পৰাজয় বৰণ কৰিলেও হিৰো হ’ল এমবাপে! ‘সোণৰ বুট’ লৈ ট্ৰেজিক কিং উভতিল ফ্ৰান্সলৈ…
আৰ্জেণ্টিনাৰ হাতত থকা মেচখন আঁজুৰি নিজৰ হাতৰ মুঠিলৈ আনিছিল তেওঁ। তেওঁৰ দুভৰিয়েই ভৰষা ফ্ৰান্সবাসীৰ। কিলিয়ান এমবাপে। পূৰ্বৰ বিশ্বকাপত ট্ৰফী আঁজুৰি নিছিল ফ্ৰান্সলৈ। সেইবাৰ এমবাপে এটা গলেই দিছিল ফাইনেলত।এইবাৰ তেনে নহ’ল। এটা এটাকৈ তিনিটা গল। টলকিবই নোৱাৰিলে আৰ্জেণ্টিনাৰ গলকীপাৰে। ১৯৬৬ চনত ইংলেণ্ডৰ জিওফ হাষ্টৰ পাছত দ্বিতীয়বাৰ ফুটবলৰ ফাইলেনত এই সাফল্য এমবাপেৰ। সৰ্বোচ্চ উজাৰি দিও ট্ৰফী নিজৰ কৰিব নোৱাৰিলে এমবাপেই।
ব্যক্তি বিশেষভাৱে এমবাপে নায়কৰ মৰ্যাদা পালে যদিও সোণালী স্বপ্ন পুৰণ নহ’ল। দেশলৈ লৈ যোৱা নহ’ল বিশ্ব চেম্পিয়নৰ খিতাপ। কাটাৰ বিশ্বকাপত ৮টাকৈ গল দি সোণৰ বুট লাভ কৰিলে এমবাপে। কিন্তু লোতক অহৰহ বাগৰি থাকিল দুগালত। বিদায়ক্ষণত হাৰিও হিৰো হ’ল কিলিয়ান এমবাপে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ