অসম লাইভ২৪ঃ অবৈধভাৱে সীমান্ত পাৰ হৈ ভাৰতত থকা আত্মীয়ৰ ঘৰলৈ অহাৰ পথতেই BSF-ৰ গুলীত নিহত হৈছে বাংলাদেশী যুৱক। দেওবাৰে সাতখিৰা সদৰ উপজিলাৰ খৈতলা সীমান্ত পাৰ হ’ব খোজোতেই এই ঘটনা। BSF-ৰ গুলীত নিহত হোৱা লোকজন বাংলাদেশৰ মহম্মদ হাছানু্জ্জামান ওৰফে মান্দুলী বুলি প্ৰকাশ। ২৫ বছৰীয়া মান্দুলীয়ে ভাৰতৰ কৈজুৰী সীমান্ত পাৰ হওঁতেই সেনাই গুলীচালনা কৰা বুলি সন্দেহ কৰা হৈছে যদিও সেনাই এই গুলীচালনাৰ কথা অস্বীকাৰ কৰিছে।
মৃত মান্দুলীৰ পিতৃয়ে উল্লেখ কৰা অনুযায়ী দেওবাৰে সাতখিৰা সদৰ উপজিলাৰ খৈতলা সীমান্তত ভাৰতৰ কৈজুৰি এলেকাত এই ঘটনা। ভাৰতীয় সেনাৰ গুলীত গুৰুতৰভাৱে আহত মন্দুলীক চিকিৎসালয়লৈ লৈ যোৱা হৈছিল যদিও চিকিৎসকে মৃত ঘোষণা কৰে।
উল্লেখ্য যে ঘটনা সন্দৰ্ভত সাতখিৰা BGB-৩৩ বেটেলিয়ানৰ লেফ্টেনেণ্ট কৰ্নেল মহম্মদ আল-মাহমুদে প্ৰকাশ কৰা অনুসৰি BSF-য়ে প্ৰাথমিকভাৱে ঘটনাটো অস্বীকাৰ কৰিছে যদিও পতাকা বৈঠকৰ বাবে আহ্বান জনোৱা হৈছে। পতাকা বৈঠকৰ পিছতহে সকলো কথা স্পষ্ট হ’ব বুলি প্ৰকাশ কৰিছে লেফ্টেনেণ্ট কৰ্নেল মহম্মদ আল-মাহমুদে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















