ভাৰত আৰু চীনে শুকুৰবাৰে পূব লাডাখৰ অৱশিষ্ট সীমা সমস্যা সমাধানৰ বাবে ১৫ সংখ্যক উচ্চ পৰ্যায়ৰ সামৰিক আলোচনাত মিলিত হ’ব৷ মঙলবাৰে প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ এক সূত্ৰই এই কথা প্ৰকাশ কৰিছে।
প্ৰতিৰক্ষা মন্ত্ৰলায়ৰ মতে এতিয়ালৈকে হোৱা আলোচনাসমূহত উত্তৰ আৰু দক্ষিণাঞ্চলৰ পাংগং টছ’, গালৱান আৰু গোগ্ৰা হট স্প্ৰিং অঞ্চলৰ সমস্যাসমূহৰ সমাধান হৈছে। অৱশ্যে এই বছৰৰ ১২ জানুৱাৰীত অনুষ্ঠিত হোৱা ১৪ সংখ্যক আলোচনাত কোনো নতুন সফলতা পোৱা নাছিল।
সূত্ৰটোৱে জনোৱা অনুসৰি দুয়োপক্ষই শুকুৰবাৰে লাডাখৰ চুচুল মোলডো বৈঠকস্থলীত পৰৱৰ্তী ৰাউণ্ড অনুষ্ঠিত কৰিব যাতে বাকী ক্ষেত্ৰসমূহত ২২ মাহৰ অচলাৱস্থাৰ সমাপ্তি ঘটিব পাৰি।
লগতে পঢ়ক জামিন অযোগ্য গ্ৰেপ্তাৰী পাৰোৱানা : মুখ খুলি কি ক’লে বলিউদৰ অভিনেত্ৰী সোণাক্ষী সিনহাই?
পাৰস্পৰিকভাৱে গ্ৰহণযোগ্য সমাধানৰ পথ বিচাৰি উলিওৱাৰ বাবে দুয়োপক্ষৰ শেহতীয়া বিবৃতিবোৰ উৎসাহজনক আৰু ইতিবাচক প্ৰকৃতিৰ বুলিও উল্লেখ কৰা হৈছে।
২০২০ চনৰ ৫ মে’ত পাংগং হ্ৰদ অঞ্চলত চীনা সৈন্য আৰু ভাৰতীয় সৈন্যৰ মাজত মুখামুখি সংঘৰ্ষৰ সূত্ৰপাত হৈছিল৷ যি হিংসাত্মক সংঘৰ্ষৰ ফলত ভাৰত আৰু চীনৰ মাজত পূব লাডাখ সীমান্ত অচলাৱস্থাৰ সূত্ৰপাত হয়।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ