• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
দিল্লীৰ নিকি হত্যাকাণ্ডৰ নতুন তথ্য, নিকিৰ মৃতদেহ কেনেকৈ লুকুওৱা হৈছিল? গোন্ধ নোলাবলৈ কি কৰিছিল? ষড়যন্ত্ৰত আৰক্ষী কনিষ্টবলেও কৰিছিল সহায়…

দিল্লীৰ নিকি হত্যাকাণ্ডৰ নতুন তথ্য, নিকিৰ মৃতদেহ কেনেকৈ লুকুওৱা হৈছিল? গোন্ধ নোলাবলৈ কি কৰিছিল? ষড়যন্ত্ৰত আৰক্ষী কনিষ্টবলেও কৰিছিল সহায়…

3 years ago
আজি সুন্দৰৰ পূজাৰী ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্মজয়ন্তী

আজি সুন্দৰৰ পূজাৰী ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্মজয়ন্তী

34 minutes ago
পুনৰ ভূমিকম্পৰ জোকাৰণি! ৭.৮ প্ৰাবল্যৰ ভূমিকম্পত ভয়ংকৰ পৰিস্থিতি

৪০ মিনিটত আঠটা বৃহৎ ভূমিকম্প, জাৰি কৰিছে সতৰ্কবাণী

1 hour ago
দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি

আজি ধনেৰে উপচিব আপোনাৰ ঘৰ? কোন ৰাশিৰ ভাগ্য উদয় হ’ব জানক দৈনিক ৰাশিফল

2 hours ago
ইৰান আৰু আমেৰিকাৰ বুজাবুজি চুক্তি সম্পন্ন হ’লে ভাৰতৰ কিমান লাভ হ’ব?

ইৰান আৰু আমেৰিকাৰ বুজাবুজি চুক্তি সম্পন্ন হ’লে ভাৰতৰ কিমান লাভ হ’ব?

13 hours ago
ৰাণু মণ্ডলক মনত আছেনে? এতিয়া কেনে আছে এসময়ৰ ভাইৰেল ৰাণু মণ্ডল?

ৰাণু মণ্ডলক মনত আছেনে? এতিয়া কেনে আছে এসময়ৰ ভাইৰেল ৰাণু মণ্ডল?

14 hours ago
ভৱিষ্যতে AIৰ ক্ষেত্ৰখনত কাম কৰিব পৰা ৫টা বিশেষ AIৰ পাঠ্যক্ৰম

ভৱিষ্যতে AIৰ ক্ষেত্ৰখনত কাম কৰিব পৰা ৫টা বিশেষ AIৰ পাঠ্যক্ৰম

16 hours ago
সমাপ্তিৰ দিশে ইৰান-আমেৰিকাৰ যুদ্ধ, তেল-গেছৰ দাম কমিবলৈ আৰু কিমান সময় লাগিব পাৰে?

সমাপ্তিৰ দিশে ইৰান-আমেৰিকাৰ যুদ্ধ, তেল-গেছৰ দাম কমিবলৈ আৰু কিমান সময় লাগিব পাৰে?

16 hours ago
ফুটবলেই উভতাই আনক যুদ্ধবিধ্বস্ত ইৰানী জনতাৰ ওঁঠলৈ হাঁহি

ফুটবলেই উভতাই আনক যুদ্ধবিধ্বস্ত ইৰানী জনতাৰ ওঁঠলৈ হাঁহি

17 hours ago
পাকিস্তান আৰক্ষীয়ে কৰিলে এই ভয়ংকৰ কাণ্ড

পাকিস্তান আৰক্ষীয়ে কৰিলে এই ভয়ংকৰ কাণ্ড

18 hours ago
২৪ জুনত টীম ইণ্ডিয়াৰ এইগৰাকী ক্ৰিকেটাৰৰ বিয়া, কোন হ’ব ক্ৰিকেটাৰগৰাকীৰ জীৱনসংগী?

২৪ জুনত টীম ইণ্ডিয়াৰ এইগৰাকী ক্ৰিকেটাৰৰ বিয়া, কোন হ’ব ক্ৰিকেটাৰগৰাকীৰ জীৱনসংগী?

19 hours ago
জুবিন দাৰ ‘য়া আলী’ গানটোৰ সৃষ্টিৰ আঁৰৰ কেইটামান কথা

জুবিন দাৰ ‘য়া আলী’ গানটোৰ সৃষ্টিৰ আঁৰৰ কেইটামান কথা

20 hours ago
বিতৰ্কত বৈভৱ সূৰ্যবংশী! শ্ৰীলংকা Aৰ বিৰুদ্ধে মেচখনত আচলতে হৈছিল কি?

বিতৰ্কত বৈভৱ সূৰ্যবংশী! শ্ৰীলংকা Aৰ বিৰুদ্ধে মেচখনত আচলতে হৈছিল কি?

21 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, June 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অপৰাধ

দিল্লীৰ নিকি হত্যাকাণ্ডৰ নতুন তথ্য, নিকিৰ মৃতদেহ কেনেকৈ লুকুওৱা হৈছিল? গোন্ধ নোলাবলৈ কি কৰিছিল? ষড়যন্ত্ৰত আৰক্ষী কনিষ্টবলেও কৰিছিল সহায়…

editor by editor
February 19, 2023
in অপৰাধ, ভাৰত
0
দিল্লীৰ নিকি হত্যাকাণ্ডৰ নতুন তথ্য, নিকিৰ মৃতদেহ কেনেকৈ লুকুওৱা হৈছিল? গোন্ধ নোলাবলৈ কি কৰিছিল? ষড়যন্ত্ৰত আৰক্ষী কনিষ্টবলেও কৰিছিল সহায়…
0
SHARES
28.8k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ নিকী যাদৱ মৃতদেহ ফ্ৰীজত উদ্ধাৰ হোৱাৰ পাছতেই আহিছে এটাৰ পাছত আনটো ভয়ংকৰ তথ্য। নিকি হত্যাকাণ্ডৰ সৈতে সাঙুৰ খাই পৰিছে দিল্লীৰ আৰক্ষী কনিষ্টবলৰো নাম। নিকিক হত্যা কৰাৰ পাছত মৃতদেহটো লুকুৱাবলৈ হত্যাকাৰী ছাহিল গেহলটক সহায় কৰিছিল দিল্লী আৰক্ষীৰ এজন কনিষ্টবলে। আৰক্ষী কনিষ্টবল হোৱাৰ লগতে ছাহিলক সহায় কৰা আৰক্ষী নবীন ছাহিলৰ সম্বন্ধীয় ভাতৃও। নিকি হত্যাকাণ্ডৰ গোচৰত আৰক্ষীয়ে ইতিমধ্যে ছাহিলৰ লগতে ছাহিলৰ পিতৃ আৰু দুই বন্ধুক গ্ৰেপ্তাৰ কৰিছে। আৰক্ষীৰ প্ৰতিবেদনত প্ৰকাশ কৰা মতে সুস্থ পৰিকল্পনাৰেই নিকিক হত্যা কৰা হৈছিল। কেৱল হত্যা কৰাই নহয় নিকিৰ মৃতদেহটো ধাবাৰ ফ্ৰিজত লুকুৱাই থোৱাৰ পৰা ছাহিলৰ বিয়াৰ পাছতেই পেলাই দিয়াৰো পৰিকল্পনা কৰা হৈছিল।

আৰক্ষী সূত্ৰই প্ৰকাশ কৰা মতে, সকলো বিয়াৰ অনুষ্ঠানত সকলো ব্যস্ত থকাৰ বাবে ধাবাৰ কামকাজ বিশেষভাৱে চলি থকা নাছিল। সেয়ে তাতেই মৃতদেহটো লুকুৱাই ৰাখিছিল। বিবাহৰ অনুষ্ঠান সামৰিয়েই মৃতদেহ পেলাই দিয়াৰো দিহা কৰিছিল। লগতে সূত্ৰটোৱে দাবী কৰা অনুসৰি বিয়াৰ ঠিক এদিন আগতেই নিকিক হত্যা কৰা হৈছিল। হত্যাৰ পূৰ্বেই ফ্ৰীজত ৰখাৰো পৰিকল্পনা কৰিছিল হত্যাকাৰীয়ে। কাৰণ ফ্ৰীজত থলে মৃতদেহটো সহজে গেলি নাযায়। লগতে গোন্ধ ওলোৱাৰো সম্ভাৱণা নাথাকে। কোনোৱে সন্দেহ কৰাৰ অৱকাশো নাথাকে।

আৰক্ষীয়ে প্ৰকাশ কৰা মতে ২০২০ চনত নিকিক বিয়া কৰোৱাৰ পাছৰে পৰাই ছাহিলৰ পৰিয়ালে নিকিৰ ওপৰত অত্যাচাৰ চলাই আহিছিল। নিকিৰ সৈতে সম্পৰ্ক বিচ্ছেদ কৰাৰো চেষ্টা কৰি আহিছিল। ছাহিলৰ পৰিয়ালে নিকিৰ পৰা ছাহিলক আঁতৰাই অনাৰ শেষ উপায় হিচাপে ছাহিলৰ সৈতে অইন এগৰাকী যুৱতীৰ বিয়াৰ দিহা কৰে। এই বিষয়টোত ছাহিলেও সম্পূৰ্ণ সহযোগিতা কৰাৰ লগতে নিকিৰ পৰা বিষয়টো গোপনে ৰাখিছিল। কিন্তু বেছিদিনলৈ বিষয়টো আৰু গোপনে ৰাখিব নোৱাৰিলে ছাহিলে। ছাহিলৰ বিয়াৰ খবৰ পোৱা মাত্ৰকেই নিকি আৰু ছাহিলৰ মাজত সংঘাত বাঢ়িবলৈ ধৰে। নিকিয়ে এই বিয়াত সমস্যাৰ সৃষ্টি কৰিব বুলিয়েই অৱশেষত নিকিক হত্যাৰ ষড়যন্ত্ৰ ৰচে ছাহিলে। এই কাৰ্যত পৰিয়ালৰ লোকেও সম্পূৰ্ণ সহযোগিতা আগবঢ়াই। সকলো পৰিকল্পনা মতে হলেও আৰক্ষীৰ হাতৰ পৰা বাছি যাব নোৱাৰিলে ছাহিল আৰু ছাহিলৰ পৰিয়ালৰ সদস্যসকল। বৰ্তমান দিল্লী আৰক্ষীয়ে অধিক তথ্যৰ বাবে ছাহিলৰ সোধপোছ অব্যাহত ৰাখিছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News ChannelBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ইৰান আৰু আমেৰিকাৰ বুজাবুজি চুক্তি সম্পন্ন হ’লে ভাৰতৰ কিমান লাভ হ’ব?
বিশ্ব

ইৰান আৰু আমেৰিকাৰ বুজাবুজি চুক্তি সম্পন্ন হ’লে ভাৰতৰ কিমান লাভ হ’ব?

June 16, 2026
ৰাণু মণ্ডলক মনত আছেনে? এতিয়া কেনে আছে এসময়ৰ ভাইৰেল ৰাণু মণ্ডল?
বিনোদন

ৰাণু মণ্ডলক মনত আছেনে? এতিয়া কেনে আছে এসময়ৰ ভাইৰেল ৰাণু মণ্ডল?

June 16, 2026
পাকিস্তান আৰক্ষীয়ে কৰিলে এই ভয়ংকৰ কাণ্ড
অপৰাধ

পাকিস্তান আৰক্ষীয়ে কৰিলে এই ভয়ংকৰ কাণ্ড

June 16, 2026
২৪ জুনত টীম ইণ্ডিয়াৰ এইগৰাকী ক্ৰিকেটাৰৰ বিয়া, কোন হ’ব ক্ৰিকেটাৰগৰাকীৰ জীৱনসংগী?
বিনোদন

২৪ জুনত টীম ইণ্ডিয়াৰ এইগৰাকী ক্ৰিকেটাৰৰ বিয়া, কোন হ’ব ক্ৰিকেটাৰগৰাকীৰ জীৱনসংগী?

June 16, 2026
Next Post
ৰাখে হৰি মাৰে কোনে? এটা দুটা নহয় এম্বুলেঞ্চতেই প্ৰসৱ কৰিলে তিনিটা সন্তান

ৰাখে হৰি মাৰে কোনে? এটা দুটা নহয় এম্বুলেঞ্চতেই প্ৰসৱ কৰিলে তিনিটা সন্তান

হঠাতে মূৰ ঘুৰাই, দুৰ্বল লাগে, প্ৰেছাৰেও অসুবিধা দিয়ে? কি ৰাখিব দৈনিক খাদ্য তালিকাত?

হঠাতে মূৰ ঘুৰাই, দুৰ্বল লাগে, প্ৰেছাৰেও অসুবিধা দিয়ে? কি ৰাখিব দৈনিক খাদ্য তালিকাত?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.