কংগ্ৰেছৰ ডুবন্ত নাও কোনে উদ্ধাৰ কৰিব? পশ্চিম আকাশত মাৰ যোৱাৰ দিশে কংগ্ৰেছৰো নিস্তেজ সূৰ্যক কোনে উদ্ধাৰ কৰিব কোনে? কংগ্ৰেছ উদ্ধাৰৰ শেহতীয়া পাশুপাত অস্ত্ৰও কংগ্ৰেছক স্পষ্টকৈ জনালে NO. অৰ্থাৎ সমগ্ৰ দেশৰ সংবাদ মাধ্যমৰ চৰ্চাৰ ঊৰ্ধ্বত থকা ৰাজনৈতিক ৰণনীতিবিদ প্ৰশান্ত কিশোৰে যোগদান নকৰে কংগ্ৰেছত৷ যি খবৰে মানসিকভাৱে ভাঙি পেলাইছে কংগ্ৰেছৰ কেন্দ্ৰীয় নেতৃত্বক৷
ৰাজনৈতিক ৰণনীতিবিদ প্ৰশান্ত কিশোৰে কংগ্ৰেছত যোগদান নকৰাৰ আঁৰত আছে কেইবাটাও কাৰণ৷ যি কাৰণসমূহ সঁচাকৈয়ে কংগ্ৰেছৰ ক্ষেত্ৰত নিৰ্মোহ বিশ্লেষণ আৰু কঠোৰ আত্মসমালোচনাৰ প্ৰয়োজন আহি পৰিছে এই সময়ত৷ প্ৰশান্ত কিশোৰে কংগ্ৰেছত যোগদান কৰাৰ কথা অস্বীকাৰ কৰি কয়— কংগ্ৰেছৰ আন্তঃগাঠনিৰ লগতে দলক সঠিক নেতৃত্বৰ নেতা নিৰ্বাচনৰ ক্ষেত্ৰত গভীৰভাৱে চিন্তা-চৰ্চা কৰা উচিত৷
আচলতে প্ৰশান্ত কিশোৰে কংগ্ৰেছত যোগদান কৰাৰ কথা চিন্তা নকৰা নহয়৷ আৰু এই চিন্তা সাৰগত কৰিয়েই প্ৰশান্ত কিশোৰে কংগ্ৰেছত মুক্তভাৱে কাম কৰাৰ অনুমতি বিচাৰি প্ৰস্তাৱ আগবঢ়াইছিল৷ কিন্তু প্ৰশান্ত কিশোৰৰ প্ৰস্তাৱক গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰিছিল কংগ্ৰেছে৷ ফলত কংগ্ৰেছত মুক্তভাৱে পৰিৱেশ নাপায় কংগ্ৰেছত যোগদান কৰাৰ সিদ্ধান্তক ত্যাগ কৰে প্ৰশান্ত কিশোৰে৷
টুইটযোগে প্ৰশান্ত কিশোৰে সদৰী কৰে যে— EAG অংশ হিচাপে দলটোত যোগদান কৰিবলৈ লগতে নিৰ্বাচনৰ দায়িত্ব ল’বলৈ কংগ্ৰেছে আগবঢ়োৱা প্ৰস্তাৱক মই অস্বীকাৰ কৰিছো৷ লগতে তেওঁ উল্লেখ কৰে সময়ৰ পৰিৱৰ্তনৰ লগে লগে গভীৰভাৱে সংস্কাৰৰ প্ৰয়োজন হৈছে দলটোক৷ কিছুদিনৰ পূৰ্বে কংগ্ৰেছৰ অধ্যক্ষ ছোনিয়া গান্ধী আৰু প্ৰশান্ত কিশোৰৰ মাজত একাধিক বৈঠক অনুষ্ঠিত হৈ যায়৷
এই বৈঠকৰ জৰিয়তে স্পষ্ট হৈছিল প্ৰশান্ত কিশোৰে কংগ্ৰেছত যোগদান কৰাৰ কথা৷ কিন্তু শেষত সকলো জল্পনা-কল্পনাৰ অন্ত পেলাই কংগ্ৰেছত যোগদান কৰাৰ সিদ্ধান্তক সলনি কৰে ৰাজনৈতিক ৰণনীতিবিদ প্ৰশান্ত কিশোৰে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ















