অসম লাইভ ২৪ঃ বুধবাৰে ঘোষণা কৰা হ’ল ২০২১ বৰ্ষৰ উত্তৰ প্ৰদেশৰ লোকসেৱা আয়োগৰ পৰীক্ষাৰ ফলাফল। এই বৰ্ষত মুঠ উত্তীৰ্ণৰ সংখ্যা হৈছে ৬২৭ জন। পৰীক্ষাৰ ফলাফল ঘোষণাৰ পিছতেই প্ৰকাশ হৈছে শীৰ্ষস্থানপ্ৰাপ্ত সকলৰ নাম। প্ৰত্যেকবাৰৰ ধাৰাৰেই এই বৰ্ষতো উত্তৰ প্ৰদেশ আৰু বিহাৰৰ বহুসংখ্যেই উত্তীৰ্ণ হৈছে লোকসেৱা আয়োগৰ পৰীক্ষাত। উত্তৰ প্ৰদেশৰ বিবেক সিং আৰু সন্ধ্যা সিঙৰ সফলতাই সমগ্ৰ দেশজুৰি চৰ্চা লাভ কৰিছে। একে ঘৰৰেই দুই ভাতৃ-ভগ্নীয়ে উত্তীৰ্ণ হৈছে লোকসেৱা আয়োগৰ পৰীক্ষাত।
উল্লেখ্য যে বিবেক আৰু সন্ধ্যা দুয়োৱে উত্তৰ প্ৰদেশৰ লোকসেৱা আয়োগৰ পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ হোৱাৰ পিছতেই সমগ্ৰতে চৰ্চা লাভ কৰিছে বিষয়টোৱে। বিবেকে ৰাজ্যৰ ভিতৰত ৰেংক ৮ত থকাৰ বিপৰীতে ভগ্নী সন্ধ্যা আছে ৰেংক-১২ ত। দুয়োৱেই কোনোধৰণৰ কোচিং অবিহনে এই পৰীক্ষাত উত্তীৰ্ণ হৈছে। দুয়োৰে সফলতাৰ পিছতেই গাঁৱবাসীয়ে দুয়োকে নাচ-গানেৰে আদৰণী জনোৱাৰ ভিডিঅ’ও সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















