অসম লাইভ ২৪ঃ অসমৰ প্ৰথমগৰাকী চলচ্চিত্ৰ অভিনেত্ৰী আইদেউ সন্দিকৈৰ আজি মৃত্যু তিথি৷ তাহানিতেই সমাজৰ ৰক্ষণশীলতাক নেওচি অসমীয়া ছবিজগতত নাৰী চৰিত্ৰ অভিনয়ৰ বাট মুকলি কৰিছিল এইগৰাকী মহীয়সী নাৰীয়ে৷
জাতীয় জীৱন তথা অসমীয়া চলচ্চিত্ৰ জগতৰ এগৰাকী প্ৰাতঃস্মৰণীয় নায়িকা আইদেউ সন্দিকৈ৷
২০০২ চনৰ ১৭ ডিচেম্বৰত মৃত্যু হয় জ্যোতিপ্ৰসাদ আগৰৱালা দেৱৰ ‘জয়মতী’ বোলছবিত মূল চৰিত্ৰত অভিনয় কৰা প্ৰথমগৰাকী অসমীয়া অভিনেত্ৰী আইদেউ সন্দিকৈৰ৷
আজিৰ এই পুণ্য তিথিত প্ৰতিগৰাকী অসমীয়াই শ্ৰদ্ধাৰে সোঁৱৰিছে মহীয়সী নাৰীগৰাকীক৷ নাৰী শক্তিৰ বাবে প্ৰেৰণাৰ উৎস অসমৰ চলচ্চিত্ৰ জগতৰ ভোটা তৰা আইদেউ সন্দিকৈ৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ