্ৰহী যোগ, মালামাল হ’ব ৩ৰাশিৰ জাতক

2 weeks ago
ওলোটা পথেৰে যাত্ৰা কৰিব বুধে, লাভেই লাভ এই ৪ৰাশিৰ জাতকৰ

ওলোটা পথেৰে যাত্ৰা কৰিব বুধে, লাভেই লাভ এই ৪ৰাশিৰ জাতকৰ

2 weeks ago
বজৰংবলীৰ প্ৰিয় এই ৫ৰাশিৰ জাতক-জাতিকা, সকলো সময়তে বজৰংবলী কাষত থাকে তেওঁলোকৰ

বজৰংবলীৰ প্ৰিয় এই ৫ৰাশিৰ জাতক-জাতিকা, সকলো সময়তে বজৰংবলী কাষত থাকে তেওঁলোকৰ

2 weeks ago
UCO বেংকৰ FD ত ১০০,০০০ টকা জমা কৰি লাভ কৰক ৩৮,৭২৩ টকা স্থিৰ সুদ, ৰিটাৰ্ণৰ সকলো তথ্য জানি থওক

UCO বেংকৰ FD ত ১০০,০০০ টকা জমা কৰি লাভ কৰক ৩৮,৭২৩ টকা স্থিৰ সুদ, ৰিটাৰ্ণৰ সকলো তথ্য জানি থওক

2 weeks ago
ফেব্ৰুৱাৰীৰ দ্বিতীয় সপ্তাহত শুক্ৰাদিত্য ৰাজযোগ, সাফল্য নিশ্চিত ৫ৰাশিৰ ভাগ্যত

ফেব্ৰুৱাৰীৰ দ্বিতীয় সপ্তাহত শুক্ৰাদিত্য ৰাজযোগ, সাফল্য নিশ্চিত ৫ৰাশিৰ ভাগ্যত

2 weeks ago
কথাৰ সুৰ সলনি পাকিস্তান ক্ৰিকেট বৰ্ডৰ, এইবাৰ টি-২০ বিশ্বকাপত ভাৰতৰ সৈতে খেলিবলৈ ৰাজী পাকিস্তান, কিন্তু আছে ৩টা চৰ্ত

কথাৰ সুৰ সলনি পাকিস্তান ক্ৰিকেট বৰ্ডৰ, এইবাৰ টি-২০ বিশ্বকাপত ভাৰতৰ সৈতে খেলিবলৈ ৰাজী পাকিস্তান, কিন্তু আছে ৩টা চৰ্ত

2 weeks ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, February 20, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home লেখা

অসমীয়া ভাষা আৰু অসমৰ চৰ-চাপৰিবাসী

editor by editor
December 7, 2021
in লেখা
0
assamese-language-and-char-chapori

assamese-language-and-char-chapori

0
SHARES
2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

                                                                                           অসমীয়া ভাষা আৰু অসমৰ চৰ–চাপৰিবাসী

                                                                                                            ড০ হাফিজ আহমেদ

                                                                                                         ফোনঃ ৭৬৩৬০–৬১২৩৬

                                                                                                 

 

অসম লাইভ ২৪ঃ বৃহত্তৰ অসমীয়া জাতি, বিভিন্ন জনগোষ্ঠীৰে গঠিত হৈছে৷ বিভিন্ন সময়ত অসমলৈ বিভিন্ন জনগোষ্ঠীয়ে প্ৰব্ৰজন কৰিছে, অসমী আইকে নিজৰ মাতৃৰূপে গ্ৰহণ কৰি অসমীয়া ভাষা-সংস্কৃতিকো বুকুত সাৱটি লৈছে৷ এই জনগোষ্ঠীবোৰৰ মাজত চৰ-চাপৰিবাসী মুছলমানসকলো অন্যতম৷ শতাধিক বছৰ পূৰ্বে অসমীয়া ভাষা-সংস্কৃতিৰ সংস্পৰ্শলৈ আহি এই জনগোষ্ঠীটোৱে অসমীয়া ভাষা-সংস্কৃতিলৈ আগবঢ়াইছে অনবদ্য অৱদান৷ তেওঁলোকৰ এনে অৱদানৰ বিষয়ে আলোচনা কৰাৰ পূৰ্বে চৰ-চাপৰিবাসীনো কোন? তেওঁলোকৰ কিনো আছে ইতিহাস— সেই সম্পৰ্কে পোনতে কিছু কথা আলোচনা কৰা উচিত হ’ব বুলি আমি ভাবো৷

ইংৰাজসকলে অসমত চাহখেতিৰ বাবে ১৮৫৯ চনৰ পিছত উৰিষ্যা, বিহাৰ, আৰু মধ্যপ্ৰদেশৰ পৰা শ্ৰমিক আনিছিল। চাহ-খেতিৰ বাবে শ্ৰমিক আনোতে সমসাময়িকভাৱে অসমলৈ বংগৰ পৰা মুছলমান কৃষক অনাৰ প্ৰক্ৰিয়াও আৰম্ভ হয়৷ অৱশ্যে, এই প্ৰক্ৰিয়া পোনতে আৰম্ভ হৈছিল বেচৰকাৰীভাৱে৷ ঊনৈশ শতিকাৰ মাজভাগৰপৰা গোৱালপাৰা ভূ-স্বামী আৰু জমিদাৰসকলে বংগৰ পৰা মুছলমান খেতিয়কসকলক নিজৰ দায়িত্বতে অসমলৈ আনিবলৈ আৰম্ভ কৰে৷ এইদৰেই আৰম্ভ হয় অসমৰ চৰ-চাপৰিলৈ মুছলমান খেতিয়কসকলৰ প্ৰব্ৰজন৷ ১৮৯১ চনত গেইট চাহাবৰ তত্বাৱধানত যেতিয়া লোকপিয়ল হয়, তেতিয়া তেওঁ এক বিশেষধৰণৰ সমীক্ষা চলাই, অসমলৈ ভাৰতবৰ্ষৰ অন্য প্ৰদেশৰ পৰা অহা লোক কোন জিলাত কিমান আছিল তাৰ হিচাপ এটা উলিয়াইছিল৷ সেই হিচাপ মতে গোৱালপাৰা, কামৰূপ, দৰং আৰু নগাঁও জিলালৈ সৰ্বমুঠ ৮৫,২০৭ গৰাকী লোকে বংগৰ পৰা প্ৰব্ৰজন কৰিছিল আৰু এই লোকসকলৰ অধিকাংশই আছিল মুছলমান খেতিয়ক৷

মৈমনসিং জিলাৰ পৰা তাৰ আগৰে পৰা অসমলৈ প্ৰৱজন চলি থকাৰ কথা মেদিনী চৌধুৰীৰ দৰে লেখকে লিখি থৈ গৈছে৷ অসম আৰু বংগৰ মাজত চলা ভাপ জাহাজৰ আৰকাটিসকলেও যথেষ্ট সংখ্যক লোক অসমৰ পতিত ভূমিত বহুৱাইছিল৷ এনেকুৱা এজন আৰকাটিয়েই চাপৰৰ জমিদাৰৰ পৰা দহ হাজাৰ বিঘা মাটি পট্টন বিচাৰি সেই ভূমিত বংগৰ খেতিয়কসকলক সংস্থাপিত কৰিছিল (অসমৰ মাটিৰ অ-চৰ্চিত কাহিনী— শৰৎ চন্দ্ৰ সিংহ)৷ ১৯০২ চনত নগাঁৱৰ আলী টাঙানীত অসমীয়া মাধ্যমৰ বিদ্যালয় স্থাপন কৰা, আছাম লেজিছলেটিভ কাউন্সিলত পাঁচজনীয়া নিৰ্দলীয় মুছলমান সদস্যৰ গোট এটা গঠন কৰি কংগ্ৰেছ দলক সমৰ্থন কৰি গোপীনাথ বৰদলৈদেৱৰ নেতৃত্বত প্ৰথমখন কংগ্ৰেছী মন্ত্ৰীসভা স্থাপন কৰাটো সম্ভৱপৰ কৰি তোলা ওচমান আলী সদাগৰক তেওঁৰ আৰকাটি মোমায়েক নজৰুল আলীয়ে এই সময়তে বংগৰ পৰা আনি অসমত সংস্থাপিত কৰিছিল৷ ১৯০১ চনত অসমত প্ৰব্ৰজিত লোকৰ সংখ্যা আছিল ৭, ৬৬,০০০ গৰাকী, যাৰ ৮৩ শতাংশ আছিল চাহ বাগিচাৰ বনুৱা৷ বাকী ১৭ শতাংশ অৰ্থাৎ, ১,৩০,২২০ গৰাকী আছিল বংগৰ পৰা প্ৰব্ৰজিত লোক৷ ১৯৩১ চনৰ লোকপিয়ল মতে অসমত ৫ লাখ ৭৫ হাজাৰ বংগৰ পৰা অহা লোকে বাস কৰি আছিল৷  আকৌ ১৯৪৩-৪৬ চনৰ কালছোৱাত ১,৭৪,৫৪৬ বিঘা মাটিত পূৰ্ববংগৰ পৰা অসমলৈ ব্ৰিটিছে নতুনকৈ আমদানি কৰা লোকক সংস্থাপিত কৰা হয়,  ২,৫৬,১৩১ বিঘা মাটি এনে খেতিয়কসকলৰ বাবে ঔপনিৱেশিক আঁচনিত অন্তৰ্ভুক্ত কৰা হয় আৰু ১,৬৪,৯৯৫ বিঘা চৰণীয়া পথাৰ সংস্থাপনৰ বাবে মুকলি কৰি দিয়া হয়৷ অৰ্থাৎ, এই কালছোৱাত ৫,৯৫,৬৭২ বিঘা মাটি পূৰ্ববংগৰ পৰা নতুনকৈ আমদানি কৰা কৃষকসকলৰ বাবে মুকলি কৰি দিয়ে৷ চৰকাৰী নীতি অনুসৰি পাঁচজনীয়া প্ৰতিটো পৰিয়ালক পাঁচ বিঘাকৈ মাটি প্ৰদান কৰা হৈছিল৷ সেয়ে ১৯৪৩-৪৬ চনৰ কালছোৱাত ৫,৯৫,৬৭২ গৰাকী বংগীয়মূলৰ খেতিয়কক অসমত ব্ৰিটিছে সংস্থাপিত কৰাৰ তথ্য পোৱা যায়। (তথ্যৰ উৎসঃ মুছলিমছ ইন আছাম পলিটিকছ- এম. কৰ)৷

১৯৩১ চনৰ ৫ লাখ ৭৫ হাজাৰ আৰু ১৯৪৩-৪৬ চনৰ ৫,৯৫,৬৭২ গৰাকী বংগৰ পৰা প্ৰব্ৰজিত লোকৰ সংখ্যা বৃদ্ধি পাই ১৯৪৭ চনত যিমান হৈছিলগৈ, সিমানসংখ্যক বংগমূলীয় খেতিয়ক দেশে স্বাধীনতা লাভ কৰাৰ সময়ত অসমত আছিল৷ এই লোকসকলৰ সতি-সন্ততিসকল ভাৰতীয় নে বাংলাদেশী? অসমীয়া ভাষা-সংস্কৃতি গ্ৰহণ কৰি কেইবাপুৰুষো ধৰি অসমীয়া জাতিৰ লগত বিলীন হৈ যাবলৈ আহোপুৰুষাৰ্থ কৰি থকাৰ পিছতো তেওঁলোকক বৃহত্তৰ অসমীয়া জাতিৰ পৰা বাদ দি থ’লে কাৰ লাভ হ’ব?

চৰ-চাপৰিবাসী এইসকল লোকক বাদ দি অসমীয়া ভাষা-সাহিত্যৰ কথা বৰ্তমানে চিন্তা কৰিব নোৱাৰি৷ ১৮৯৯ চনত হোছেইন আলী সৰকাৰে মৈৰাবাৰীত চৰ-চাপৰিবাসীৰ মাজত প্ৰথমখন অসমীয়া মাধ্যমৰ প্ৰাথমিক বিদ্যালয় স্থাপন কৰিছিল৷ ১৯০২ চনত নগাঁৱৰ আলী টাঙানীত ওচমান আলী সদাগৰে প্ৰতিষ্ঠা কৰা প্ৰাথমিক বিদ্যালয়খনত বৰদোৱাৰ পৰা আহি মহেন্দ্ৰ চন্দ্ৰ মহন্তদেৱে অসমীয়া শিকাইছিল৷ বৰপেটা জিলাৰ গোমাফুলবাৰীত ১৯১৮ চনত, ৰামাপাৰাপাম প্ৰাথমিক বিদ্যালয় ১৯২০ চনত, মন্দিয়া প্ৰাথমিক বিদ্যালয় ১৯২৫ চনত, জনিয়া প্ৰাথমিক বিদ্যালয় ১৯০৬ চনত চৰ-চাপৰিবাসীয়ে প্ৰতিষ্ঠা কৰে৷ বিংশ শতাব্দীৰ তৃতীয় আৰু চতুৰ্থ দশকতে এইদৰে চৰ-চাপৰিবাসীৰ মাজত সহস্ৰাধিক প্ৰাথমিক, মজলীয়া আৰু উচ্চ প্ৰাথমিক বিদ্যালয় গঢ়ি উঠে৷ সমাজৰ এই নব্য শিক্ষিত চামৰ সচেতনতা আৰু খিলঞ্জীয়া সমাজখনৰ সৈতে ক্ৰমবৰ্ধমান আদান-প্ৰদান আৰু যোগাযোগৰ ফলত এওঁলোকে অসমীয়া ভাষা-সাহিত্যৰ কাষ চাপি আহে৷ এইদৰে অসমীয়া ভাষা-সাহিত্যৰ সংস্পৰ্শলৈ অহা চৰ-চাপৰিবাসীয়ে অসমীয়াকে মাতৃভাষাৰূপে গ্ৰহণ কৰিবলৈ আৰম্ভ কৰে৷ এইক্ষেত্ৰত এচাম দূৰদৰ্শী অসমীয়াই এওঁলোকক অসমীয়াকে মাতৃভাষাৰূপে গ্ৰহণ কৰিবলৈ আহ্বান জনাই অনুপ্ৰাণিত কৰিছিল৷ অসম সাহিত্য সভাৰ ১৯২৬ চনত অনুষ্ঠিত ধুবুৰী অধিৱেশনৰ সভাপতি বেণুধৰ ৰাজখোৱাদেৱে কৈছিল যে, চৰ-চাপৰিবাসীয়ে ‘অসমত চিৰদিনেই বাস কৰিব আৰু তেওঁলোকে নিঃসন্দেহে নিজকে অসমীয়া বুলি কৈ গৌৰৱ অনুভৱ কৰিব’৷ অম্বিকাগিৰী ৰায়চৌধুৰী দেৱেও এইক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল৷ বৰপেটা জিলাৰ চৰ-চাপৰিবাসীৰ মুখিয়াল লোকসকলকে অসমীয়াকে মাতৃভাষাৰূপে গ্ৰহণ কৰাৰ বাবে তেওঁ ব্যক্তিগতভাৱে আৱেদন জনোৱাৰ কথা এই লেখকে তেওঁৰ ককাদেউতাৰ পৰা জানিব পাৰিছিল৷ ১৯৪০ চনৰ ২৯ আগষ্ট তাৰিখে গুৱাহাটীৰ কাৰ্জন হল (পিচলৈ গৈ নবীনচন্দ্ৰ বৰদলৈ হ’ল) ৰায়চৌধুৰীদেৱৰ সভাপতিত্বত অনুষ্ঠিত সভা এখনত অসমৰ গণ্য-মান্য ব্যক্তিসকলে এক প্ৰস্তাৱযোগে ‘অসমৰ জাতীয় স্বাৰ্থ’ত চৰ-চাপৰিবাসীক অসমীয়া ভাষাক মাতৃভাষাৰূপে আকোৱালি ল’বলৈ আহ্বান জনাইছিল৷ এনে আহ্বানৰ প্ৰতি সঁহাৰি জনাই বৰপেটা জিলাৰ চৰ-চাপৰিৰ কেইগৰাকীমান মুখিয়াল ব্যক্তিয়ে অসমৰ তদানীন্তন  প্ৰধানমন্ত্ৰী গোপীনাথ বৰদলৈদেৱলৈ এখন আৱেদন পত্ৰ প্ৰেৰণ কৰিছিল (ডেকা অসম, ষষ্ঠ বছৰ চতুৰ্থ, সংখ্যা, ২৩, আঘোণ, ১৮৬২ শক)৷ এই আৱেদনখনত ৰিয়াজুদ্দিন আহমেদ, দাৰোগ আলী সৰকাৰ, পিয়াৰউল্লা সৰকাৰ, আব্দুল মজিদ খাঁ, আলী আমজাদ খাঁ, হবিবুল্লা মুঞ্জী আদি ন-গৰাকী মুখিয়াল ব্যক্তিয়ে কৈছিল যে তেওঁলোকৰ সতি-সন্ততিসকলে অসমীয়া মাধ্যমৰ বিদ্যালয়ত পঢ়ি অসমীয়া ভাষা ভালদৰে আয়ত্ব কৰি লৈছে আৰু বয়সীয়ালসকলেও নৈশ বিদ্যালয় স্থাপন কৰি অসমীয়া শিকি আছে৷ গতিকে তেওঁলোকক ১৯৪১ চনৰ লোকপিয়লত অসমীয়া বুলি অন্তৰ্ভুক্ত কৰিব লাগে৷ ১৯৫১ চনৰ লোকপিয়লত চৰ-চাপৰিবাসীয়ে ব্যাপক হাৰত অসমীয়াকে মাতৃভাষাৰূপে গ্ৰহণ কৰে৷ ফলত অসমত অসমীয়া ভাষীৰ সংখ্যা ১৯৩১ চনৰ ৩১.৪ শতাংশৰ বিপৰীতে ১৯৫১ চনত ৫৬.৭ শতাংশ হয়গৈ৷ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই চৰ-চাপৰিবাসীৰ এনে অৱদানৰ কথা সুঁৱৰিয়েই ‘অসমীয়া ডেকাৰ উক্তি’ শীৰ্ষক কবিতাটোত এওঁলোকক বৃহত্তৰ অসমীয়া জাতিৰ মাজত আঁকোৱালি লৈ ‘ন-অসমীয়া’ বুলি অভিহিত কৰে৷ এইদৰে চৰ-চাপৰিবাসীয়ে সেই সময়ত অসমীয়া ভাষাক মাতৃভাষাৰূপে গ্ৰহণ কৰাৰ ফলত অসমত অসমীয়া ভাষাই সংখ্যাগৰিষ্ঠতা লাভ কৰে৷

১৯৫৪ চনত ভাষাভিত্তিক ৰাজ্যবোৰ পুনৰ গঠনৰ বাবে কেন্দ্ৰীয় চৰকাৰে গঠন কৰি দিছিল ভাষাভিত্তিক ৰাজ্যিক পুনৰগঠন আয়োগ৷ পশ্চিমবংগৰ তদানীন্তন চৰকাৰ আৰু কেতবোৰ সামাজিক সংস্থাই ভাষাভিত্তিক ৰাজ্য পুনৰ গঠনৰ সুযোগ লৈ অবিভক্ত গোৱালপাৰা জিলাখন পশ্চিমবংগৰ লগত চামিল কৰাৰ বাবে ষড়যন্ত্ৰ ৰচে৷ পশ্চিমবংগ কংগ্ৰেছৰ সভাপতি অতুল্য ঘোষ, সদৌ অসম বাংলা পৰিষদৰ সভাপতি ৰমণী বসু আদি লোকে যুক্তি আগবঢ়ায় যে গোৱালপাৰা জিলাৰ চৰ-চাপৰিবাসীকে আদি কৰি গৰিষ্ঠসংখ্যক লোকৰ ভাষা বাংলাহে, অসমীয়া নহয়৷ গতিকে, গোৱালপাৰা জিলাত বাংলাভাষা প্ৰচলন কৰিব লাগে আৰু গোৱালপাৰা জিলাখন পশ্চিমবংগৰ লগত চামিল কৰিব লাগে৷ অসমৰ অংগচ্ছেদ কৰিব বিচৰা এনে কাৰ্যৰ বিপক্ষে গঠিত হয়— ব্ৰহ্মপুত্ৰ উপত্যকা পমুৱা সংস্থা৷ আবুল হুছেইন পণ্ডিত, বজলুল বাছিত, এডভোকেট আব্দুল কৰিম আদি নমস্য ব্যক্তিৰ নেতৃত্বত চৰ-চাপৰিবাসীয়ে সমগ্ৰ নামনি অসমতে গঢ়ি তোলে এক গণ আন্দোলন৷ ১৯৫৪ চনৰ মে’ মাহৰ প্ৰথম সপ্তাহত বঙাইগাঁৱৰ পৰা ধুবুৰীলৈ এক বিশাল প্ৰতিবাদী শোভাযাত্ৰাৰ আয়োজন কৰা হয়, ব্ৰহ্মপুত্ৰ উপত্যাক পমুৱা সংস্থাৰ নেতৃত্বত৷ হাজাৰ- হাজাৰ চৰ-চাপৰিবাসীয়ে এই শোভাযাত্ৰাত অংশগ্ৰহণ কৰে৷ গৌৰীপুৰ ময়দানত অনুষ্ঠিত ৰাজহুৱা সভাত শোভাযাত্ৰাকাৰীসকল সমৱেত হৈ অসমীয়া ভাষাৰ মান ৰক্ষাৰ্থে প্ৰস্তাৱ গ্ৰহণ কৰি অংগীকাৰবদ্ধ হয়৷ ১৯৫৪ চনৰ ১৯ মে’ তাৰিখে ভাষাভিত্তিক ৰাজ্য পুনৰগঠন আয়োগৰ সদস্যদ্বয়  কে. এম. পানিকৰ আৰু এইচ. এন. কুঞ্জৰুৰ আগত পমুৱা সংস্থাৰ সভাপতি বজলুল বাছিত, সম্পাদক আব্দুল কৰিম আৰু আব্দুল হুছেইন পণ্ডিতে সাক্ষ্য প্ৰদান কৰি কয় যে গোৱালপাৰা জিলাৰ চৰ-চাপৰিবাসীয়ে ঘৰত ঘৰুৱা দোৱানত কথা পাতিলেও তেওঁলোকে কোন-কাহানিবাই অসমীয়া ভাষাক মাতৃভাষাৰূপে গ্ৰহণ কৰিছে— গতিকে এওঁলোক অসমীয়া৷ এচাম সম্প্ৰসাৰণবাদী বাংলাভাষী লোকৰ বিৰোধীতা সত্ত্বেও আয়োগে এওঁলোকৰ কথা মানি লয়৷ ইয়াৰ ফলত গোৱালপাৰা জিলাখন পশ্চিমবংগৰ লগত চামিল হোৱাৰ পৰা ৰক্ষা পৰা লগতে জননীৰ মানো ৰক্ষা পৰে৷

১৯৬০ চনৰ ভাষা আন্দোলনৰ সময়ত চৰ-চাপৰিৰ বিশেষকৈ শিক্ষিত লোকসকল আৰু ছাত্ৰ-ছাত্ৰীসকলে অসমীয়া ভাষাৰ সপক্ষে তীব্ৰ আন্দোলন গঢ়ি তুলিছিল৷ এডভোকেট ছাইফুদ্দিন আৰু সমাজকৰ্মী চাহাবুদ্দিনৰ নেতৃত্বত ধুবুৰী নগৰৰ আশে-পাশে চলা আন্দোলনত চৰ-চাপৰিবাসীয়ে পূৰ্ণ সমৰ্থন আগবঢ়াইছিল৷ উল্লেখযোগ্য যে, এই আন্দোলনৰ সময়ত অসমীয়াবিৰোধী চক্ৰই চাহাবুদ্দিনক ছুৰিকাঘাত কৰি হত্যা কৰিছিল৷ এই আন্দোলনত সক্ৰিয় ভূমিকা লোৱা অবিভক্ত গোৱালপাৰা জিলাৰ অন্যান্য লোকসকলৰ অন্যতম আছিল চামচুল হক (বিলাসীপাৰা), হাদী ৰহিজ উদ্দিন আহমেদ (জলেশ্বৰ), কাজিম উদ্দিন আহমেদ (বগৰিবাৰী) আহমদ হুছেইন (প্ৰাক্তন সাংসদ) ময়েজুদ্দিন শ্বেখ (চাপৰ) আৰু অন্যান্য অনেক লোক৷ বৰপেটা জিলাৰ চৰ-চাপৰিবাসীসকলৰ মাজত মন্দিয়া অঞ্চলত ছৈয়দ আলী, জচিম উদ্দিন, ছমিৰ উদ্দিন বেপাৰী আদি মুখিয়াল লোকসকলে এই আন্দোলনৰ গুৰি ধৰিছিল৷ কলগাছিয়া অঞ্চলত আব্দুল কুদ্দুছ, অধ্যাপক আব্দুৰ ৰেজ্জাক আদি নেতৃস্থানীয় ব্যক্তিয়ে অসমীয়া ভাষাৰ সপক্ষে আন্দোলন সংগঠিত কৰিছিল৷ গোৱালপাৰা জিলাৰ দক্ষিণ শালমাৰাত মনিৰুদ্দিন আহমেদ, আবুল হাচান মোল্লা, জয়পুৰত প্ৰাক্তন বিধায়ক হাচান উদ্দিন আহমেদ, শিক্ষক আব্দুল জব্বৰ মিঞা, ঝুনকাইপাৰাত স্বাধীনতা সংগ্ৰামী ছবদেৰ আলী মাষ্টৰ, আমবাৰীত আলিমুদ্দিন মোল্লা, গোৱালপাৰা নগৰত মিজানুৰ ৰহমান মণঅডলে এই আন্দোলনক নেতৃত্ব দিছিল। এইদৰে ১৯৬০ চনৰ ভাষা আন্দোলনত অসমৰ চৰ-চাপৰিবাসীয়ে সমগ্ৰ অসম জুৰি অসমীয়া ভাষাৰ সপক্ষে আন্দোলনত জঁপিয়াই পৰিছিল।

১৯৭২ চনৰ মাধ্যম আন্দোলনৰ সময়তো অসমীয়া ভাষাৰ সপক্ষে থিয় দিছিল চৰ-চাপৰিৰ মুছলমানসকলে। প্ৰায় দুমাহ ধৰি চলা এই আন্দোলনৰ বিভিন্ন পৰ্যায়ত সমগ্ৰ অসমৰ চৰ-চাপৰিবাসী ছাত্ৰ সমাজে আছুৰ দ্বাৰা আৰম্ভ কৰা আন্দোলনত সক্ৰিয় ভূমিকা লৈছিল। নগাঁও হয়বৰগাঁৱৰ আবু ছৰিফ (ছহিদ অনিল বৰাৰ সহযোগী), ডবকাৰ ছাত্ৰনেতা আনোৱাল হোছেইনে নগাঁও জিলাত মাধ্যম আন্দোলন সংগঠিত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল। বৰপেটা জিলাত এই আন্দোলনৰ গুৰি ধৰিছিল- এম. ইলিম উদ্দিন দেৱান, ইছমাইল হোছেইন (জ্যেষ্ঠ), আব্দুছ ছাহেদ আহমেদ (মন্দিয়া), ডাঃ ছৈয়দ আহমদ জাদিদ, ছৈয়দ ইচমালি ৱাহিদী, দেলুৱাৰ হোছেইন (কলগাছিয়া) আদি ছাত্ৰ নেতাসকলে। ছৈয়দ ইচমাইল ৱাহিদীক পুলিচে গ্ৰেপ্তাৰ কৰি জে’ল হাজোতলৈ প্ৰেৰণ কৰিছিল। গোৱালপাৰা জিলাৰ কৃষ্ণাইৰ মহম্মদ আলী (পিছলৈ গৈ বিধায়ক), চাপৰৰ শিক্ষাবিদ জাহান উদ্দিন আহমেদেও এই আন্দোলনত অংশগ্ৰহণ কৰি জে’ল খাটিবলগীয়া হৈছিল। দৰং জিলাৰ চৰ-চাপৰিবাসীৰ মাজত আছুৰ নেতৃত্বত চলা আন্দোলনে ব্যাপক ৰূপ ধাৰণ কৰিছিল। খাৰুপেটীয়া অঞ্চলত চলা আছুৰ আন্দোলনৰ কাৰ্যসূচীত যোগ দিবলৈ ১৯৭২ চনৰ ৫ অক্টোবৰ তাৰিখে খাৰুপেটীয়া নগৰৰ আশে-পাশে থকা চৰ-চাপৰিবোৰৰ পৰা হাজাৰ হাজাৰ লোক ওলাই আহিছিল।

সিদিনাখন খাৰুপেটীয়া নগৰখন অসমীয়া বিৰোধী চক্ৰই ৰণক্ষেত্ৰলৈ ৰূপান্তৰিত কৰিছিল। পিকেটিংকাৰীসকলৰ ওপৰত সশস্ত্ৰভাৱে জঁপিয়াই পৰিছিল। ছহিদ হৈছিল ফুলকুমলীয়া ছাত্ৰ মোজাম্মিল হক। দুৰ্বৃত্তৰ গুলীত নিহত হৈছিল জংঘলপাৰা চাপৰিৰ ওমৰ আলী আৰু জহৰ আলী। অন্যহাতে বৰংগাবাৰীৰ গোলাপ আলীৰ ভৰিত গুলী লগাত তেওঁ চিৰদিনৰ বাবে ঘূণীয়া হৈছিল। কোনোধৰণৰ কাম-বন কৰিব নোৱাৰা গোলাপ আলীয়ে শেষ জীৱনত ৰাইজৰ পৰা খুজি-মাগি খাইছিল। একে গাঁৱৰে আতাব আলীৰ ভৰিত গুলী লগাত তেওঁৰ ভৰি এখন কাটি পেলাবলগীয়া হৈছিল। এইসকলৰ মাজৰ একমাত্ৰ ওমৰ আলীকহে অগপ নেতৃত্বাধীন প্ৰথমখন চৰকাৰে ১৯৮৬ চনৰ ২৪ ডিচেম্বৰ তাৰিখে এখন মানপত্ৰ আৰু তাম্ৰপত্ৰৰে মৰণোত্তৰভাৱে সন্মানিত কৰি ছহিদগৰাকীৰ পৰিয়াললৈ ত্ৰিছ হাজাৰ টকাৰ আৰ্থিক অনুদান আগবঢ়াইছিল।

বৰ্তমান অসমত অসমীয়াভাষীৰ সংখ্যা ৪৮ শতাংশ। ইয়াৰে প্ৰায় ১৮ শতাংশই হ’ল চৰ-চাপৰিবাসী মুছলমান। এই লোকসকলক অনবৰত লেই লেই-ছেই ছেই কৰি অসমীয়া জাতি সত্ত্বাৰ পৰা দূৰলৈ ঠেলি দিলে লাভ কৰা হ’ব? অসমীয়া ভাষাৰ ৰক্ষাৰ ক্ষেত্ৰত এনে অতুলনীয়া অৱদান আগবঢ়োৱাৰ পিচতো চৰ-চাপৰিবাসীক বাদ দি অসমীয়া জাতি গঠন সম্ভৱ নহয় বুলি আমি ভাবো।

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24assamese languageassamese language insultaxom live 24borak assamese language
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?
চিনেমা

চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?

February 10, 2026
UCO বেংকৰ FD ত ১০০,০০০ টকা জমা কৰি লাভ কৰক ৩৮,৭২৩ টকা স্থিৰ সুদ, ৰিটাৰ্ণৰ সকলো তথ্য জানি থওক
জীৱনশৈলী

UCO বেংকৰ FD ত ১০০,০০০ টকা জমা কৰি লাভ কৰক ৩৮,৭২৩ টকা স্থিৰ সুদ, ৰিটাৰ্ণৰ সকলো তথ্য জানি থওক

February 9, 2026
১৯ বছৰৰ পাছত মহাশিৱৰাত্ৰিত লক্ষ্মী নাৰায়ণ ৰাজযোগ, মহাদেৱৰ কৃপা থাকিব এই ৫ৰাশিত
জীৱনশৈলী

১৯ বছৰৰ পাছত মহাশিৱৰাত্ৰিত লক্ষ্মী নাৰায়ণ ৰাজযোগ, মহাদেৱৰ কৃপা থাকিব এই ৫ৰাশিত

February 6, 2026
টেষ্টোষ্টেৰণ কম আছিল, একাধিক যৌনৰোগত আক্ৰান্ত হৈছিল! এপষ্টিনৰ মেডিকেল ৰিপৰ্টত আৰু কি কি ভয়ংকৰ তথ্য?
জীৱনশৈলী

টেষ্টোষ্টেৰণ কম আছিল, একাধিক যৌনৰোগত আক্ৰান্ত হৈছিল! এপষ্টিনৰ মেডিকেল ৰিপৰ্টত আৰু কি কি ভয়ংকৰ তথ্য?

February 6, 2026
Next Post
scientist-of-switzerland-invented-suicide-machine

আজৱ বিশ্বৰ আজৱ কাহিনী! এইবাৰ আৱিষ্কাৰ কৰা হ'ল আত্মহত্যাৰ বাবে বিশেষ যন্ত্ৰ

jnyapith-award-2021-is-given-to-assamese-poet-nilamani-phukan

নীলমণি ফুকনলৈ ‘জ্ঞানপীঠ’ বঁটা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.