অসম লাইভ২৪ঃ প্ৰথমে দুৰ্ঘটনা। তাৰপাছতেই দাউদাউকৈ জ্বলি উঠে বাছখন। শুকুৰবাৰে মাজনিশা মহাৰাষ্ট্ৰত সংঘটিত হৈছে এই দুৰ্ঘটনা। দুৰ্ঘটনাত জ্বলি উঠা বাছখনৰ ভিতৰত থকা প্ৰায় ২৬জন লোকে মৃত্যুকা আকোঁৱালি লৈছে। বাছখনত থকা মাত্ৰ ৭ আৰোহীকহে জীৱন্তে উদ্ধাৰ কৰিব পৰা বুলি জনাইছে মহাৰাষ্ট্ৰ প্ৰশাসনে। দুৰ্ঘটনাত বাছৰ চালকৰ প্ৰাণ ৰক্ষা পৰাৰ লগতে আন ৬যাত্ৰী বৰ্তমান হাস্পতালত ভৰ্তি হৈ আছে। দুৰ্ঘটনা সন্দৰ্ভত বৰ্ণনা দিছে বাছখনৰ চালকে। চালকে জনোৱা অনুসৰি বাছখন মহামাৰ্গ এক্সপ্ৰেছ হাইৱেৰে যাত্ৰা কৰিছিল। তেতিয়া নিশা প্ৰায় ১বাজি ৩৫ মিনিট। বুলধানা চহৰ পাওতেই হঠাৎ বাছখনৰ চকা ফুটে। তাৰপাছতেই এটা খুঁটাত খুন্দা খাই বাছখন বাগৰি পৰে। বাগৰি পৰিয়েই বাছখনৰ ডিজেল টেংকত জুইৰ সূত্ৰপাত হয়।
নাগপুৰৰ পৰা পুণে অভিমুখে যাত্ৰা কৰিছিল বাহনখনে। বাছখনত আছিল ৩৩জন যাত্ৰী। ৩৩গৰাকী যাত্ৰীৰ মাজত কেৱল ৭যাত্ৰীকহে জীৱন্তে উদ্ধাৰ কৰিব পৰা গৈছে। বাছখনৰ দুজন চালকৰ ভিতৰত এজনৰ মৃত্যু হৈছে। দৰ্জা থকা ফালেই বাছখন যিহেতু বাগৰি পৰিছিল সেয়ে যাত্ৰীসকল ওলাই আহিব পৰা নাছিল বাছৰ পৰা। যিসকল যাত্ৰী কেবিনৰ কাষত আছিল তেওঁলোকহে বাছৰ বাহিৰলৈ ওলাবলৈ সক্ষম হয়।
আৰক্ষী সূত্ৰই জনোৱা অনুসৰি দুৰ্ঘটনাৰ সময়ত অধিকাংশ যাত্ৰীয়েই শুই আছিল। মহাৰাষ্ট্ৰৰ ঘটনাক লৈ দুখপ্ৰকাশ কৰি প্ৰধানমন্ত্ৰীয়েও বিশেষ টুইট কৰিছে। টুইটত মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ সিন্ধেও দুখপ্ৰকাশ কৰিছে। মৃতকৰ পৰিয়াললৈ ৫লাখ টকাকৈ আৰ্থিক সাহায্যও ঘোষণা কৰিছে মহাৰাষ্ট্ৰ চৰকাৰে। ইতিমধ্যে ঘটনাত নিহত আহতসকলৰ পৰিয়ালৰ বাবে দুটাকৈ হেল্পলাইন নম্বৰো মুকলি কৰিছে। ৭০২০৪৩৫৯৫৪ আৰু ০৭২৬২২৪২৬৮৩ নম্বৰত ফোন কৰি আত্মীয়ই যোগাযোগ কৰিব পাৰে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ