• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
দক্ষিণ আফ্ৰিকাই হৰুৱালে ৰোহিত বাহিনীক। কি কাৰণত হাৰিল টীম ব্লু?

দক্ষিণ আফ্ৰিকাই হৰুৱালে ৰোহিত বাহিনীক। কি কাৰণত হাৰিল টীম ব্লু?

4 years ago
বিজেপিয়ে ঘূৰাই দিলে হেৰুওৱা সন্মান!  বিহপুৰীয়াৰ বিধায়ক হৈ অহাৰ সপোন পূৰণ ভূপেন বৰাৰ

বিজেপিয়ে ঘূৰাই দিলে হেৰুওৱা সন্মান! বিহপুৰীয়াৰ বিধায়ক হৈ অহাৰ সপোন পূৰণ ভূপেন বৰাৰ

17 minutes ago
তামিলনাডুৰ ৰাজনীতিৰ নতুন তাৰকা বিজয় থালাপতি কিমান শিক্ষিত?

তামিলনাডুৰ ৰাজনীতিৰ নতুন তাৰকা বিজয় থালাপতি কিমান শিক্ষিত?

54 minutes ago
হঠাৎ মদ্যপানৰ প্ৰতি আসক্ত জাহ্নৱী কাপুৰ, কৰিলে অদ্ভুদ কাণ্ড!

হঠাৎ মদ্যপানৰ প্ৰতি আসক্ত জাহ্নৱী কাপুৰ, কৰিলে অদ্ভুদ কাণ্ড!

1 hour ago
কেনেকৈ পশ্চিম বংগত বিজেপিয়ে উৎখাত কৰিলে মমতাৰ সাম্ৰাজ্য?

কেনেকৈ পশ্চিম বংগত বিজেপিয়ে উৎখাত কৰিলে মমতাৰ সাম্ৰাজ্য?

2 hours ago
দেশৰ আটাইতকৈ ধনী মুখ্যমন্ত্ৰী হ’ব নেকি থালাপতি বিজয়? সম্পত্তি জানি হ’ব আচৰিত

দেশৰ আটাইতকৈ ধনী মুখ্যমন্ত্ৰী হ’ব নেকি থালাপতি বিজয়? সম্পত্তি জানি হ’ব আচৰিত

3 hours ago
জুন মাহত আপুনি হ’ব মালামাল! সংখ্যাতত্ত্বৰ গুৰুত্বপূৰ্ণ সংখ্যকেইটাৰ বিষয়ে জানক

জুন মাহত আপুনি হ’ব মালামাল! সংখ্যাতত্ত্বৰ গুৰুত্বপূৰ্ণ সংখ্যকেইটাৰ বিষয়ে জানক

3 hours ago
কেনেকৈ পাব সফলতা? চাণক্যৰ এইকেইটা কথা জানি লওক

কেনেকৈ পাব সফলতা? চাণক্যৰ এইকেইটা কথা জানি লওক

4 hours ago
8th Pay Commission: কেন্দ্ৰীয় কৰ্মচাৰীৰ নতুন দৰমহা স্কেল কেতিয়া কাৰ্যকৰী হ’ব?

8th Pay Commission: কেন্দ্ৰীয় কৰ্মচাৰীৰ নতুন দৰমহা স্কেল কেতিয়া কাৰ্যকৰী হ’ব?

5 hours ago
শনিয়ে দেখাব প্ৰভাৱ, বিপদত পৰাৰ পূৰ্বে সাৱধান!

শনিয়ে দেখাব প্ৰভাৱ, বিপদত পৰাৰ পূৰ্বে সাৱধান!

5 hours ago
নিৰ্বাচনী ফলাফলৰ মাজত শ্বেয়াৰ বজাৰৰ উত্থান, চেন্সেক্সে দেখুৱালে যাদু!

নিৰ্বাচনী ফলাফলৰ মাজত শ্বেয়াৰ বজাৰৰ উত্থান, চেন্সেক্সে দেখুৱালে যাদু!

6 hours ago
আজি ভাগ্য উদয় হ’ব ৪ ৰাশিৰ, জীৱনলৈ আহিব পৰিৱৰ্তন!

আজি ভাগ্য উদয় হ’ব ৪ ৰাশিৰ, জীৱনলৈ আহিব পৰিৱৰ্তন!

6 hours ago
ভোট গণনাৰ পৰা বিজয়ী ঘোষণালৈকে, প্ৰতিটো ভোট কেনেকৈ গণনা কৰা হয়? জানক পদ্ধতি

ভোট গণনাৰ পৰা বিজয়ী ঘোষণালৈকে, প্ৰতিটো ভোট কেনেকৈ গণনা কৰা হয়? জানক পদ্ধতি

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, May 4, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

দক্ষিণ আফ্ৰিকাই হৰুৱালে ৰোহিত বাহিনীক। কি কাৰণত হাৰিল টীম ব্লু?

দক্ষিণ আফ্ৰিকাই হৰুৱালে ৰোহিত বাহিনীক। কি কাৰণত হাৰিল টীম ব্লু?

editor by editor
October 31, 2022
in ক্ৰীড়া, বিনোদন, বিশ্ব, ভাৰত
0
দক্ষিণ আফ্ৰিকাই হৰুৱালে ৰোহিত বাহিনীক। কি কাৰণত হাৰিল টীম ব্লু?
0
SHARES
5.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ চৰ্চাত টি-২০ বিশ্বকাপ। শেহতীয়াভাৱে ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ খেলখনে বিশেষ চৰ্চা লাভ কৰিছে সমগ্ৰ বিশ্বতে। অষ্ট্ৰেলিয়াত চলি থকা টি-২০ বিশ্বকাপত অপ্ৰতিৰোধ্যভাৱে জয়ী হৈ অহা ভাৰতীয় দলে মুখ-থেকেছা খালে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে। কিন্তু কি কাৰণত পৰাজয়ৰ সন্মুখীন হ’ব লগা হ’ল ভাৰতীয় দলটো….

ৰাহুলৰ দুৰ্বল বেটিং
দেওবাৰে অনুষ্ঠিত হোৱা টি-২০ বিশ্বকাপ ক্ৰিকেটৰ ৩০ নং খেলখনত ভাৰতে প্ৰথম বেট ধৰি ১৩৩ ৰাণ কৰি ইনিংছ সামৰে। দলটোৰ হৈ সূৰ্য কুমাৰ যাদৱৰ বাহিৰে কোনো এজন খেলুৱৈয়ে ২০ ৰাণ অতিক্ৰম কৰিবলৈ সক্ষম নহ’ল। খেলখনত দলটোৰ অধিনায়ক ৰোহিত শৰ্মাই ১৪ বলত ১৫ ৰান কৰা পৰিলক্ষিত হ’ল। বিপৰীতে পুনৰবাৰ ফ্ল’প শ্ব’ত পৰিণত হ’ল উপ-অধিনায়ক কে এল ৰাহুল। দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে হোৱা খেলখনত মাত্ৰ ৯ ৰান কৰিয়েই পেভিলিয়নমুখী হ’ল ক্ৰীড়া তাৰকাগৰাকীয়ে। নেডাৰলেণ্ডৰ বিৰুদ্ধে খেলা খেলখনতো ৰান কৰিবলৈ সক্ষম হোৱা নাছিল প্ৰতিভাৱান খেলুৱৈ কে এল ৰাহুল। এই বৰ্ষৰ টি-২০ বিশ্বকাপৰ ৩ খন খেলত মাত্ৰ ২২ ৰানহে কৰিবলৈ সক্ষম হৈছে কে এল ৰাহুল।

কোহলি-ৰোহিতৰ দুৰ্বল প্ৰদৰ্শন
নেডাৰলেণ্ডৰ বিৰুদ্ধে দুৰ্দান্ত প্ৰদৰ্শন কৰি দৰ্শকৰ মন জয় কৰা কোহলি এইবাৰ ব্যৰ্থ। দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে কোহলিয়ে মাত্ৰ ১২ ৰান হে কৰিবলৈ সক্ষম হ’ল। অধিনায়ক ৰোহিত শৰ্মাও বিশেষ খেল দেখুৱাব নোৱাৰিলে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে। মাত্ৰ ১৫ ৰানৰ বৰঙণি আগবঢ়াই ভাৰতীয় দলটোৰ প্ৰতি। প্ৰতিভাৱান বেটছমেন হাৰ্দিক পাণ্ডিয়া আৰু দীপক হুদাও বেছি সময় তিকি থাকিব নোৱাৰিলে খেলপথাৰত।

ফিল্ডিঙত গোলমাল
দ্বিতীয় ইংনিছত ভাৰতে প্ৰথম ৮-৯ অভাৰলৈকে  ভাল খেল দেখুৱাই আছিল। এই সময়ছোৱাত অৰ্শ্বদ্বীপৰ অৱদানো আছিল উল্লেখ্যনীয়। ২ নং অভাৰত দক্ষিণ আফ্ৰিকাৰ দুজন বেটছমেনক আউট কৰি দলটোক দিছিল জয়ৰ আশা। কিন্তু আশা নিৰাশাত পৰিণত হ’ল ১২ অভাৰত। দক্ষিণ আফ্ৰিকাৰ এডেন মাৰ্কৰামৰ সহজ কেচ মিছ কৰিলে বিৰাট কোহলিয়ে। আনহাতে এইক্ষেত্ৰত পিছ পৰি নাথাকিল ৰোহিত শৰ্মাও। ১৩ অভাৰত এটা সহজ ৰান আউট কৰাৰ পৰা ব্যৰ্থ হ’ল ৰোহিত শৰ্মা। দুবাৰকৈ জীৱনদান পোৱা মাৰ্কৰামেই পিছলৈ বিপদত পেলাই দিয়ে ভাৰতীয় দলটোক। দক্ষিণ আফ্ৰিকা জয়ী হোৱাৰ ক্ষেত্ৰত বিশেষ ভূমিকা আগবঢ়ালে এডেন মাৰ্কৰামৰ ৫২ ৰানে।

অশ্বিনে দিলে ৪৩ ৰান
অফ স্পীনাৰ ৰবি চন্দ্ৰন অশ্বিনে মাত্ৰ ৪ অভাৰ বলিং কৰি ৪৩ ৰান দিলে দক্ষিণ আফ্ৰিকাক। প্ৰতিভাৱান খেলুৱৈ ৰবি চন্দ্ৰন অশ্বিনে বিশেষ প্ৰতিভা দেখুৱাব নোৱাৰিলে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে। বিশেষকৈ ১৮ নং অভাৰত অশ্বিনৰ বলত ডেভিদ মিলাৰে মৰা দুটাকৈ ছিক্সাৰে বিজয় প্ৰায়নিশ্চিত কৰিলে দক্ষিণ আফ্ৰিকাৰ। অৱশেষত ১৯ অভাৰ ৪ বলত জয়ী হ’ল দক্ষিণ আফ্ৰিকা।

ৰক্ষাকৰ্তা সূৰ্য কুমাৰ যাদৱ
ভাৰতৰ প্ৰতি সূৰ্য কুমাৰ যাদৱৰ ৬৮ ৰান আছিল খেলখনত অতি গুৰুত্বপূৰ্ণ অৱদান। যি সময়ত প্ৰথম ইনিংছত বেট ধৰি ভাৰতৰ এজন এজন ক্ৰিকেটাৰ পকা আম সৰা যেন সৰি আছিল তেনে সময়তে খেলখন ধৰি ৰাখিবলৈ চেষ্টা কৰিছিল সূৰ্য কুমাৰে। ৬টা বাউণ্ডেৰী আৰু ৩টা ছিক্স মাৰি খেলখন ধৰি ৰাখিবলৈ সক্ষম হৈছিল যাদৱ। কিন্তু দক্ষিণ আফ্ৰিকাৰ বেগী বলাৰ ৱেন পাৰ্ণেলৰ বলত উইকেট হেৰুৱাবলগীয়া হ’ল সূৰ্য কুমাৰ যাদৱে।

অৱশ্যে এই পৰাজয়ে বিশ্বকাপত একো প্ৰভাৱ নেপেলাই বুলি একাংশই উল্লেখ কৰিছে। মাত্ৰ ভাৰতীয় খেলুৱৈসকলৰ ফৰ্ম ঘূৰাই আহিব লাগে বুলি আশা প্ৰকাশ কৰিছে ক্ৰিকেটপ্ৰেমী জনতাই। অনাগত খেলকেইখনত ভাৰতৰ উত্তম প্ৰদৰ্শন চাবলৈ আশাবাদী ক্ৰিকেটপ্ৰেমীসকল।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24 digitalBest Assamese News ChannelBest news channel of assamBest News Portal in Assamindia
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

হঠাৎ মদ্যপানৰ প্ৰতি আসক্ত জাহ্নৱী কাপুৰ, কৰিলে অদ্ভুদ কাণ্ড!
বিনোদন

হঠাৎ মদ্যপানৰ প্ৰতি আসক্ত জাহ্নৱী কাপুৰ, কৰিলে অদ্ভুদ কাণ্ড!

May 4, 2026
কেনেকৈ পশ্চিম বংগত বিজেপিয়ে উৎখাত কৰিলে মমতাৰ সাম্ৰাজ্য?
ভাৰত

কেনেকৈ পশ্চিম বংগত বিজেপিয়ে উৎখাত কৰিলে মমতাৰ সাম্ৰাজ্য?

May 4, 2026
ভোট গণনাৰ পৰা বিজয়ী ঘোষণালৈকে, প্ৰতিটো ভোট কেনেকৈ গণনা কৰা হয়? জানক পদ্ধতি
ৰাজনীতি

ভোট গণনাৰ পৰা বিজয়ী ঘোষণালৈকে, প্ৰতিটো ভোট কেনেকৈ গণনা কৰা হয়? জানক পদ্ধতি

May 4, 2026
আজি ৫ ৰাজ্যৰ ভোটগণনা, কোনে হাতত ল’ব শাসনৰ বাঘজৰী?
ভাৰত

আজি ৫ ৰাজ্যৰ ভোটগণনা, কোনে হাতত ল’ব শাসনৰ বাঘজৰী?

May 4, 2026
Next Post
প্ৰতিভাৱান শিল্পী লুইচি বৰাৰ মৃ্ত্যু, কি হৈছিল লুইচিৰ?

প্ৰতিভাৱান শিল্পী লুইচি বৰাৰ মৃ্ত্যু, কি হৈছিল লুইচিৰ?

গুজৰাট ট্ৰেজেডী! মাচ্ছু নদীত সেইদিন কোনে বিক্ৰী কৰিছিল মৃত্যুৰ টিকট? মাত্ৰ এই পাঁচটা ভুলেই কাঢ়িছিল শতাধিক লোকৰ জীৱন…

গুজৰাট ট্ৰেজেডী! মাচ্ছু নদীত সেইদিন কোনে বিক্ৰী কৰিছিল মৃত্যুৰ টিকট? মাত্ৰ এই পাঁচটা ভুলেই কাঢ়িছিল শতাধিক লোকৰ জীৱন...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.