অসম লাইভ২৪ঃ অসমৰ ইতিহাসত সৰ্বাংগীন দীঘল বাজেট দাখিল কৰিলে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে৷ সৰ্বাধিক দীঘলীয়া বাজেট ভাষণ দিয়া বিত্তমন্ত্ৰী হিচাপে ভাৰতৰ ইতিহাসত নাম সন্নিবিষ্ট হৈছে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ৷ তেওঁ ২০২০ চনত ২ ঘণ্টা ৪২ মিনিটৰ বাজেট ভাষণ দিছিল৷ কিন্তু তেতিয়াও বাজেট ভাষণ পৰি সম্পূৰ্ণ কৰিব পৰা নাছিল৷ দুই পৃষ্ঠা স্বাস্থ্যৰ অৱনতিৰ বাবেই পঢ়িব পৰা নাছিল নিৰ্মলা সীতাৰমণে৷
ইয়াৰ পূৰ্বে, বাজেটত আটাইতকৈ দীঘলীয়া ভাষণৰ অভিলেখ আছিল যশৱন্ত সিঙৰ৷ যশৱন্ত সিঙে ২ ঘণ্টা ১৫ মিনিটৰ বাজেট ভাষণ দিছিল। অৱশ্যে, শব্দৰ সংখ্যাৰে আটাইতকৈ দীঘলীয়া বাজেট ভাষণ প্ৰাক্তন প্ৰধানমন্ত্ৰী আৰু তেতিয়াৰ বিত্ত মন্ত্ৰী মনমোহন সিঙে ১৯৯১ চনতেই প্ৰদান কৰিছিল।
অৰ্থনৈতিক সংস্কাৰৰ সূচনা কৰা বাজেট ভাষণটোত আছিল ১৮,৫২০ শব্দ৷ মোডী চৰকাৰৰ প্ৰথম বিত্তমন্ত্ৰী অৰুণ জেটলীৰ বাজেটো লক্ষণীয় যদিও মনমোহন সিঙৰ ৰেকৰ্ড ভংগ কৰিব পৰা নাছিল জেটলীয়ে৷ ১৬,৫৩৬ টা শব্দৰ ভাষণেৰে দ্বিতীয় স্থানত আছিল জেটলী৷
আটাইতকৈ চুটি বাজেট ভাষণৰ অভিলেখ এইচ এম পেটেলৰ৷ যিয়ে ১৯৭৭ চনত মাত্ৰ ৮০০ শব্দৰ বাজেট ভাষণ দিছিল। এয়া সম্পূৰ্ণ বাজেট আছিল যদিও ভাৰতত বৰ্তমানলৈ দাখিল হোৱা বাজেটৰ ভিতৰত আটাইতকৈ সৰু বাজেট।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ