• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পাৰিৱেশিক প্রভাৱ নিৰূপণৰ খচৰাখন অসমীয়াত প্ৰকাশ কৰক

পাৰিৱেশিক প্রভাৱ নিৰূপণৰ খচৰাখন অসমীয়াত প্ৰকাশ কৰক

6 years ago
১০ বছৰত ১ কোটি জমা কৰাৰ পৰিকল্পনা! মাহত কিমান টকাকৈ বিনিয়োগ কৰিব লাগিব?

১০ বছৰত ১ কোটি জমা কৰাৰ পৰিকল্পনা! মাহত কিমান টকাকৈ বিনিয়োগ কৰিব লাগিব?

54 minutes ago
এবছৰৰ পাছত মীন ৰাশিত সূৰ্য, ভাগ্য সলনি হ’ব এই ৫ৰাশিৰ জাতকৰ

এবছৰৰ পাছত মীন ৰাশিত সূৰ্য, ভাগ্য সলনি হ’ব এই ৫ৰাশিৰ জাতকৰ

2 hours ago
কিডনি নষ্ট হোৱাৰ পূৰ্বে শৰীৰে দিয়ে এইকেইটা সংকেত! জানি থওক গুৰুত্বপূৰ্ণ লক্ষণসমূহ কি কি?

কিডনি নষ্ট হোৱাৰ পূৰ্বে শৰীৰে দিয়ে এইকেইটা সংকেত! জানি থওক গুৰুত্বপূৰ্ণ লক্ষণসমূহ কি কি?

2 hours ago
ইৰান এতিয়া ধ্বংসস্তুপ, যিকোনো মুহূৰ্ততে আমি যুদ্ধ শেষ কৰিমঃ ডোনাল্ড ট্ৰাম্প

ইৰান এতিয়া ধ্বংসস্তুপ, যিকোনো মুহূৰ্ততে আমি যুদ্ধ শেষ কৰিমঃ ডোনাল্ড ট্ৰাম্প

3 hours ago
আগন্তুক ২৪ ঘণ্টাৰ মাজতেই অস্ত যাব ৩ গ্ৰহ, গ্ৰহৰ অস্ত দশাত ভাগ্য খুলিব ৩ ৰাশিৰ

আগন্তুক ২৪ ঘণ্টাৰ মাজতেই অস্ত যাব ৩ গ্ৰহ, গ্ৰহৰ অস্ত দশাত ভাগ্য খুলিব ৩ ৰাশিৰ

3 hours ago
খুলি দিয়া হৈছে অষ্টম দৰমহা কমিছনৰ বিশেষ পোৰ্টেল, ৩০ এপ্ৰিললৈকে লোৱা হ’ব মতামত, কেনেকৈ জনাব নিজা মত?

খুলি দিয়া হৈছে অষ্টম দৰমহা কমিছনৰ বিশেষ পোৰ্টেল, ৩০ এপ্ৰিললৈকে লোৱা হ’ব মতামত, কেনেকৈ জনাব নিজা মত?

4 hours ago
এইবাৰ বাসন্তী পূজাত কপাল খুলিব ৩ৰাশিৰ, দেৱী দুৰ্গাৰ কৃপা কোন কোন ৩ৰাশিৰ ওপৰত?

এইবাৰ বাসন্তী পূজাত কপাল খুলিব ৩ৰাশিৰ, দেৱী দুৰ্গাৰ কৃপা কোন কোন ৩ৰাশিৰ ওপৰত?

4 hours ago
মহাকুম্ভৰ মোহময়ী মনালিছাৰ নতুন জীৱন, পিতৃৰ আপত্তিক আওকান কৰি ফৰমানৰ সৈতে বিবাহ, ক’ত, কেনেকৈ বিবাহত আৱদ্ধ হ’ল মনালিছা?

মহাকুম্ভৰ মোহময়ী মনালিছাৰ নতুন জীৱন, পিতৃৰ আপত্তিক আওকান কৰি ফৰমানৰ সৈতে বিবাহ, ক’ত, কেনেকৈ বিবাহত আৱদ্ধ হ’ল মনালিছা?

5 hours ago
৬দিন পাছতেই উদয় হ’ব বুধ, সৌভাগ্য উজলি উঠিব এই ৫ৰাশিৰ, আপুনি তালিকাত আছেনে?

৬দিন পাছতেই উদয় হ’ব বুধ, সৌভাগ্য উজলি উঠিব এই ৫ৰাশিৰ, আপুনি তালিকাত আছেনে?

5 hours ago
গুৱাহাটীতেই IPLৰ তিনিখন মেচ, নিৰ্বাচনী ধামখুমীয়াৰ মাজতে গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া মেচৰ সময়সূচী

গুৱাহাটীতেই IPLৰ তিনিখন মেচ, নিৰ্বাচনী ধামখুমীয়াৰ মাজতে গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া মেচৰ সময়সূচী

22 hours ago
১৫ মাৰ্চত বিৰল ত্ৰিগ্ৰহী যোগ! সূৰ্য-শুক্ৰ-শনিৰ মিলনত নিশাৰ ভিতৰতে সলনি হ’ব ৪ৰাশিৰ ভাগ্য

১৫ মাৰ্চত বিৰল ত্ৰিগ্ৰহী যোগ! সূৰ্য-শুক্ৰ-শনিৰ মিলনত নিশাৰ ভিতৰতে সলনি হ’ব ৪ৰাশিৰ ভাগ্য

23 hours ago
১২ মাহত ১৩ বাৰ কিয় ৰিচাৰ্জ কৰিব লাগে? আকৌ সংসদত জনতাৰ দাবী লৈ সৰৱ ৰাঘৱ চাড্ডা

১২ মাহত ১৩ বাৰ কিয় ৰিচাৰ্জ কৰিব লাগে? আকৌ সংসদত জনতাৰ দাবী লৈ সৰৱ ৰাঘৱ চাড্ডা

23 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, March 12, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home লেখা

পাৰিৱেশিক প্রভাৱ নিৰূপণৰ খচৰাখন অসমীয়াত প্ৰকাশ কৰক

editor by editor
July 29, 2020
in লেখা
0
পাৰিৱেশিক প্রভাৱ নিৰূপণৰ খচৰাখন অসমীয়াত প্ৰকাশ কৰক
0
SHARES
265
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ভাৰত চৰকাৰৰ পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰ্যালয়ে যোৱা ২৩ মার্চত প্ৰকাশ কৰা পাৰিৱেশিক প্রভাৱ নিৰূপণ অধিসূচনা (The Environment Impact Assessment Notification, 2020) বা চমুকৈ ইআইএ, ২০২০ৰ সন্দৰ্ভত দেশজুৰি ভালেমান বাদানুবাদ চলি আছে বাবে খচৰাখনৰ আসোঁৱাহবোৰৰ সলনি অন্য এটা বিষয়হে পাঠকৰ দৃষ্টিগোচৰ কৰিবলৈ বিচাৰিছো। ভাৰতৰ পৰিৱেশ সুৰক্ষা আইন, ১৯৮৬ (The Environment Protection Act) ৰ ৩ নং ধাৰাৰ অধীনত জাৰি কৰা এই খচৰা অধিসূচনাখনৰ সন্দৰ্ভত আপত্তি আৰু মতামত দর্শোৱাৰ বাবে ২০২০ চনৰ ১১ এপ্রিলত চৰকাৰী ৰাজপত্ৰত অধিসূচনা জাৰি কৰা হৈছিল।

উল্লিখিত  মন্ত্ৰ্যালয়ে অতিমাৰীৰ বাবে দিয়া তলাবন্ধৰ সময়ছোৱাত এই অধিসূচনাখন প্ৰকাশ কৰাক লৈ আৰু মতামতৰ বাবে তেনেই কম সময় ধার্য কৰাক লৈ নাগৰিক সমাজ, বিদ্যায়তনিক অনুষ্ঠান আৰু পৰিৱেশিক অন্যান্য সংস্থাবোৰে ভালেমান ওজৰ-আপত্তি দর্শোৱাত মন্ত্ৰ্যালয়ে বিগত মে’ মাহৰ ৮ তাৰিখে (উল্লেখ্য যে পোনতে মতামত দিয়াৰ শেষ তাৰিখ ধার্য কৰা হৈছিল ১১ মে’) আন এখন অধিসূচনা যোগে এই ই আই এ সম্পর্কে মতামত দিয়াৰ সময়সীমা ৩০ জুনলৈ বঢ়াই দিবলৈ বাধ‍্য হয়।

তলাবন্ধৰ সময়ত দেশৰ নাগৰিকসকলে যথাযথ মতামত আৰু আপত্তি দর্শাব নোৱৰাৰ অজুহাততে চৰকাৰে অধিসূচনাখন আইনলৈ পৰিণত কৰাৰ পথ প্রশস্ত কৰিছে বুলি অভিযোগ উত্থাপন কৰি  দিল্লী আৰু কৰ্ণাটক উচ্চ ন্যায়ালয়ত দুটাকৈ গোচৰো ৰুজু কৰা হ’ল। এনে অভিযোগ আৰু গোচৰৰ পৰিপ্ৰেক্ষিতত যোৱা ৩০ জুন তাৰিখে দিল্লী উচ্চ ন্যায়ালয়ে ই আই এ, ২০২০ৰ সন্দৰ্ভত আপত্তি আৰু মতামত দিয়াৰ সময়সীমা ১১ আগষ্টলৈ বৃদ্ধি কৰে। কর্ণাটক উচ্চ ন্যায়ালয়ত ‘ইউনাইটেড কনজার্ভেছন মুভমেন্ট’ নামৰ এক সংস্থাই সময়সীমা বঢ়োৱাৰ বাবে যি এক আবেদন দাখিল কৰিছিল সেইখনৰ সন্দৰ্ভত ন্যায়ালয়খনৰ মুখ্য ন্যায়াধীশ অভয় অকা আৰু ন্যায়াধীশ এম নাগপ্রসন্নৰ খণ্ড আদালতে মতামত ব্যক্ত কৰি কৈছিল যে অতিমাৰীৰ এই সময়ত অধিসূচনা কেৱল চৰকাৰী ৰাজপত্ৰ আৰু ৱেবছাইটতে সীমাবদ্ধ হৈ থাকিব নোৱাৰে। কেন্দ্রীয় চৰকাৰে পাৰিৱেশিক সুৰক্ষা নিয়মাৱলীৰ অধীনত ক্ষমতা প্ৰয়োগ কৰিব পাৰে আৰু মাৰ্চ মাহৰ ২৩ তাৰিখৰ ই আই এ ৰ অধিসূচনাখন ব্যাপক প্রচাৰ কৰিব পাৰে যাতে নাগৰিকসকলে ২০২০ চনৰ ১১ আগষ্টৰ আগলৈ আপত্তি দর্শাব পাৰে। অধিসূচনাখনৰ সন্দৰ্ভত চৰকাৰৰ সদিচ্ছালৈ সন্দেহ প্রকাশ কৰি খণ্ড আদালতে পুনৰ চৰকাৰী পক্ষক কৈছিল— ‘আপোনালোকৰ অভিপ্রায় আপোনালোকৰ কাৰ্যত প্রতিফলিত হ’ব লাগে। আপোনালোকৰ অভিপ্রায় মাথোঁ কাগজতে সীমিত হৈ থকাটো উচিত নহয়। যদিহে ২৩ মার্চৰ অধিসূচনাখনৰ প্ৰচাৰ স্থানীয় ভাষাত কৰা হোৱা নাই তেন্তে অধিসূচনাখন প্রকাশ কৰাৰ মূল উদ্দেশ্যটোৱে ব্যর্থ হ’ব।’

এইখিনিতে ভাৰত চৰকাৰে খচৰা অধিসূচনাখন আঞ্চলিক ভাষাত প্ৰকাশ কৰাক লৈ কেনে এক বিভ্ৰান্তিমূলক স্থিতি লৈছিল তাৰ এক আভাস দাঙি ধৰিবলৈ বিচাৰিছো ।কৰ্ণাটক উচ্চ ন্যায়ালয়ত কেন্দ্ৰীয় চৰকাৰৰ অধিবক্তা শিৱ কুমাৰে জনাইছিল যে মন্ত্ৰ্যালয়ে অধিসূচনাখন চৰকাৰী ভাষা আইনৰ অধীনতে জাৰি কৰিছে।নিয়ম অনুসাৰে চৰকাৰী ৰাজপত্ৰত অধিসূচনা হিন্দী আৰু ইংৰাজীত প্ৰকাশ পায়।এনে কোনো বিধিগত উপবন্ধ নাই যিয়ে নেকি এনে অধিসূচনা আঞ্চলিক ভাষাত প্ৰকাশ কৰাটো বাধ্য কৰিছে। হিন্দী আৰু ইংৰাজীতহে অধিসূচনা প্ৰকাশ কৰাৰ সমৰ্থনত অধিবক্তাজনে আদালতক কৈছিল-‘As per Article 343 (1)of the Constitution of India, the official language of the Union, is Hindi, in Devanagiri script. As far as the publication of the notification in official gazette is considered it is only in Hindi and English.’

কেন্দ্ৰীয় চৰকাৰে এটি অতি কাৰিকৰী অৱস্থান লোৱা বুলি সমালোচনা কৰি খণ্ডপীঠৰ সন্মানীয় ন্যায়াধীশ দুজনাই  অনুভৱ ব্যক্ত কৰিছিল যে কেন্দ্ৰীয় চৰকাৰে জুলাই মাহৰ ষোল্ল তাৰিখে সকলো ৰাজ্য চৰকাৰক অধিসূচনাখন আঞ্চলিক ভাষাত প্ৰকাশ কৰি  উলিয়াবলৈ নিৰ্দেশ দিছিল অথচ এই নিৰ্দেশ ৰূপায়ণ কৰা হ’ল নে নহ’ল তাৰ একো অভিলেখ(record) আদালতত ৰখা নহ’ল।খণ্ড আদালতে  মত ব্যক্ত কৰিছিল-‘By exercising power under clause (a) of sub-rule (3) of Rule 5 of the Environment (Protection) Rules,1986, the Government of India has decided to ensure that the notification is published in local languages so that the citizens can file objections.’ আদালতৰ দৃঢ় স্থিতি আছিল এয়ে যে যিহেতু উল্লিখিত নিয়মৰ সৰ্বশেষ উদ্দেশ্য হৈছে সম্ভাব্য ক্ষতিগ্ৰস্ত মানুহে আপত্তি  দৰ্শোৱাক সহজ কৰা সেয়েহে এনে অধিসূচনা স্থানীয় ভাষাত প্ৰকাশ পাব লাগে আৰু মানুহে যাতে সাম্প্ৰতিক অতিমাৰীৰ সময়ত  আপত্তি আৰু মতামত প্ৰদানৰ পৰ্যাপ্ত  সময় পায় তাৰ দিহা কৰিব লাগে।

অধিসূচনাখন কিয় স্থানীয় ভাষাত প্ৰকাশিত হ’ব লাগে তাত অন্য এক কাৰিকৰী কাৰণো আছে। দেখা  গৈছে যে এই নতুন অধিসূচনাখনত সাধাৰণ লোকক নিজৰ মতামত দিবলৈ মাথোঁ ২০ দিনহে সময় প্রদান কৰা হৈছে, যি পূৰ্বৰ ২০০৬ চনৰ অধিসূচনা অনুসৰি আছিল ৩০ দিন। একেদৰে সার্বজনীন পৰামর্শ প্রদানৰ সমগ্ৰ প্রক্রিয়াটো সমাপন কৰিবলৈ নতুন অধিসূচনাখনত ৪০ দিনৰ সময় প্রদান কৰা হৈছে, যি পূর্বৰ ২০০৬-ৰ অধিসূচনা অনুসৰি আছিল ৪৫ দিনৰ। তাৎপর্যপূর্ণভাৱে, নতুন অধিসূচনাৰ ১৪ (৮) নং অনুচ্ছেদে সার্বজনীন(Public Consultation) পৰামর্শ প্রদান প্রক্রিয়াটোকে পৰিহাৰ কৰাৰ এক সুৰুঙা প্রদান কৰিছে। এই অনুচ্ছেদ অনুসৰি সার্বজনীন পৰামৰ্শ আহ্বান বা আয়োজন কৰা সংস্থাই (ৰাজ্যিক বা কেন্দ্রীয় শাসিত অঞ্চলৰ প্ৰদূষণ নিয়ন্ত্রণ ব’র্ড) যদিহে কোনো অঞ্চলৰ পৰিস্থিতিৰ বাবে এনে সার্বজনীন পৰামর্শ গ্রহণ কৰিবলৈ অপাৰগ হয়, তেন্তে তেনে সংস্থাই এই কথা নিয়ন্ত্রক কর্তৃপক্ষ (Regulatory Authority)ক অৱগত কৰিব। তেতিয়া নিয়ন্ত্রক কর্তৃপক্ষই ইয়াৰ তলতীয়া নোহোৱা আন কোনো সংস্থাক এই দায়িত্ব অর্পণ কৰিব। যদিহে উক্ত সংস্থায়ো নির্দিষ্ট সময়ৰ ভিতৰত তেনে সার্বজনীন পৰামৰ্শ আয়োজন কৰাত বিফল হয়, তেন্তে সেই সংস্থাই বিষয়টো নিয়ন্ত্রক কর্তৃপক্ষক অৱগত কৰিব। নিয়ন্ত্রক কর্তৃপক্ষই এনে সংস্থাই কিয় সার্বজনীন পৰামৰ্শ আয়োজন কৰিব নোৱাৰিলে, তাৰ প্রতিবেদন বিবেচনা কৰি ৰাজহুৱা শুনানিৰ ক্ষেত্ৰত ‘সার্বজনীন পৰামর্শ’ প্রদান প্রক্রিয়াটো বাদ দিব পাৰে। অর্থাৎ তেনে এক পৰিৱেশত সাধাৰণ মানুহ, বিশেষজ্ঞ, পৰিৱেশবিদ আদিয়ে লিখিত মতামত দিব পাৰিব যদিও কোনো প্রকল্পৰ দ্বাৰা প্রত্যক্ষভাৱে ক্ষতিগ্রস্ত হ’ব পৰা লোকে প্রকল্পটোৰ ক্ষেত্ৰত পৰামর্শ দিব নোৱাৰিব। সন্দেহ নাই যে সমাগত সময়ত দেশখনৰ দৰিদ্ৰ, অশিক্ষিত, কথা কোৱাৰ সুযোগ নোপোৱা লোকসকলক খুউব কৌশলৰে উল্লিখিত অনুচ্ছেদৰ সুযোগত পৰিকল্পিতভাৱে মতামত প্রকাশৰ স্বাধীনতাৰপৰা বঞ্চিত কৰি ৰখা হ’ব।

সেয়েহে এনে সুৰুঙাৰ ওপৰত ওজৰ-আপত্তি দৰ্শাবলৈ এই অধিসূচনাখন শীঘ্ৰে অসমীয়া আৰু অন্যান্য স্থানীয় ভাষাত প্ৰকাশ কৰিব লাগে। যিহেতু অসম তথা উত্তৰ-পূৰ্বাঞ্চল সততে পাৰিৱেশিক বিপৰ্যয়ৰ প্ৰথম চিকাৰ হয় সেয়েহে ইয়াৰ জনতাই অধিসূচনাখনতনো কি আছে তাক ভালদৰে জানিব লাগে।

(লেখক কিশোৰ কুমাৰ কলিতা এগৰাকী জনপ্ৰিয় নিবন্ধকাৰ)

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24Assam-GovtEIAKishor Kalita
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মহাকুম্ভৰ মোহময়ী মনালিছাৰ নতুন জীৱন, পিতৃৰ আপত্তিক আওকান কৰি ফৰমানৰ সৈতে বিবাহ, ক’ত, কেনেকৈ বিবাহত আৱদ্ধ হ’ল মনালিছা?
জীৱনশৈলী

মহাকুম্ভৰ মোহময়ী মনালিছাৰ নতুন জীৱন, পিতৃৰ আপত্তিক আওকান কৰি ফৰমানৰ সৈতে বিবাহ, ক’ত, কেনেকৈ বিবাহত আৱদ্ধ হ’ল মনালিছা?

March 12, 2026
মাৰ্চৰ শেষত মঘা নক্ষত্ৰলৈ আহিব কেতু, ৮ মাহ ধৰি উন্নতিৰ গ্ৰাফে আকাশ চুব এই ৫ৰাশিৰ
জীৱনশৈলী

মাৰ্চৰ শেষত মঘা নক্ষত্ৰলৈ আহিব কেতু, ৮ মাহ ধৰি উন্নতিৰ গ্ৰাফে আকাশ চুব এই ৫ৰাশিৰ

March 11, 2026
ৰাখে হৰি মাৰে কোনে… ৰাষ্ট্ৰীয় ঘাইপথৰ এটা গাঁতেই জগাই তুলিলে ব্ৰেইন ডে’ড মহিলাক, চিকিৎসকে আশা এৰা মহিলাক নতুন জীৱন কেনেকৈ দিলে ৰাস্তাৰ গাঁতে?
জীৱনশৈলী

ৰাখে হৰি মাৰে কোনে… ৰাষ্ট্ৰীয় ঘাইপথৰ এটা গাঁতেই জগাই তুলিলে ব্ৰেইন ডে’ড মহিলাক, চিকিৎসকে আশা এৰা মহিলাক নতুন জীৱন কেনেকৈ দিলে ৰাস্তাৰ গাঁতে?

March 11, 2026
যুদ্ধৰ পৰিস্থিতিৰ মাজত পশ্চিম এছিয়াত আৱদ্ধ নাগৰিকক দেশলৈ অনাৰ সিদ্ধান্ত এয়াৰ ইণ্ডিয়া, ইণ্ডিগোৰ! আৰম্ভ বিশেষ বিমানসেৱাৰ
জীৱনশৈলী

যুদ্ধৰ পৰিস্থিতিৰ মাজত পশ্চিম এছিয়াত আৱদ্ধ নাগৰিকক দেশলৈ অনাৰ সিদ্ধান্ত এয়াৰ ইণ্ডিয়া, ইণ্ডিগোৰ! আৰম্ভ বিশেষ বিমানসেৱাৰ

March 11, 2026
Next Post
ৰাম মন্দিৰৰ ভূমি পূজনত ISIৰ চকু

ৰাম মন্দিৰৰ ভূমি পূজনত ISIৰ চকু

লণ্ডনত জিমত ব‍্যস্ত সোনম কাপুৰ

লণ্ডনত জিমত ব‍্যস্ত সোনম কাপুৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.