অসম লাভ ২৪ঃ সময়ানুৱর্তিতাৰ ক্ষেত্ৰত ভাৰতীয় ৰেলৰ বদনাম আছে। ৰে’লৰ সময়ানুৱর্তিতাক লৈ কৌতুক ৰচনা হয়। ক’ৰোনা সংক্ৰমণৰ পৰিপ্ৰেক্ষিতত অতি কম সংখ্যক ৰে’লহে বিভাগটোৱে চলাই থকাৰ সময়তে জাৰি কৰিছে এক নির্দেশনা। এখন ৰে’ল যদি নির্দিষ্ট সময়তকৈ আগতে বা পাছত গৈ গন্তব্যস্থলীত উপস্থিত হয়গৈ তেনেহ’লে ভৰিব লাগিব জৰিমনা। অৱশ্যে, এই নির্দেশনা একমাত্ৰ ব্যক্তিগতখণ্ডৰ ৰে’লৰ বাবেহে জাৰি কৰিছে ৰে’ল দপ্তৰে। অর্থাৎ, নির্ধাৰিত সময়ত ব্যক্তিগত ৰে’ল গন্তব্যস্থলীত উপস্থিত হ’বই লাগিব। নির্দিষ্ট সময়তকৈ ১৫ মিনিট পলমকৈ বা ১০ মিনিট পূর্বে যদি ৰে’লখন গন্তব্য স্থানত উপস্থিত হয়, তেনেহ’লে ব্যক্তিগত ৰে’লে জৰিমনা ভৰাৰ উপৰি ৰে’লৰ আন্তগাঁঠনি ব্যৱহাৰ কৰাৰ বাবেও ৰে’ল বিভাগক মাচুল দিব লাগিব ব্যক্তিগত ৰে’লে। ইয়াৰ উপৰি ব্যক্তিগত ৰে’লে বছৰত ৯৫ শতাংশ সময়ানুৱর্তিতা মানি চলিব লাগিব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ