অসম লাইভ ২৪ ডিজিটেল ডেস্কঃ মানুহ কিমান নৃশংস হ’ব পাৰে আৰু কিমান ভয়ংকৰ হ’ব পাৰে, তাৰ প্ৰমাণ পোৱা গ’ল কেৰালাৰ মালাপ্পুৰমত৷ যিসময়ত বন্যপ্ৰাণী সংৰক্ষণ আৰু পশুৰ বিৰুদ্ধে হিংসা ৰোধ, সুৰক্ষাৰ বাবে পশুপ্ৰেমী, প্ৰকৃতিপ্ৰেমী সংগঠন-ব্যক্তিবিশেষে যুঁজি আছে, তেনে সময়তে চূড়ান্ত হিংস্ৰ ভাব উদঙাই দেখুৱালে এটি গর্ভৱতী হাতীৰ মৃত্যুয়ে৷ আনাৰসৰ খেতিত প্ৰৱেশ কৰা গর্ভৱতী হাতীটোৱে আনাৰস খোৱা মাত্ৰেই জিভা আৰু মুখ ফাটি তীব্ৰ গতিত তেজ নিগৰে৷ আনাৰসৰে হাত বোমা বান্ধি বিস্ফোৰণ ঘটোৱাৰ ফলত শুঁৰ, মুখমণ্ডল অর্ধদগ্ধ কৰে৷ ওচৰতে থকা নৈৰ পানীত নামি জ্বলনৰ পৰা ৰক্ষা পৰিব বিচাৰে গর্ভৱতী হাতীটোৱে৷ কিন্তু ক্ষন্তেক পাছতে সকৰুণ মৃত্যুক সাৱটি লয় হাতীটোৱে৷ ঘটনাটো পোহৰলৈ অহাৰ লগে লগে চৌদিশে প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়৷ ক্ষুব্ধ প্ৰশাসনে এই ঘটনাৰে জড়িত ব্যক্তিৰ বিৰুদ্ধে গোচৰ তৰিছে৷ অভিযুক্তৰ বিৰুদ্ধ বন্যপ্ৰাণী সংৰক্ষণ আইনৰ ধাৰা অনুসাৰে গোচৰ ৰুজু হৈছে৷ মর্মান্তিক এই ঘটনাৰ নিন্দাৰ জোৱাৰ ছ’চিয়েল মিডিয়াতো উঠিছে৷ সাংসদ মিমি চক্ৰৱর্তী, ক্ৰিকেটাৰ মিতালী ৰাজকে ধৰি দেশৰ ভিন্ন প্ৰান্তৰ গণ্য-মান্য লোকে ভর্ৎসনা কৰাৰ লগতে অভিযুক্তক শীঘ্ৰে গ্ৰেপ্তাৰৰ দাবী জনাইছে৷ নদীৰ পৰা হাতীটো তুলিবলৈ ইতিমধ্যে ঘৰচীয়া হাতী ব্যৱহাৰ কৰিছে বন বিভাগে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ