শেহতীয়াকৈ হোৱাটছএপে যিকোনো ব্যক্তিক এটা মেছেজৰ উত্তৰত বিভিন্ন ধৰণৰ ইমোজিৰ দ্বাৰা সঁহাৰি জনোৱাৰ সুযোগ প্ৰদান কৰিছিল। ফেচবুকৰ দৰেই সুবিধা লাভ কৰি গ্ৰাহকসকল অধিক সুখী হৈছিল।
কিন্তু সেই সুখৰ বিপৰীতে এইবাৰ ফেচবুকত এটা নতুন পৰিৱৰ্তন আহিল, যিটোৱে আপোনাক হয়তো কিছু পৰিমাণে অসুখী কৰি তুলিব। আপোনাৰ ফটো, পোষ্ট, বা কমেণ্টৰ সঁহাৰি আপুনি চাব পাৰিলেও এই পৰিৱৰ্তনৰ পিছৰ পৰা কোনে কি কি ৰিয়েক্ট কৰিছে সেয়া আৰু আপুনি দেখা নাপাব! ফেচবুকে সেই সুবিধা বন্ধ কৰি দিছে।
ইমান দিনে ফেচবুকৰ লাইক, লাভ, খং, আচৰিত আৰু হাঁহিৰ ইমোজি ব্যৱহাৰ কৰি যিকোনো পোষ্টত ছটাকৈ ৰিয়েক্ট কৰিব পৰা সুবিধা আছিল। আৰু কোনে কি ৰিয়েক্ট কৰিছে বা আপুনি কি ৰিয়েক্ট কেইটা পাইছে সেয়া চাবও পৰে৷ কিন্তু নতুন পৰিৱৰ্তনৰ পিছৰে পৰা সেয়া চাব নোৱাৰিব অৰ্থাৎ কোনে কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে সেয়া জানিব নোৱাৰিব। কেৱল ৰিয়েক্টসমূহৰ সংখ্যাটোহে আপুনি দেখা পাব৷
লগতে পঢ়ক লাডাখত সেনাৰ বাহন দুৰ্ঘটনাগ্ৰস্ত : শ্বিয়ক নৈত পৰি মৃত্যু ৭ জোৱানৰ
এই নতুন ব্যৱস্থাটোৰ পিছত ফেচবুক ব্যৱহাৰকাৰীৰ মিশ্ৰিত প্ৰতিক্ৰিয়া প্ৰকাশ কৰা দেখা গৈছে। এই নতুন ব্যৱস্থাটোক লৈ একাংশ লোক অতিশয় ক্ষুব্ধ হৈ পৰিছে। তেওঁলোকৰ মতে ফ’ল’ৱাৰ কোন, কোনে নিয়মীয়াকৈ পোষ্ট লাইক বা অন্যান্য ৰিয়েক্ট কৰিছে সেয়া এতিয়াৰ পৰা দেখা নাপাব।
আন একাংশই নতুন ব্যৱস্থাটোক ভাল পোৱা দেখা গৈছে। তেওঁলোকে ভাবে যে এইবাৰ তেওঁলোকে অজানিতে কাৰোবাৰ পোষ্ট এটাৰ সঁহাৰি দিব যিটো কোনেও ধৰিব নোৱাৰিব।
অৱশ্যেই এই নতুন পৰিৱৰ্তনটো কেৱল এণ্ড্ৰয়েড মোবাইলতহে কাৰ্যকৰী হ’ব ডেস্কটপত পূৰ্বৰ দৰেই সকলোৰে প্ৰতিক্ৰিয়া পূৰ্বৰ দৰেই দেখা পোৱা যাব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ















