• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
জীৱনৰ ৰামধেনু

জীৱনৰ ৰামধেনু

6 years ago
মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

2 weeks ago
২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

2 weeks ago
৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

2 weeks ago
দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

2 weeks ago
আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

2 weeks ago
শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

2 weeks ago
আগন্তুক ২০ এপ্ৰিলত কেতুৱে নক্ষত্ৰ পৰিবৰ্তন কৰিব, অসমীয়া নৱবৰ্ষৰ পাছতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

আগন্তুক ২০ এপ্ৰিলত কেতুৱে নক্ষত্ৰ পৰিবৰ্তন কৰিব, অসমীয়া নৱবৰ্ষৰ পাছতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

2 weeks ago
চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

2 weeks ago
শুক্ৰৰ অশেষ কৃপা, মাৰ্চতেই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

শুক্ৰৰ অশেষ কৃপা, মাৰ্চতেই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

2 weeks ago
মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

2 weeks ago
শনিৰ ৰাশিত ৰাহু-মঙ্গলৰ অশুভ যোগ, অশুভ যোগতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

শনিৰ ৰাশিত ৰাহু-মঙ্গলৰ অশুভ যোগ, অশুভ যোগতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

2 weeks ago
হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ

হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ

2 weeks ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, March 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home লেখা

জীৱনৰ ৰামধেনু

প্ৰতিপক্ষ

editor by editor
August 23, 2020
in লেখা
0
জীৱনৰ ৰামধেনু
0
SHARES
444
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

এয়াও জীৱনৰে এটা অধ্যায়। যিটো অধ্যায়ক কোনেও এৰাই চলিব নোৱাৰে। প্ৰত্যাশিতভাৱে পৃথিৱীৰ প্ৰতিজন ব্যক্তি তথা প্ৰতিটো জীৱৰ জীৱনলৈ এই অধ্যায়ৰ আগমন ঘটে। বৰণীয়া জীৱনৰ আটাইতকৈ ভাল লগা মুহূৰ্ত আবেলিৰ ক্ষণটো। অৱশ্যে পৃথিৱীৰ বহু লোকে জীৱনৰ প্ৰতিটো মুহূৰ্ত ৰঙেৰে ওপচাই সুন্দৰভাৱে উদযাপন কৰে। শিশুকাল যিদৰে পাপ-পূণ্যৰ পৰা নিলগত থাকে, সেইদৰে জীৱনৰ দুপৰবেলা অৰ্থাৎ যৌৱনত ক’ব নোৱৰাকৈয়ে আমি বহু ভাল আৰু বহু বেয়া কাম কৰো। কেতিয়াবা নিজৰ অগোচৰে আৰু কেতিয়াবা নিজৰ জ্ঞাতসাৰে বেয়া কামৰ ভাগীদাৰ হওঁ। আৰু শেষ বয়সত এৰি থৈ অহা জীৱনটোৰ ভাল-বেয়া কাম আৰু সময়ৰ ৰোমন্থন কৰি পাৰ কৰি দিও।

পশ্চিমীয়া দেশত সমাজখনে আটাইতকৈ গুৰুত্ব দিয়ে জীৱনৰ দুটা কালক। উন্নত ৰাষ্ট্ৰত শিশুক সৰ্বাধিক গুৰুত্ব দিয়া হয়। বয়সে ভৰ দিয়া সময়খিনিতো এজন লোকক উন্নত ৰাষ্ট্ৰত প্ৰতিপালন কৰা হয়। পশ্চিমীয়া দেশত সন্তানে ১৮ বছৰ অতিক্ৰম কৰাৰ পাছত পিতৃ-মাতৃৰ পৰা আঁতৰি স্বনিৰ্ভৰশীল হৈ থাকিবলৈ লয়। পিতৃ-মাতৃয়ে ৬০ বছৰ বয়স অতিক্ৰম কৰাৰ পাছত কেতিয়াবা স্ব-ইচ্ছাই আৰু কেতিয়াবা পৰিৱেশৰ বাবে বাধ্য হৈ বৃদ্ধাশ্ৰমত আশ্ৰয় লয়গৈ।

অসমতো এতিয়া পৰিৱেশ আৰু পৰিস্থিতি বহু সলনি হৈছে। চহৰৰ বাসিন্দাসকলৰ মাজত পিতৃ-মাতৃৰ দায়িত্ব লোৱা সন্তানৰ অভাৱ।

এইখিনিতে এটা সঁচা কাহিনী ক’ব খুজিছো। মই বাস কৰা ফ্লেটটোৰ কাষৰ আন এটা ফ্লেটত বাস কৰে এহাল দম্পত্তীয়ে। দুয়োৰে বয়সে ৭০ পাৰ কৰিছে। স্বামী চৰকাৰৰ এগৰাকী ৰাজপত্ৰিত বিষয়া আছিল আৰু পত্নী এখন চৰকাৰী হাইস্কুলৰ শিক্ষয়িত্ৰী হিচাপে অৱসৰ লৈছে। তেওঁলোকৰ একমাত্ৰ পুত্ৰ-বোৱাৰী গুৱাহাটীৰ বেলেগ এটা ফ্লেটত বাস কৰে। দুই-তিনি মাহৰ মূৰত কেতিয়াবা পুত্ৰ দেউতাক-মাকৰ ওচৰলৈ আহে। বোৱাৰী বছৰেকত এবাৰ আহে বুলিলেও বেছিকৈ কোৱা হ’ব। এইহাল পিতৃ-মাতৃ তথা শহুৰ-শাহু থাকে বেলতলাত, তেওঁলোকৰ পুত্ৰ-বোৱাৰী থাকে গীতানগৰত। এখন চহৰতে থকাৰ পাছতো পিতৃ-মাতৃৰ সৈতে পুত্ৰ-বোৱাৰীৰ দেখা-সাক্ষাৎ নহয়। এই ধৰণৰ এক জীৱন আৰম্ভ হৈছে অসমৰ চহৰীয়া সমাজখনত।

সিদিনা মানুহজনক লগ পাওঁতে ক’লে, তেওঁৰ এতিয়া দুৰ্দশাৰ শেষ নোহোৱা হৈছে। লকডাউনৰ বাবে বনকৰা মহিলাগৰাকী চাৰি মাহে অহা নাই। পত্নী লাহে লাহে এলজাইমাৰত আক্ৰান্ত হৈছে। ইতিমধ্যে সকলো কথা পাহৰিছেই। ঘৰখনৰ দুজন মানুহৰ এজনক এৰি এতিয়া আনজন ক’লৈকো যাব নোৱাৰে। আনকি এলজাইমাৰত আক্ৰান্ত পত্নীয়ে অঘটন ঘটোৱাৰ আশংকাত স্বামীয়ে বজাৰ কৰিবলৈকো যাব নোৱৰা হ’ল। ফ্লেটৰ ছিকিউৰিটিয়ে বজাৰ-সমাৰ, দৰব-জাতি আদি আনি দিয়ে। জীৱনৰ সৰহখিনি সময় পুত্ৰৰ পঢ়া-শুনাৰ নামত ব্যয় কৰা আৰু শিক্ষা সমাপ্ত কৰাৰ পাছত পুত্ৰৰ বাবে চাকৰি বিচৰালৈকে পিতৃয়ে দায়িত্ব পালন কৰিলে। সন্তানক মাতৃয়ে কেনেদৰে প্ৰতিপালন কৰে, সেই বিষয়ে নতুনকৈ আলোচনা কৰাৰ প্ৰয়োজন নাই। জীৱনৰ যিখিনি সময়ত পুত্ৰ-বোৱাৰীৰ অকণমান মৰম-আবদাৰ পিতৃ-মাতৃক প্ৰয়োজন হয়, সেইখিনি সময়তে সন্তানে এৰা দিলে।

এতিয়া গুৱাহাটীৰ বহু লোকক দেখা পাওঁ তেওঁলোকৰ সন্তানে বিদেশত পঢ়া-শুনা কৰি তাতেই সংস্থাপিত হৈছে। উপায়ো নাই, ভাৰতত সংস্থাপনৰ সকলো পথ বন্ধ হোৱাৰ পাছত নতুন প্ৰজন্মই সংস্থাপনৰ বাবে বহিঃৰাষ্ট্ৰলৈ ঢপলিয়াই গৈছে। এইদৰে যিসকল যুৱক-যুৱতীয়ে বিদেশত পঢ়া-শুনা কৰি তাতেই সংস্থাপিত হৈছে, তেওঁলোক উভতি অহাৰ সকলো সম্ভাৱনা শেষ হৈছে! বিদেশতে তেওঁলোকে বিয়া-বাৰু কৰাই সাংসাৰিক জীৱনৰো পাতনি মেলে।

আৰু এটা ঘটনা অসমত অতি সুলভ। সেয়া হ’ল- বিদেশত কৰ্মৰত অসমীয়া যুৱকক জোঁৱাই কৰাৰ হাবিয়াস। আমেৰিকা, ইংলণ্ডত কৰ্মৰত যুৱকে অসমৰ ছোৱালী বিয়া পাতি নিয়াৰ পাছত স্বদেশলৈ উভতি অহাৰ উদাহৰণ একেবাৰে কম। এনেকুৱা বহু পিতৃ-মাতৃ দেখা পাব, যি নিজৰ কন্যাক বিদেশত কৰ্মৰত অসমীয়া যুৱকলৈ বিয়া দি গৌৰৱ কৰে। এইসকল পিতৃ-মাতৃ এটা সময়ত ইমান বেছি নিসংগ হৈ পৰে যে তেওঁলোকৰ সুখ আৰু দুখৰ মুহূৰ্তত কেতিয়াও জী-জোঁৱাইক কাষত নাপায়। মোবাইল ফোনটোৱেই তেওঁলোকৰ সংযোগৰ একমাত্ৰ মাধ্যম। এনেকুৱা এটা জীৱনো পাৰ কৰিবলগীয়া হৈছে এতিয়া বহুলোকে।

আচলতে আমি যে এই জীৱনটো পাইছো, এইটোৱেই পৰম সৌভাগ্যৰ কথা। পিতৃ-মাতৃৰ কাষতে থকা, পিতৃ-মাতৃক পাৰ্যমানে সেৱা-শুশ্ৰূষা কৰা সন্তানেও মৃত্যুৰ পাছত সকলো পাহৰি যায়। বছৰেকৰ মূৰত তিথি পালনতে দায়িত্ব সামৰে প্ৰায় আটাইবোৰ সন্তানে। এয়া যেন প্ৰকৃতিৰে নিয়ম। কোনেও কাৰো স্মৃতি অনবৰত কঢ়িয়াই লৈ ফুৰিব নোৱাৰে। নহ’লে নিজৰ জীৱনে গতি নলয়।

এই যে আমাৰ আটাইতকৈ প্ৰভাৱশালী মন্ত্ৰীবোৰ আৰু তেওঁলোকৰ হেজাৰ কোটি টকীয়া সা-সম্পত্তিবোৰ, সেইবোৰ জানো তেওঁলোকে ভোগ কৰিব পাৰে! তেওঁলোকেতো দিন-ৰাতি একাকাৰ কৰি ৰাজনীতি কৰি থাকোতেই জীৱন নাট সামৰিবৰ হয়! এনেকুৱা কিছুমান মন্ত্ৰীক জানো, যাৰ কে’বা মহলীয়া অট্টালিকাটোত থাকিবলৈ মানুহ নাই। চিপাহী-চন্তৰী, ৰান্ধনীহে থাকে মন্ত্ৰীৰ এই অট্টালিকাত। মন্ত্ৰীৰ পত্নী, পুত্ৰ-কন্যা থাকে নতুন দিল্লীত। অসমত ৰাজনীতি কৰি দুখীয়া মানুহৰ নামত অহা ধন-বিতবোৰ ভগাই খোৱা মন্ত্ৰীয়ে তেওঁৰ বিশাল অট্টালিকাত ৰাজস্থানৰ পৰা অনা মাৰ্বল, টাইলছ ব্যৱহাৰ কৰিছে। কাৰুকাৰ্যখচিত অজস্ৰ বাথৰূম আছে যদিও সেই বাথৰূমত প্ৰিয় গায়কৰ গীতৰ কলি গুণগুণাই গা ধুবলৈ লগত নাথাকে পত্নী আৰু সন্তান। ইয়াৰ বিপৰীতে দুটা বা তিনিটা কোঠাৰ সাধাৰণ একোখন ঘৰ ভৰি থাকে। মাক-দেউতাক, সন্তান আদিৰে ভৰপূৰ হৈ থকা ঘৰখনত কোঠাৰ সংখ্যা কম হোৱাৰ বাবে আটায়ে একেলগে থাকে। ইজন সিজনৰ ওচৰতে থাকে। হয়তো সেই বাবে এনেকুৱা পৰিয়ালৰ সদস্যসকলে প্ৰত্যেকে প্ৰত্যেকৰ সুখ-দুখ, ভাল-বেয়াৰ খবৰবোৰেৰে আপডেট হৈ থাকে। হেজাৰ কোটিৰ গৰাকী, ভাৰতৰ আটাইকেইখন চহৰত সম্পত্তিৰ মালিক হোৱা বহু ৰাজনৈতিক নেতা, মন্ত্ৰী আৰু ব্যৱসায়ীয়ে মৃত্যুৰ সময়তো গাড়ী চালক, ৰান্ধনী আৰু বনকৰা মানুহৰ বাহিৰে সন্তানক কাষত নাপায়! সন্তান আহে নৱগ্ৰহত মুখাগ্নি কৰিবলৈহে! শ্ৰাদ্ধ শেষ কৰাৰ লগে লগে সন্তান পুনৰ আঁতৰি যায়। আচলতে ধন-দৌলতৰ পাছত দৌৰা চৰকাৰী বিষয়া, মন্ত্ৰী, ৰাজনীতিক, ব্যৱসায়ীয়ে জীৱনটো উপভোগ কৰিবলৈ সময় পালে ক’ত?

সক্ষম হৈ থকা সময়খিনিত উচ্চাকাংক্ষী মন্ত্ৰীয়ে সস্তীয়া কথা-বতৰাৰে সমাজখন কলুষিত কৰে। ব্যৱসায়ীজনে অভিযন্তাৰে মিলি ৬০:৪০ৰ অংক কৰি কৰিয়েই অৱসৰ লয়। বিদেশত অধ্যয়ন কৰা, চাকৰি কৰা সন্তান সঁজা এৰি উৰি যোৱা পক্ষীৰ দৰে। কেতিয়াবা সঁজালৈ উভতি আহিব পাৰে, নাহিবও পাৰে! আচলতে আমাৰ জীৱনটোৱেই এনেকুৱা! সক্ষম হৈ থাকোতে অলেখ দুৰ্নাম আৰ্জি সম্পত্তিৰ পাহাৰ গঢ়া মন্ত্ৰী-বিষয়া, ব্যৱসায়ীয়ে মৃত্যুৰ পাছতো ৰাইজৰ পৰা অকণমান সহানুভূতি লাভ কৰিবলৈ সক্ষম নহয়!

এই যে আমাৰ আটাইতকৈ ধনী আৰু প্ৰতাপী মন্ত্ৰীজন আৰু তেওঁৰ অনুগতসকল, তেওঁলোক ধন-দৌলত আৰু ক্ষমতাৰ বলত ইমান বেছি বলিয়ান হৈ উঠিছে যে এতিয়া অসমত আশী-নব্বৈ ঊর্ধ্ব লোকক বয়সৰ বাবে এইসকলে হাঁহিবলৈ লৈছে। আবেলিৰ ৰামধেনুৰ সৌন্দৰ্য উপভোগ কৰিবলৈ সক্ষম নোহোৱা এইবোৰ অসংস্কৃতিৱান মানুহে ভাবে জীৱন মানেই ধন-দৌলত-সম্পত্তিৰ পাহাৰ। এওঁলোকে আৰু ভাবে তেওঁলোক যযাতিৰ দৰে অক্ষয় যৌৱনৰ অধিকাৰী। পৃথিৱীৰ সকলো মানুহে এদিন ৰান্ধনী বেলিৰ আভাৰে উদ্ভাসিত হ’লেও তেওঁলোক অনন্ত যৌৱনৰ গৰাকী হৈ দুপৰৰ বেলিটো হৈয়েই তাপ দি থাকিব। যিটো বেলি কেতিয়াও মাৰ নাযায়! এয়া জানো সম্ভৱ?

 

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24jitumoni bora
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ
জীৱনশৈলী

দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

February 22, 2026
আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?
বাণিজ্য

আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

February 22, 2026
চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট
জীৱনশৈলী

চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

February 22, 2026
জীৱনলৈ বেয়া সময় আহিবই, গীতাত থকা শ্ৰীকৃষ্ণৰ কি কি বাণীয়ে দিয়ে দুঃসময়ৰ পৰা উঠি অহাৰ শক্তি?
জীৱনশৈলী

জীৱনলৈ বেয়া সময় আহিবই, গীতাত থকা শ্ৰীকৃষ্ণৰ কি কি বাণীয়ে দিয়ে দুঃসময়ৰ পৰা উঠি অহাৰ শক্তি?

February 21, 2026
Next Post
ৰ’পৱেৰে যাত্ৰা ‘অসম লাইভ ২৪’ৰ সাংবাদিক বিচিত্ৰ ৰাজংবশীৰ

ৰ’পৱেৰে যাত্ৰা ‘অসম লাইভ ২৪’ৰ সাংবাদিক বিচিত্ৰ ৰাজংবশীৰ

২০২১ত গীতে-মাতে বিধানসভা!

২০২১ত গীতে-মাতে বিধানসভা!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.