• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
৫৬ তম জ্ঞানপীঠ সন্মান গ্ৰহণ কৰি কি ক’লে কবি নীলমণি ফুকনে? (সম্পূৰ্ণ ভাষণ)

৫৬ তম জ্ঞানপীঠ সন্মান গ্ৰহণ কৰি কি ক’লে কবি নীলমণি ফুকনে? (সম্পূৰ্ণ ভাষণ)

4 years ago
কাইলৈৰ ৰাশিফলঃ ত্ৰি-একাদশী যোগৰ প্ৰভাৱ, বুদ্ধিৰে সকলোকে পিছ-পেলাব এই ৫ৰাশিৰ জাতকে

কাইলৈৰ ৰাশিফলঃ ত্ৰি-একাদশী যোগৰ প্ৰভাৱ, বুদ্ধিৰে সকলোকে পিছ-পেলাব এই ৫ৰাশিৰ জাতকে

5 days ago
চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?

চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?

5 days ago
ফেব্ৰুৱাৰীৰ শেষদিনত বুধ আৰু শুক্ৰৰ মহাসংযোগ, মাৰ্চত ভাগ্য চমকিব ৪ৰাশিৰ জাতকৰ

ফেব্ৰুৱাৰীৰ শেষদিনত বুধ আৰু শুক্ৰৰ মহাসংযোগ, মাৰ্চত ভাগ্য চমকিব ৪ৰাশিৰ জাতকৰ

5 days ago
ব্ৰেইন নে হাৰ্ট? মৃত্যুৰ পাছত কি কি অংগই আগতীয়াকৈ কাম কৰা বন্ধ কৰে?

ব্ৰেইন নে হাৰ্ট? মৃত্যুৰ পাছত কি কি অংগই আগতীয়াকৈ কাম কৰা বন্ধ কৰে?

5 days ago
সন্মুখত মহাশিৱৰাত্ৰি, এই পবিত্ৰ ক্ষণতেই বিবাহ হৈছিল শিৱ-পাৰ্বতীৰ, পাৰ্বতীক মহাদেৱে বিবাহ কৰোৱাৰ প্ৰকৃত ৰহস্য

সন্মুখত মহাশিৱৰাত্ৰি, এই পবিত্ৰ ক্ষণতেই বিবাহ হৈছিল শিৱ-পাৰ্বতীৰ, পাৰ্বতীক মহাদেৱে বিবাহ কৰোৱাৰ প্ৰকৃত ৰহস্য

5 days ago
মাজত মাত্ৰ দুদিন, কুম্ভ ৰাশিলৈ সূৰ্য আহিলেই বুধাদিত্য ৰাজযোগ, সাফল্য আহিব এই ৪ৰাশিৰ হাতলৈ

মাজত মাত্ৰ দুদিন, কুম্ভ ৰাশিলৈ সূৰ্য আহিলেই বুধাদিত্য ৰাজযোগ, সাফল্য আহিব এই ৪ৰাশিৰ হাতলৈ

5 days ago
শনিৰ ৰাশিত সূৰ্যগ্ৰহণ, একেলগে পঞ্চগ্ৰহী যোগ, মালামাল হ’ব ৩ৰাশিৰ জাতক

শনিৰ ৰাশিত সূৰ্যগ্ৰহণ, একেলগে পঞ্চগ্ৰহী যোগ, মালামাল হ’ব ৩ৰাশিৰ জাতক

6 days ago
ওলোটা পথেৰে যাত্ৰা কৰিব বুধে, লাভেই লাভ এই ৪ৰাশিৰ জাতকৰ

ওলোটা পথেৰে যাত্ৰা কৰিব বুধে, লাভেই লাভ এই ৪ৰাশিৰ জাতকৰ

6 days ago
বজৰংবলীৰ প্ৰিয় এই ৫ৰাশিৰ জাতক-জাতিকা, সকলো সময়তে বজৰংবলী কাষত থাকে তেওঁলোকৰ

বজৰংবলীৰ প্ৰিয় এই ৫ৰাশিৰ জাতক-জাতিকা, সকলো সময়তে বজৰংবলী কাষত থাকে তেওঁলোকৰ

6 days ago
UCO বেংকৰ FD ত ১০০,০০০ টকা জমা কৰি লাভ কৰক ৩৮,৭২৩ টকা স্থিৰ সুদ, ৰিটাৰ্ণৰ সকলো তথ্য জানি থওক

UCO বেংকৰ FD ত ১০০,০০০ টকা জমা কৰি লাভ কৰক ৩৮,৭২৩ টকা স্থিৰ সুদ, ৰিটাৰ্ণৰ সকলো তথ্য জানি থওক

6 days ago
ফেব্ৰুৱাৰীৰ দ্বিতীয় সপ্তাহত শুক্ৰাদিত্য ৰাজযোগ, সাফল্য নিশ্চিত ৫ৰাশিৰ ভাগ্যত

ফেব্ৰুৱাৰীৰ দ্বিতীয় সপ্তাহত শুক্ৰাদিত্য ৰাজযোগ, সাফল্য নিশ্চিত ৫ৰাশিৰ ভাগ্যত

6 days ago
কথাৰ সুৰ সলনি পাকিস্তান ক্ৰিকেট বৰ্ডৰ, এইবাৰ টি-২০ বিশ্বকাপত ভাৰতৰ সৈতে খেলিবলৈ ৰাজী পাকিস্তান, কিন্তু আছে ৩টা চৰ্ত

কথাৰ সুৰ সলনি পাকিস্তান ক্ৰিকেট বৰ্ডৰ, এইবাৰ টি-২০ বিশ্বকাপত ভাৰতৰ সৈতে খেলিবলৈ ৰাজী পাকিস্তান, কিন্তু আছে ৩টা চৰ্ত

6 days ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, February 15, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home লেখা

৫৬ তম জ্ঞানপীঠ সন্মান গ্ৰহণ কৰি কি ক’লে কবি নীলমণি ফুকনে? (সম্পূৰ্ণ ভাষণ)

Lecture-of-poet-Nilamani-Phukan-after-receiving-Jnyanpith-Award

editor by editor
April 12, 2022
in লেখা
0
৫৬ তম জ্ঞানপীঠ সন্মান গ্ৰহণ কৰি কি ক’লে কবি নীলমণি ফুকনে? (সম্পূৰ্ণ ভাষণ)
0
SHARES
275
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

হে মোৰ সপোনৰ সূৰ্যৰ মানুহ,

জয় জয়তে সমবেত সুধীসমাজৰ ওচৰত মই মূৰ দোঁৱাইছোঁ। নমস্কাৰ জনাইছোঁ।

২০২১ বৰ্ষৰ জ্ঞানপীঠ সন্মান এই অকিঞ্চনলৈ আগবঢ়োৱা হৈছে, ই এক অসামান্য মানবিশিষ্ট বঁটা। মোৰ কবিতাৰ বাবে এয়া এক ওখ খাপৰ স্বীকৃতি। অসমীয়া ভাষাত কবিতা লিখা কবি এজনলৈ এই সন্মান আগবঢ়োৱাৰ মানসেৰে জ্ঞানপীঠ সমিতিয়ে মোৰ নাম বিবেচনা কৰাত মই ভাল পাইছোঁ, সুখী হৈছোঁ।

সমিতিৰ লগত যুক্ত হৈ থকা সকলোকে ধন্যবাদ জনোৱাৰ লগতে অসমৰ মাননীয় মুখ্যমন্ত্ৰী প্ৰমুখ্যে অসম চৰকাৰক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।

চাৰিওপিনে হিংসা–নিৰ্বিচাৰ নিৰ্মম

নিৰ্যাতন

নিপীড়ণ হত্যাৰ খবৰৰ লগত মিল নোখোৱা খবৰ এইটো।

ধৰ্মান্ধৰ উন্মাদনা

ৰাজনীতিৰ দুৰ্বৃত্তায়ন–দিনে দিনে বাঢ়ি অহা পৰিৱেশ প্ৰদুষণ

অনিশ্চয়তা

দৌৰা-দৌৰি।

ভয়ৰ মাজত মোলৈ অহা এই ভাল খবৰটোৱে মুকলিকৈ উশাহ ল’ব পাৰিছেনে?

চকিয়াল নামৰ অখ্যাত গাঁওখনৰ এমূৰত থকা হাবিখনৰ পৰা হাতৰ মুঠিত জোনাকী এটা লৈ তাহানিতেই গুৱাহাটী ওলাইছিলোহি। অন্তৰত বিষণ্ণ এক সেউজীয়া স্তব্ধতা

সোণাৰুৰ অকণমান সোণহালধীয়া লৈ

গেজেপনি হাবি এখনৰ পৰা ওলাই আহিছিলোঁ

নেঘেৰেটিঙৰ শিৱদৌল, দেওপাহাৰৰ শিলামূৰ্তিবোৰ আৰু আমাৰ গাঁৱৰ কাষেৰে বৈ যোৱা গেলাবিল নামৰ ৰূপহী নৈখনে মোৰ মন-প্ৰাণ প্ৰবাহিত কৰি নৰখা হ’লে মই আজিৰ এই ঠাই ওলাব নোৱাৰিলোহেঁতেন, সি খাটাং। তাৰ লগতে আছে এই চুটি ভাষণত নামোল্লেখ কৰিব নোৱাৰা মোৰ পুথিৰ প্ৰকাশকসকল, আলোচনীৰ সম্পাদকসকল, ঘৰখন, পৰিয়ালৰ সদৌতিকে ধৰি অসংখ্য শুভানুৰাগী, অনুৰাগীৰ মৰম-ভালপোৱা আৰু পূজনীয় পিতৃ-মাতৃৰ লগতে জ্যেষ্ঠ জনৰ আশীৰ্বাদ।

জৰোশ্লাভ চিফাৰ্টৰ এফাঁকি কবিতাৰ প্ৰতিধ্বনি কৰি কওঁ, পৃথিৱীৰ কেইবা নিযুত কবিতাৰ মাজত মই মাত্ৰ কেইটামান কবিতাহে যোগ দিছোঁ, উঁইচিৰিঙাৰ মাততকৈ তাত বেছি জ্ঞানগৰ্ভ কথা একো নাই।

চহৰত সুদীৰ্ঘকাল কটোৱাৰ পিছতো স্মৃতি-স্বপ্ন, বিষাদ-আনন্দ হৈ সেই গাঁওখনেই অজস্ৰ কথা সুৰ গন্ধ-বৰ্ণ, দিন আৰু ৰাতিৰ ৰহস্যময় দৃশ্য হৈ আজিও প্ৰতিনিয়ত মোৰ মন হৃদয় আৰু কল্পনাক আলোড়িত কৰি ৰাখিছে। গাঁওখনৰ কাষেদি বৈ যোৱা বৰ্ষা-শীতৰ নৈখনৰ পাৰত থিয় হৈ আজিও যেন দূৰ দিগন্তলৈ চাইছোঁ আবেলি উৰি যোৱা চৰাইজাকৰ ফাললৈ।

ওখ ওখ গছবোৰৰ ওপৰলে হাত মেলি দিছোঁ

নৈ-সাগৰ অৰণ্যানি পৰ্বত-পাহাৰ মৰুভূমি পাৰ হৈ ক’ৰবাৰ মানুহ গৈ কোন সুদুৰত ওলাইছোঁগৈ।

কোনোবা জনমৰ সুহৃদ বুলি ইজনৰ পিছত সিজনক আঁকোৱালি লৈছোঁ

নিজকে পাহৰি গৈছোঁ, আকৌ নতুনকৈ নিজকে বিচাৰি পাইছোঁ

চিৰকালৰ মানুহৰ অমিত শক্তি

আশা-আকাংক্ষা

জয়-পৰাজয়ৰ গৌৰৱ-আনন্দ-গ্লানি-যন্ত্ৰণাৰ অংশীদাৰ হৈছোঁ

যেতিয়া পৃথিৱীৰ সৰ্বত্ৰ মানুহ আছে

জড় জীৱন্ত বস্তুবোৰ আছে

জুই-পানী আছে

হাঁহি আৰু চকুলোৰ জোন-বেলি তৰাবোৰ অনন্ত কাল ধৰি একেখন আকাশতে জ্বলি আছে।

চি জি য়ুঙে এবাৰ কৈছিল– আধুনিক মানুহে এটা আত্মা বিচাৰি ফুৰিছে। আমাৰ বিশ্বাস, কবিতাৰ মাজেৰেই আধুনিক মানুহে এদিন সেই আত্মাৰ সন্ধান পাব, সন্ধান পাব এখন প্ৰেমৰ পৃথিৱীৰ– নতুন আধ্যাত্মিক প্ৰমূল্যৰ, সৰ্বাত্মক এটা মানৱিক যুগৰ।

কবিতা ভাষা শিল্প, জীৱন শিল্পও। সমাজবোধ আৰু ইতিহাসবোধৰ পৰাই উৎসাৰিত হয় কবিতাৰ ভাষা।

কিন্তু শেষত এই ভাষাৰো বন্ধন ছিঙি কবিতাই বিচাৰে অন্তহীন ব্যাপ্তি –

মানুহৰ তেজত

মঙহত-বতাহত-আকাশত

লিখিছোনে এনে এটা কবিতা যি ‘বচনাতীতৰ আস্বাদ’

আনন্দ ৰূপ অমৃত

নীল নিনাদি উঠা হুংকাৰ

যি জীৱনৰ প্ৰতিকল্প

য’ত কালাতীত মহাজীৱনৰ ধ্বনিময়-ৰূপময়-গন্ধময়-বৰ্ণময় বাণী সোণৰ সংগীত হৈ বাজি উঠিছে•

গুজৰি গুমৰি মৰিছে

বহু প্ৰস্তুতি আৰু প্ৰতিক্ষাৰ পিছত পাঁও এটা তন্ময়ৰ মুহূৰ্ত। লিখো এটা কবিতা বা অকবিতা। তাৰ পাছত আকৌ সেই অতৃপ্তি।

সেই ব্যৰ্থতাৰ ক্লেশ আৰু যন্ত্ৰণা। আকৌ সেই ৰৈ থকা আৰু সেই এজাক বৰষুণলৈ বাট চাই থকা।

মানুহক মানুহ কৰাই সকলো কলাৰ লক্ষ্য। কবিতাৰো।

মানুহৰ সৃজনীশক্তি, উপলব্ধি শক্তি, মংগলবোধক উদ্ৰেক কৰা বোধ-অনুভূতিক জীপাল, তেজাল, ধাৰাল কৰা– মানুহৰ সৃজনশীল চৈতন্যক সম্প্ৰসাৰিত কৰা

মানুহক দ্ৰষ্টা কৰা

স্ৰষ্টা কৰা।

পৃথিৱীৰ সকলো কবিয়েই সম্ভৱত বাঞ্চা কৰে, পৃথিৱীৰ সকলো মানুহেই কবি হওক, বিদ্ৰোহী হওক, প্ৰেমিক হওক।

জীৱনৰ অখণ্ড ৰূপৰ সাধনাই কবিৰ সাধনা।

আৰু কবিতা– প্ৰেম, শক্তি, শান্তি, ঐক্য, সৌন্দৰ্যত আৰু সৃজনশীলতাত মানুহৰ অটল আস্থা। এই কাৰণেই ই অক্ষয় আৰু অনন্ত। প্ৰতিটো কবিতাই এটা মানৱিক মুহূৰ্ত, যি আনন্দ বেদনাৰ, শেষ হয় চেতনাৰ নিস্তব্ধ উজ্জীৱনত। কবিতা মানৱতাৰ কণ্ঠস্বৰ। কাণ পাতিলেই প্ৰতিজনে নিজৰ মনৰ নিজানত শুনিবলৈ পাব পুৱা-সন্ধ্যাৰ, সত্য আৰু সৌন্দৰ্যৰ সেই আৱহমান ৰাগমালা।

সাৰ্থক কবিতা এটা পঢ়িলে

বা শুনিলে আমি নিজকে পাওঁ

আনকো পাওঁ

হঁহা দেখোঁ

কন্দা দেখোঁ

জীৱন্ত জড় বস্তুবোৰক নিজৰ মাজত দেখোঁ

ক’ৰবাত নিজকে এৰি থৈ কাৰোবাক বিচাৰি ক’ৰবালৈ গুচি যাওঁ।

বিশ্ব প্ৰকৃতি আৰু জীৱনৰ ৰহস্যৰ লগত জনা-নজনাকৈ আমাৰ এটা সম্পৰ্ক হয়। নিজৰ কল্পনা আৰু বোধ অনুভূতিৰে মানুহৰ অস্তিত্ব, অস্তিত্বৰ যন্ত্ৰণা, সত্য অসত্যক, অতীত, বৰ্তমান আৰু ভৱিষ্যতক জীৱনৰ পূৰ্ণতা, অপূৰ্ণতাক, জনা-নজনাক অনুভৱ উপলব্ধি কৰোঁ। ব্যক্তিমন সাৰ্বজনীন মনৰ লগত কালস্ৰোত আৰু ইতিহাসৰ লগত অন্বিত হয়।

কবি মাত্ৰেই তেওঁ এজন সৰ্বপ্ৰাণবাদী, প্ৰেমিক, বিদ্ৰোহী, মানৱতাবাদী, মানুহৰ মৈত্ৰী-মমতাবোধত শান্তি-ঐক্য আৰু মানুহৰ ভৱিষ্যতত বিশ্বাসী। পৃথিৱীৰ সকলো কবিয়েই বাঞ্চা কৰে, সৰ্বত্ৰ শোষণ-পীড়নৰ অন্ত হওক, ভাতৃঘাতী, আত্মঘাতী সংঘাত, সংঘৰ্ষ, যুদ্ধ-বিগ্ৰহ, ৰক্তপাতৰ অন্ত হওক, মানুহৰ মানুহলৈ ভয় নোহোৱা হওক।

পৃথিৱীৰ প্ৰতিজন মানুহেই প্ৰতিজন মানুহৰ মাজত বিচাৰি পাওক চিৰকালৰ এজন পৰম সুহৃদ। মানুহৰ জীৱনৰ প্ৰতিটো মুহূৰ্তই হওক একোটা মানৱিক মুহূৰ্ত– একোটা আধ্যাত্মিক মুহূৰ্ত।

ছাঁ জাঁ পেৰ্ছৰ এফাঁকি কথাৰ প্ৰতিধ্বনি কৰি কওঁ–

কবিতা মাটিৰ চাকি।

কবিৰ হাতত থকা এই মাটিৰ চাকিটিৰ পোহৰেই আজিৰ এই পৰিস্থিতিত যথেষ্টনে? যথেষ্ট– যদি মানুহে কেৱল মনত ৰাখে মাটিক।

প্ৰখ্যাত সমালোচক চি এম বাওৰাৰ কথাৰ সুৰত কওঁ– মোৰ প্ৰতিটো কবিতা সভ্যতাৰ বাটেৰে আহি থকা আধুনিক মানুহৰ মনৰ বিকাশ– উন্মুখ এটা এটা নবীন খোজহে মাথোন। মানুহ, মানুহ, মানুহ, মানুহ, মানুহ– মোৰ সপোনৰ সূৰ্যৰ মানুহ– মোৰ অপাৰ অগাধ-অটল আস্থাৰ থলী।

তাৰ পিছতো মোৰ মনলৈ এই ভাব আহে– আপুনি কবিতা পঢ়েনে? নিচেই কম সংখ্যক মানুহেহে কবিতা পঢ়ে আৰু কাচিৎ কোনোবাজনেহে কবিতাৰ দ্বাৰা সামান্য প্ৰভাৱিত হয়। মানুহ য’তেই আছে, তাতেই জড় জীৱন্ত বস্তুবোৰ আছে। তাতেই কবিতা আছে। জীয়াই থকাটোৱেই কবিতা। জীৱনেই কবিতা। কেৱল মানুহৰেই গান আছে। মানুহৰেই আছে এটা চিন্তাশীল আবেগিক ভাব জীৱন, এটা বৃহত্তৰ জীৱন। মানুহৰ অন্তৰাত্মাৰ ব্যাকুলতাৰ অন্ত নাই। মানুহেই কেৱল কল্পনা আৰু সৃজনীশক্তিৰ অধিকাৰী। এই কল্পনাই জ্ঞান, আৰু সৃজনীশীল চৈতন্যই পোহৰ। সৃজনশীল চৈতন্যৰ সমৃদ্ধি আৰু ব্যাপ্তিতেই মৰণশীল মানুহৰ শৌৰ্য আৰু মনুষ্যত্বৰ গৌৰৱ।

আহক কবিতা পঢ়োঁ। কবিতাই অমৃত মণি, অভয়। পাৰাপাৰহীন প্ৰেমৰ মাজত অনাবিল সৌন্দৰ্যৰ মাজত নগ্ন হওক, মগ্ন হওক, স্তব্ধ হওক– মুক্ত কৰক মন আৰু হৃদয়ক। আৰু আপুনি নিজেই হৈ উঠক এটা কবিতা।

আপুনিও এটা শুভবাৰ্তাৰ কাৰণে ৰৈ আছে, মানৱতাৰ মুহূৰ্তবোৰৰ কাৰণে। আহক উপলব্ধি কৰোঁ অনিৰ্বচনীয় এক আনন্দ আৰু বেদনাক, যি আনন্দৰ, বেদনাৰ শেষ হয় চেতনাৰ নিস্তব্ধ বোধনত।

আহক অনুভৱ কৰোঁ –

মনৰ ভিতৰত ৰঙা হালধীয়া ফুলবোৰ ফুলি উঠা,

এটা শঙ্খৰ ভিতৰত এটা শঙ্খ বাজি উঠা।

অনুভৱ কৰোঁ– মানুহ মুক্ত, জীৱন সুন্দৰ, জুই সুন্দৰ, পানী সুন্দৰ, উইচিৰিঙাৰ মাতটো সুন্দৰ, টিপচি চৰাইটো সুন্দৰ, সুন্দৰ মানুহৰ মৃত্যু।

মই এক অসমীয়া, মোৰ কবিতাৰ ভাষা অসমীয়া, তাৰ মাজেৰেই মই বিশ্বমন, হৃদয় আৰু প্ৰাণৰ সৈতে যুক্ত হৈ থাকোঁ। দেশ, কাল, ভাষাৰ সীমা চেৰাই গৈ পোৱা মুকুতিৰ স্নিগ্দ্ধ আনন্দত লালিত মোৰ কল্পনা।

অসমৰ বিনন্দীয়া প্ৰকৃতিয়ে মোৰ কল্পনাক প্ৰাণৱন্ত কৰি ৰাখে। ইয়াৰ পাহাৰ, ভৈয়ামৰ মাটি, শইচৰ সেউজ-সোণালীয়ে মোৰ সংবেদনত জোঁকাৰ তুলি থাকে অনবৰতে, ইয়াৰ কলৰৱমুখৰ নৈবোৰৰ সৌন্দৰ্য-মাধুৰ্য, নৈৰ পাৰৰ ছোৱালীহঁতৰ ৰূপ-জেউতিয়ে মোৰ সৃজনশীল মনটোক নিয়ত আলোড়িত কৰি ৰাখে। মোলৈ অহা অতিকে সন্মানজনক জ্ঞানপীঠ বঁটা এই সকলোৰে লগত মই ভগাই লবলৈ পাই পুলকিত হৈছোঁ।

শেষত, পুনৰবাৰ সমবেত সুধী সমাজক কৃতজ্ঞতা জনাই মুৰ দোৱাইছোঁ, সেৱা জনাইছোঁ।

ধন্যবাদ

নীলমণি ফুকন

১১ এপ্ৰিল ২০২২

SEE MORE

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka newsassam ka tazza khabarassam live 24Assam-Govtaxom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in Assamhimanta biswa sharmaJNYANPITH AWARD 2022nilamani phukan
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?
চিনেমা

চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?

February 10, 2026
UCO বেংকৰ FD ত ১০০,০০০ টকা জমা কৰি লাভ কৰক ৩৮,৭২৩ টকা স্থিৰ সুদ, ৰিটাৰ্ণৰ সকলো তথ্য জানি থওক
জীৱনশৈলী

UCO বেংকৰ FD ত ১০০,০০০ টকা জমা কৰি লাভ কৰক ৩৮,৭২৩ টকা স্থিৰ সুদ, ৰিটাৰ্ণৰ সকলো তথ্য জানি থওক

February 9, 2026
১৯ বছৰৰ পাছত মহাশিৱৰাত্ৰিত লক্ষ্মী নাৰায়ণ ৰাজযোগ, মহাদেৱৰ কৃপা থাকিব এই ৫ৰাশিত
জীৱনশৈলী

১৯ বছৰৰ পাছত মহাশিৱৰাত্ৰিত লক্ষ্মী নাৰায়ণ ৰাজযোগ, মহাদেৱৰ কৃপা থাকিব এই ৫ৰাশিত

February 6, 2026
টেষ্টোষ্টেৰণ কম আছিল, একাধিক যৌনৰোগত আক্ৰান্ত হৈছিল! এপষ্টিনৰ মেডিকেল ৰিপৰ্টত আৰু কি কি ভয়ংকৰ তথ্য?
জীৱনশৈলী

টেষ্টোষ্টেৰণ কম আছিল, একাধিক যৌনৰোগত আক্ৰান্ত হৈছিল! এপষ্টিনৰ মেডিকেল ৰিপৰ্টত আৰু কি কি ভয়ংকৰ তথ্য?

February 6, 2026
Next Post
শোকাৱহ! ৰে’লে মহতীয়াই নিলে যাত্ৰীক, অসমৰ দুইসহ থিতাতে নিহত ৫ যাত্ৰী

শোকাৱহ! ৰে’লে মহতীয়াই নিলে যাত্ৰীক, অসমৰ দুইসহ থিতাতে নিহত ৫ যাত্ৰী

বৰষুণত তিতি তিতি কৰ্তব্য পালন, ভাইৰেল হোৱা আৰক্ষী জোৱানজন কোন আছিল?

বৰষুণত তিতি তিতি কৰ্তব্য পালন, ভাইৰেল হোৱা আৰক্ষী জোৱানজন কোন আছিল?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.