অসম লাইভ ২৪ ডিজিটেল ডেস্কঃ পিতৃ-মাতৃয়ে সন্তানৰ বিদ্যালয়ৰ মাচুল দিব নোৱাৰিলেও শিক্ষাগ্ৰহণৰ অধিকাৰৰ পৰা বঞ্চিত কৰিব নোৱাৰে ছাত্ৰ-ছাত্ৰীক৷ তদুপৰি শ্ৰেণীকোঠাৰ পৰা নাম কর্তনো কৰিব নোৱাৰিব বিদ্যালয় কর্তৃপক্ষই৷ এই গুৰুত্বপূর্ণ ৰায় প্ৰদান পাঞ্জাৱ আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়ৰ৷ পংকজ চান্দগোঠীয়া নামৰ এজন লোকৰ ৰাজহুৱা স্বার্থজনিত আবেদনৰ ভিত্তিত ন্যায়াধীশ ৰবিশংকৰ ঝা আৰু ন্যায়াধীশ অৰুণ পল্লীৰ বিচাৰপীঠে প্ৰদান কৰে এই গুৰুত্বপূর্ণ ৰায়৷ অৱশ্যে মাচুল প্ৰদান কৰিব নোৱাৰিলে বিদ্যালয় কর্তৃপক্ষক পিতৃ-মাতৃয়ে লিখিত আকাৰে অৱগত কৰিব লাগিব৷ যদিহে বিদ্যালয় কর্তৃপক্ষই সঁহাৰি নজনায় ছাত্ৰ-ছাত্ৰীৰ অভিভাৱকে মাচুল নিয়ন্ত্ৰক কর্তৃপক্ষক লিখিত আপত্তি প্ৰদান কৰিব পাৰিব৷ এই ৰায় ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ ক্ষেত্ৰত হ’ব বিশেষভাৱে প্ৰযোজ্য৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ