অসম লাইভ ২৪ঃ লকডাউনৰ সময়ছোৱাত বলীউড অভিনেতা ছনু সোদে নিৰলসভাৱে জনসেৱা কৰি সমগ্ৰ বিশ্বতে জনপ্ৰিয় হৈ পৰিছে। শ্ৰমিকসকললৈ তেওঁ বাৰম্বাৰ সহায়ৰ হাত আগবঢ়াই আহিছে। লকডাউনৰ সময়ত দেশৰ হাজাৰ হাজাৰ শ্ৰমিকক বাছ ভাৰা কৰি নিজ গৃহলৈ পঠিয়াইছিল ছনুৱে। বিদেশত থকা ভাৰতীয়কো দেশলৈ উভতাই আনিছে ছনুৱে। দৰিদ্ৰ বহুলোকক যাৱতীয় সহায় কৰি আহিছে ছনুৱে। এক কথাত ছনু সোদ হৈ পৰিছে লকডাউন ত্ৰাণকৰ্তা। মানুহলৈ সহায়ৰ হাত আগবঢ়াই দিয়া ছনুৱে এইবাৰ পুনৰ বাতৰিৰ শিৰোনাম দখল কৰিছে। এইবাৰ বিদেশী শিশুলৈ দুহাত আগবঢ়াই দিছে ছনুৱে। চিকিৎসাৰ বাবে ৩৯লাখ শিশুক সুদূৰ ফিলিপাইনছৰ পৰা দিল্লীলৈ অনাৰ ব্যৱস্থা কৰিছে বলীউড তাৰকাগৰাকীয়ে। বৃহস্পতিবাৰে ছ’চিয়েল মিডিয়াত ছনুৱে নিজেই এই কথা ঘোষণা কৰিছে। টুইটাৰত তেওঁ লিখিছে- ‘ব’লক, এইবাৰ মূল্যৱান জীৱন বচাঁও। আগন্তুক দুই দিনৰ ভিতৰত শিশুসকলক ভাৰতলৈ লৈ আনিম। ৩৯টি দেৱশিশুৰ বাবে মোৰ এই প্ৰতিজ্ঞা।’ ফিলিপাইনছৰ শিশুসকলৰ বয়স ১ৰ পৰা ৫বছৰৰ ভিতৰত। প্ৰত্যেকটি শিশুৱে লিভাৰৰ সমস্যাত ভুগি আছে। লিভাৰৰ চিকিৎসাৰ বাবে পৰিয়ালৰ লোকসকলে ভাৰততে কম খৰছত উন্নতমানৰ চিকিৎসা কৰাব বিচাৰিছে। কিন্তু ক’ৰোনা পৰিস্থিতিৰ বাবে বৰ্তমান আন্তৰ্জাতিক বিমানৰ উৰণৰত বাধা আছে। এই পৰিস্থিতিত ৩৯টা শিশু আৰু তেওঁলোকৰ পৰিয়ালৰ বাবে ত্ৰাণকৰ্তা হৈ পৰিছে ছনু সোদ।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ