ৰাজ্যৰ ক্ৰীড়া ক্ষেত্ৰলৈ ভাল খবৰ! কমনৱেলথ গেমছলৈ যোগ্যতা অৰ্জন কৰিছে অসমৰ বক্সাৰ শিৱ থাপাই।
বৃহস্পতিবাৰে অনুষ্ঠিত হোৱা ট্ৰায়েলত শিৱ থাপাই জুলাইত অনুষ্ঠিত হ’বলগীয়া কমনৱেল্থ গেমছৰ বাবে যোগ্যতা অৰ্জন কৰি ভাৰতীয় পুৰুষ দলত স্থান লাভ কৰিছে।
ট্ৰায়েলত শিৱ থাপাই ২০১৮ ৰ কমনৱেল্থ গেমছৰ ৰূপৰ পদক বিজয়ী মনীষ কৌশিকক ৫-০ ব্যৱধানত পৰাস্ত কৰি এই যোগ্যতা অৰ্জন কৰে।
লগতে পঢ়ক প্ৰাক্তন স্বামীক ১.৩৫ কোটি ক্ষতিপূৰণ দিব লাগিব হাৰ্ডে! কিয়? দিব পাৰিবনে হাৰ্ডে?
শিৱ থাপাই প্ৰতিযোগিতাখনত ৬৩.৫ কিলোগ্ৰাম শাখাত প্ৰতিদ্বন্দিতা আগবঢ়াব।ইয়াৰ পূৰ্বে শিৱই ২০১৪ চনৰ গ্লাচগ’ কমনৱেল্থ গেমছত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল।
শিৱ থাপাক উপৰিও অন্যান্য কেইবাটাও শাখাত আন বহু কেইগৰাকী ভাৰতীয় বক্সাৰে যোগ্যতা অৰ্জন কৰিছে।
লগতে পঢ়ক লিভাৰ চিৰ’ছিচ ৰোগীৰ খাদ্য আৰু পৰিপুষ্টি
তেওঁলোকৰ ভিতৰত আছে মহম্মদ হাছামুদ্দিন, ৰোহিত টোকাছ, সুমিত পংঘাল, অমিত পংঘাল, আশীষ কুমাৰ, সঞ্জিত আৰু সাগৰ।
উল্লেখ্য যে অহা ২৮ জুলাই পৰা আগষ্টৰ ৮ তাৰিখলৈ অনুষ্ঠিত হ’ব কমনৱেল্থ গেমছ।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ