কিছুদিন পূৰ্বে প্ৰলয়ংকাৰী বানে উজনি অসমৰ বহু অঞ্চল বুৰাই পেলাইছিল। বান বিধ্বস্ত উজনিৰ এতিয়াও যেন বিপদ আঁতৰা নাই। নাগালেণ্ডত বৰষুণৰ এলাৰ্টৰ পিছতে উজনিত লাগিছে পুনৰ হাহাকাৰ।
শিৱসাগৰৰ নাগৰিকক সজাগ আৰু সতৰ্ক হৈ থকাৰ পৰামৰ্শ দিছে বতৰ বিজ্ঞানে। ৫ দিনীয়া বতৰৰ পূৰ্বানুমান অনুসৰি জাৰি কৰা হৈছে জাননী কৰিছে। বৰপেটা, যোৰহাট আৰু শিৱসাগৰত জাৰি অৰেঞ্জ এলাৰ্ট কৰা হৈছে । নাগালেণ্ডৰ মোককচুং, ৱখা, লংলেং আৰু কহিমা জিলাতো IMDৰ এলাৰ্ট। নাগালেণ্ডৰ মন জিলাত পুনৰ অৰেঞ্জ এলাৰ্ট জাৰি হৈছে।
মন জিলাত এলাৰ্টৰ পিছতে উজনিৰ কেইবাখনো জিলা হাই এলাৰ্টত শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাতো পৰিব পাৰে প্ৰভাৱ। শিৱসাগৰত অৰেঞ্জ এলাৰ্ট জাৰিৰ পিছতে সষ্টম জিলা প্ৰশাসন। নদীৰ পাৰ, পানী জমা হোৱা অঞ্চল আদিলৈ নাযাবলৈ পৰামৰ্শ দিয়া হৈছে। মাছ ধৰা বা নাও চলোৱাৰ পৰা বিৰত থাকিবলৈ আহ্বান জনাইছে। ইয়াৰ উপৰিও খোৱা পানী, প্ৰয়োজনীয় ঔষধ, জৰুৰীকালীন পোহৰৰ ব্যৱস্থা সাজু কৰিবলৈ আহ্বান জনাইছে।
আনহাতে গাঁও প্ৰধান আৰু LRA-সকলক সজাগ হৈ থকাৰ পৰামৰ্শ দিছে। কোনো ধৰণৰ উৰাবাতৰি বা অপ্ৰামাণিক তথ্য প্ৰচাৰ নকৰিবলৈ জিলা প্ৰশাসনৰ পৰা প্ৰকাশিত চৰকাৰী তথ্য আৰু নিৰ্দেশনা অনুসৰণ কৰিবলৈ কৈছে। জৰুৰীকালীন পৰিস্থিতিত যোগাযোগ কৰিবলৈ মুকলি হেল্পলাইন নম্বৰকেইটা হৈছে শিৱসাগৰ: 03772-1077 (টোল ফ্ৰী), ASDMA: 1070।
চৰাইদেউত ৩০ আগষ্টৰ পৰা ২ ছেপ্টেম্বৰলৈ সতৰ্কতা জাৰি কৰা হৈছে। প্ৰশাসনে কৈছে যে, ধাৰাসাৰ বৰষুণ, বজ্ৰপাত আৰু প্ৰতিকূল বতৰৰ সম্ভাৱনা। পানীত বুৰা পথ, জান-জুৰি, কালভাৰ্ট, জলমগ্ন অঞ্চল পাৰ নহ’ব।’ এই সময়ত সহায়ৰ বাবে DEOC হেল্পলাইন: ৬০০২৬৭০৫০১ ট’ল-ফ্ৰী ১০৭৭ নম্বৰ মুকলি। বৰষুণ বৃদ্ধি পোৱাৰ সম্ভাৱনাৰ প্ৰতি লক্ষ্য ৰাখি এই আহ্বান জনোৱা হৈছে।
চৰাইদেউ জিলা দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ জাননী কৰিছে আৰু জিলাখনৰ বাসিন্দাসকলক সতৰ্ক হৈ থকাৰ আহ্বান জনাইছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ















