ৰাছিয়াৰ ইউক্ৰেইন আক্ৰমণে প্ৰায় দুসপ্তাহ স্পৰ্শ কৰিলে। ইউক্ৰেইনৰ প্ৰধান প্ৰধান চহৰসমূহক ধ্বংসস্তূপত পৰিণত কৰিলেও ৰাছিয়াৰ সেনাই এতিয়ালৈকে কীয়েভ দখল কৰা নাই।
দুয়োখন দেশৰ মাজত হোৱা যুদ্ধক লৈ সমগ্ৰ বিশ্ব চিন্তিত। এই বিষয়টোক লৈ ৰাষ্ট্ৰসংঘত কে’বাখনো বৈঠক অনুষ্ঠিত হৈ গৈছে। এই পৰিস্থিতিতে মস্কোৱে ৰাছিয়াৰ বন্ধু নোহোৱা দেশসমূহৰ এখন তালিকা প্ৰস্তুত কৰাৰ সিদ্ধান্ত লৈছে। আল জাজিৰা টিভিৰ এক প্ৰতিবেদনত এইদৰে কোৱা হৈছে।
সোমবাৰে ৰাছিয়াই কৈছিল যে তেওঁলোকে ‘‘ৰাছিয়াক অ-বন্ধুত্বপূৰ্ণ আচৰণ’’ কৰা দেশসমূহৰ এখন তালিকা প্ৰস্তুত কৰিছে। এতিয়াৰ পৰা সেই দেশবোৰৰ কোম্পানী বা ব্যক্তিসকলৰ সৈতে যিকোনো ধৰণৰ কৰ্পোৰেট চুক্তি কৰিবলৈ চৰকাৰৰ অনুমতি লোৱাটো বাধ্যতামূলক কৰা হ’ব।
লগতে পঢ়ক ভাৰতীয় সেনাই নাকচ কৰা ভাৰতীয় যুৱকে ইউক্ৰেইনত ৰাছিয়াৰ বিৰুদ্ধে কৰিছে তুমুল যুদ্ধ
ৰাছিয়াই ২৪ ফেব্ৰুৱাৰীৰ মাজনিশা ইউক্ৰেইনত আক্ৰমণ আৰম্ভ কৰিছিল। ইয়াৰ বিৰুদ্ধে বিশ্বৰ প্ৰায়বোৰ দেশেই অৱস্থান গ্ৰহণ কৰিলেও এতিয়ালৈকে কোনো দেশে ইউক্ৰেইনলৈ সৈন্য প্ৰেৰণ কৰা নাই৷
কিন্তু পুটিন তথা ৰাছিয়াৰ বিৰুদ্ধে প্ৰায়বোৰ দেশে অৰ্থনৈতিক নিষেধাজ্ঞা আৰোপ কৰিছে। ইয়াৰ পিছতে ৰাছিয়াই এনে নিষেধাজ্ঞাৰ বিৰুদ্ধে নিজা নীতি নিৰ্ধাৰণ কৰিছে।
এই তালিকাত কোনবোৰ দেশ আছে? এক বিবৃতিত ৰাছিয়াৰ প্ৰশাসনে কয় যে ইউক্ৰেইন, আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইউৰোপীয় ইউনিয়নৰ সদস্য ৰাষ্ট্ৰসমূহৰ উপৰিও তালিকাখনত জাপান, ছিংগাপুৰ, টাইৱান, আলবেনিয়া, অষ্ট্ৰেলিয়া, গ্ৰেট ব্ৰিটেইন, আইচলেণ্ড, কানাডা, নিউজিলেণ্ড, দক্ষিণ কোৰিয়াৰ দৰে দেশক অন্তৰ্ভুক্ত কৰা হৈছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ















