আজিৰে পৰা ৰাজ্যত প্ৰযোজ্য হ’ব নতুন SOP৷ নতুন SOPত আছে বিদ্যালয়ত পাঠদানৰ নীতি-নিৰ্দেশনা৷ সকলো জিলাতেই অষ্টম শ্ৰেণীলৈকে বন্ধ থাকিব পাঠদান৷ পূৰ্বে কেৱল গুৱাহাটী মহানগৰীৰ বিদ্যালয়ৰ ক্ষেত্ৰত প্ৰযোজ্য আছিল এই নিয়ম৷
গণৰাজ্য দিৱস উদযাপনৰ ক্ষেত্ৰতো জাৰি কৰা হৈচে নতুন নীতি-নিৰ্দেশনা৷ খানাপাৰাৰ গণৰাজ্য দিৱসৰ কাৰ্যসূচীত ১ হাজাৰতকৈ অধিক লোক সমবেত হ’ব নোৱাৰিব৷ জিলা পৰ্যায়ত ৫০০ লোক আৰু মহকুমা পৰ্যায়ত ২০০ লোক উপস্থিত থাকিব পাৰিব৷ ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰিব নোৱাৰিব গণৰাজ্য দিৱসৰ পেৰেডত৷ ভেকচিন লোৱা আৰক্ষী-নিৰাপত্তাৰক্ষী আৰু হোমগাৰ্ডেহে অংশগ্ৰহণ কৰিব পাৰিব৷ গণৰাজ্য দিৱসত আয়োজন কৰিব নোৱাৰিব সাংস্কৃতিক অনুষ্ঠান৷
সান্ধ্য আইনৰ সময় নিশা ১০ বজাৰ পৰা পুৱা ৬ বজালৈ বাহাল থাকিব৷ ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ কৰিব লাগিব নিশা ৯ বজাত৷ SDMএ জাৰি কৰিছে এই নতুন নীতি-নিৰ্দেশনা৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ