• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ভাৰতীয় সেনাই নাকচ কৰা ভাৰতীয় যুৱকে ইউক্ৰেইনত ৰাছিয়াৰ বিৰুদ্ধে কৰিছে তুমুল যুদ্ধ

ভাৰতীয় সেনাই নাকচ কৰা ভাৰতীয় যুৱকে ইউক্ৰেইনত ৰাছিয়াৰ বিৰুদ্ধে কৰিছে তুমুল যুদ্ধ

4 years ago
দীঘলীয়া অনশনৰ পিছত কিয় কেৱল নাৰিকলৰ পানী বা ফলৰ ৰস দিয়া হয়?

দীঘলীয়া অনশনৰ পিছত কিয় কেৱল নাৰিকলৰ পানী বা ফলৰ ৰস দিয়া হয়?

3 hours ago
বাথৰুমত ৰাখক এইটো বস্তু, ধনেৰে ভৰি পৰিব ঘৰ! আহিব সমৃদ্ধি

বাথৰুমত ৰাখক এইটো বস্তু, ধনেৰে ভৰি পৰিব ঘৰ! আহিব সমৃদ্ধি

3 hours ago
‘অসমৰ বানৰ স্থায়ী সমাধান আজিলৈ নোলাল কিয়?’

‘অসমৰ বানৰ স্থায়ী সমাধান আজিলৈ নোলাল কিয়?’

4 hours ago
ত্ৰিগ্ৰহী যোগ! এই ৪টা ৰাশিৰ লোকৰ বাবে মুকলি হ’ব সৌভাগ্যৰ দুৱাৰ

ত্ৰিগ্ৰহী যোগ! এই ৪টা ৰাশিৰ লোকৰ বাবে মুকলি হ’ব সৌভাগ্যৰ দুৱাৰ

5 hours ago
সুখবৰ! এতিয়াৰ পৰা ৪ ঘণ্টাৰ ভিতৰত ঘৰতে পাব চিলিণ্ডাৰ

সুখবৰ! এতিয়াৰ পৰা ৪ ঘণ্টাৰ ভিতৰত ঘৰতে পাব চিলিণ্ডাৰ

5 hours ago
হলীউডৰ অভিনেত্ৰীয়ে ছচিয়েল মিডিয়াত Follow কৰিলে অভিজিৎ দীপকেক

হলীউডৰ অভিনেত্ৰীয়ে ছচিয়েল মিডিয়াত Follow কৰিলে অভিজিৎ দীপকেক

6 hours ago
বৈভৱ সূৰ্যবংশীক ভি ভি এছ লক্ষ্মণৰ কঠোৰ সতৰ্কবাণী!

বৈভৱ সূৰ্যবংশীক ভি ভি এছ লক্ষ্মণৰ কঠোৰ সতৰ্কবাণী!

7 hours ago
CJPৰ আন্দোলনৰ পিছতে প্ৰধানমন্ত্ৰী মোদীলৈ আহিল বেয়া খবৰ! জ্যোতিষ শাস্ত্ৰই কি কয়?

CJPৰ আন্দোলনৰ পিছতে প্ৰধানমন্ত্ৰী মোদীলৈ আহিল বেয়া খবৰ! জ্যোতিষ শাস্ত্ৰই কি কয়?

7 hours ago
অনুশীলনৰ বাবে বিক্ৰী কৰিছিল জীৱিকাৰ একমাত্ৰ সম্বল ই-ৰিক্সা, আজি CWGত দেশৰ হৈ জিনিলে পদক

অনুশীলনৰ বাবে বিক্ৰী কৰিছিল জীৱিকাৰ একমাত্ৰ সম্বল ই-ৰিক্সা, আজি CWGত দেশৰ হৈ জিনিলে পদক

8 hours ago
CJPৰ পিছত এইবাৰ সামাজিক মাধ্যমত Reservation Hatao movementক বিপুল সমৰ্থন

CJPৰ পিছত এইবাৰ সামাজিক মাধ্যমত Reservation Hatao movementক বিপুল সমৰ্থন

9 hours ago
শিক্ষয়িত্ৰীৰ পাশৱিক কাণ্ড? নিষ্ঠুৰতাৰ সকলো সীমা অতিক্ৰম শিক্ষয়িত্ৰীৰ

শিক্ষয়িত্ৰীৰ পাশৱিক কাণ্ড? নিষ্ঠুৰতাৰ সকলো সীমা অতিক্ৰম শিক্ষয়িত্ৰীৰ

10 hours ago
সোণৰ মূল্যত বৃহৎ পৰিৱৰ্তন! ১ গ্ৰামত কিমান টকা কমিল বা বাঢ়িল?

সোণে দেখুৱাইছে যাদু! আজি কিমান হৈছে সোণ-ৰূপৰ মূল্য?

11 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, July 28, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ৰাজনীতি

ভাৰতীয় সেনাই নাকচ কৰা ভাৰতীয় যুৱকে ইউক্ৰেইনত ৰাছিয়াৰ বিৰুদ্ধে কৰিছে তুমুল যুদ্ধ

editor by editor
March 8, 2022
in বিশ্ব, ভাৰত, ৰাজনীতি
0
ভাৰতীয় সেনাই নাকচ কৰা ভাৰতীয় যুৱকে ইউক্ৰেইনত ৰাছিয়াৰ বিৰুদ্ধে কৰিছে তুমুল যুদ্ধ
0
SHARES
413
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

নাম তেওঁৰ ছাইনীকেশ ৰবীচন্দ্ৰন! বয়স মাত্ৰ ২১ বছৰ৷ ঘৰ তামিলনাডুৰ কইম্বাটুৰৰ থুডালিয়ুৰত৷ ছাইনীকেশক ভাৰতীয় সেনাই দুবৰাকৈ প্ৰত্যাখ্যান কৰিছিল৷

ইয়াৰ পিছতে ভাগ্য চকৰী ঘূৰে ছাইনীকেশ ৰবীচন্দ্ৰনৰ৷ শত্ৰুৰ বিৰুদ্ধে হাতত যুদ্ধাস্ত্ৰ লৈ যুদ্ধ কৰাৰ প্ৰৱল ইচ্ছাক স্তিমিত কৰিব নোৱাৰা ছাইনীকেশৰ হাতলৈ অৱশেষত আহিল সেই সুযোগ৷ আৰু সেই সুযোগ এৰি নিদি ছাইনীকেশে হাতত বন্দুক লৈ যুদ্ধ কৰিছে শত্ৰুৰ বিৰুদ্ধে৷ তাকো বিদেশৰ ভূমিত৷ বিদেশৰ স্বতন্ত্ৰা আৰু সাৰ্বভৌমত্ব ৰক্ষাৰ হকে৷

তামিলনাডুৰ ২১ বছৰীয়া ছাইনীকেশ ৰবীনচন্দ্ৰনে বৰ্তমান ইউক্ৰেইনৰ সেনাত যোগদান কৰি ৰাছিয়ান সেনাৰ বিৰুদ্ধে হাতত যুদ্ধাস্ত্ৰ লৈ যুঁজি আছে৷

লগতে পঢ়ক কোন ৰাজ্যত কোন দলে চৰকাৰ গঠন কৰিব? পাঁচ ৰাজ্যৰ নিৰ্বাচনী সমীক্ষা প্ৰকাশ

ভাৰতীয় সেনা বাহিনীয়ে দুবাৰকৈ ছাইনীকেশক প্ৰত্যাখ্যান কৰাৰ পিছতে তেওঁ ইউক্ৰেইনলৈ যাত্ৰা কৰে৷ ইউক্ৰেইনৰ এখন বিশ্ববিদ্যালয়ৰ পৰা অভিযান্ত্ৰিকৰ ডিগ্ৰী লোৱাৰ উদ্দেশ্যৰে তেওঁ ইউক্ৰেইনৰ খাৰকীভত উপস্থিত হয়৷ ইয়াৰ পিছতে মহাকাশ অভিযান্ত্ৰিক শিক্ষা গ্ৰহণৰ বাবে খাৰকীভৰ নেশ্যনেল ইউনিভাৰ্ছিটিত নামভৰ্তি কৰে৷

ছাইনীকেশে তাতে শিক্ষাগ্ৰহণ কৰি থকাৰ সময়তে ৰাছিয়াই ইউক্ৰইন আক্ৰমণ কৰে৷ ছাইনীকেশে লগে লগে সিদ্ধান্ত গ্ৰহণ কৰে যে তেওঁ আন হাজাৰ হাজাৰ ভাৰতীয় শিক্ষাৰ্থীৰ দৰে ভাৰতলৈ ওভতি নাহে৷ ইউক্ৰেইনৰ সেনাত যোগদান কৰি ৰাছিয়ান সেনাৰ বিৰুদ্ধে হাতত মাৰণাস্ত্ৰ লৈ যুদ্ধ কৰিব৷

ছাইনীকেশে এই সিদ্ধান্ত লৈয়ে জৰ্জিয়ান নেশ্যনেল লেগিন অৰ্ধসামৰিক বাহিনীৰ এটা গোটত স্বেচ্ছাসেৱক যুদ্ধা হিচাপে যোগদান কৰি অস্ত্ৰ চালানৰ তাৎক্ষণিক প্ৰশিক্ষণ গ্ৰহণ কৰি ৰাছিয়াৰ বিৰুদ্ধে যুদ্ধ কৰি আছে৷

লগতে পঢ়ক কি হ’ব বলিউদৰ ছবি ‘দ্য কাশ্মীৰ ফাইলছ’ৰ? কাইলৈ শুনানি বোম্বে উচ্চ ন্যায়ালয়ত

ছাইনীকেশ ৰবীচন্দ্ৰনে ইউক্ৰেইনৰ সেনাত যোগ দি ৰাছিয়াৰ বিৰুদ্ধে যুদ্ধ কৰাৰ কথাটো ভাৰত চৰকাৰে নিশ্চিত কৰিছে৷ ভাৰতৰ চেন্ট্ৰেল ইন্টেলিজেন্স ব্যুৰ (CIB)এ সংবাদ মাধ্যমত এই কথা সদৰী কৰি কৈছে যে ২১ বছৰীয়া ছাইনীকেশে সম্প্ৰতি ইউক্ৰেইনত ৰাছিয়ান সেনাৰ বিৰুদ্ধ যুদ্ধ কৰি আছে৷

পৰিয়াল আৰু স্থানীয় আৰক্ষীৰ উদ্ধৃতিৰে কেন্দ্ৰীয় চোৰাংচোৱা সংস্থাটোৱে লগতে কয় যে ছাইনীকেশৰ সামৰিক তথা অস্ত্ৰ প্ৰশিক্ষণৰ প্ৰতি যথেষ্ট আগ্ৰহ আছিল আৰু ভাৰতীয় সেনাত ভৰ্তি হোৱাৰ তেওঁৰ প্ৰচেষ্টাক দুবাৰকৈ প্ৰত্যাখ্যান কৰা হৈছিল৷

ইমানেই নহয়, ছাইনীকেশে মাৰ্কিন সামৰিক বাহিনীত যোগদানৰ ইচ্ছাৰে আমেৰিকা যুক্তৰাষ্ট্ৰৰ দূতাবাসৰ সৈতেও যোগাযোগ কৰিছিল৷

লগতে পঢ়ক ৰাছিয়া-ইউক্ৰকেইন যুদ্ধৰ কুফল ভুগিব ভাৰতবাসীয়ে : ২০ টকা পৰ্যন্ত বৃদ্ধি হ’ব ইন্ধনৰ মূল্য!

পৰিয়ালৰ লোকে লগতে জনাইছে যে পাঁচবছৰীয়া মহাকাশ অভিযান্ত্ৰিক শিক্ষা সূচাৰুৰূপে গ্ৰহণ কৰি থকাৰ মাজতে যুদ্ধৰ কিছুদিনৰ পূৰ্বে ভিডিঅ’ গেম বিকাশিত কৰা এটা প্ৰতিষ্ঠানত যোগদান কৰিছিল৷ কিন্তু তাৰ কিছুদিনৰ পিছতে ৰাছিয়াই ইউক্ৰেইন আক্ৰমণ কৰে আৰু ইয়াৰ লগে লগে ছাইনীকেশৰ জীৱনৰ পথো সলনি হৈ যায়৷ অহা জুলাই মাহত এৰ’স্পেছ ইঞ্জিনিয়াৰিঙৰ ডিগ্ৰী লাভ কৰিবলগীয়া ছাইনীকেশ এতিয়া যুদ্ধক্ষেত্ৰত ব্যস্ত৷ পুনৰ নিজৰ জন্মভূমি, পিতৃ-মাতৃক দেখিবলৈ পাব নে নাই তাৰ কোনো নিশ্চয়তা নাই৷

ইফালে পুত্ৰৰ এই সিদ্ধান্ত সুখী নহয় ছাইনীকেশৰ পিতৃসহ পৰিয়াল৷ পিতৃয়ে সংবাদ মাধ্যমৰ যোগে ভাৰত চৰকাৰলৈ নিজ পুত্ৰক ঘূৰাই আনিবলৈ কাতৰ আহ্বান জনাইছে৷ ‘‘মই ভাৰত চৰকাৰক মোৰ পুত্ৰক ওভতাই আনিবলৈ কাতৰ অনুৰোধ জনাইছো৷ দুদিনমান পূৰ্বে সি আমাৰ সৈতে কথা পাতি কৈছিল যে সি সুৰক্ষিতভাৱে আছে আৰু আমাৰ কথা শুনি ওভতি নাহো বুলি কৈছিল৷’’ ছাইনীকেশৰ পিতৃয়ে সংবাদ মাধ্যমৰ আগত কয়৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalRussia Ukraine invasionSainikhesh Ravichandran
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

দীঘলীয়া অনশনৰ পিছত কিয় কেৱল নাৰিকলৰ পানী বা ফলৰ ৰস দিয়া হয়?
জীৱনশৈলী

দীঘলীয়া অনশনৰ পিছত কিয় কেৱল নাৰিকলৰ পানী বা ফলৰ ৰস দিয়া হয়?

July 27, 2026
সুখবৰ! এতিয়াৰ পৰা ৪ ঘণ্টাৰ ভিতৰত ঘৰতে পাব চিলিণ্ডাৰ
বাণিজ্য

সুখবৰ! এতিয়াৰ পৰা ৪ ঘণ্টাৰ ভিতৰত ঘৰতে পাব চিলিণ্ডাৰ

July 27, 2026
হলীউডৰ অভিনেত্ৰীয়ে ছচিয়েল মিডিয়াত Follow কৰিলে অভিজিৎ দীপকেক
বিনোদন

হলীউডৰ অভিনেত্ৰীয়ে ছচিয়েল মিডিয়াত Follow কৰিলে অভিজিৎ দীপকেক

July 27, 2026
বৈভৱ সূৰ্যবংশীক ভি ভি এছ লক্ষ্মণৰ কঠোৰ সতৰ্কবাণী!
বিনোদন

বৈভৱ সূৰ্যবংশীক ভি ভি এছ লক্ষ্মণৰ কঠোৰ সতৰ্কবাণী!

July 27, 2026
Next Post
জামিন অযোগ্য গ্ৰেপ্তাৰী পাৰোৱানা : মুখ খুলি কি ক’লে বলিউদৰ অভিনেত্ৰী সোণাক্ষী সিনহাই?

জামিন অযোগ্য গ্ৰেপ্তাৰী পাৰোৱানা : মুখ খুলি কি ক’লে বলিউদৰ অভিনেত্ৰী সোণাক্ষী সিনহাই?

ৰাছিয়াই প্ৰকাশ কৰিছে শত্ৰু ৰাষ্ট্ৰৰ তালিকা! কোন কোন ৰাষ্ট্ৰ আছে এই তালিকাত?

ৰাছিয়াই প্ৰকাশ কৰিছে শত্ৰু ৰাষ্ট্ৰৰ তালিকা! কোন কোন ৰাষ্ট্ৰ আছে এই তালিকাত?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.