• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বিতৰ্কৰ পাছতো কিয় বিশ্বৰ পৰ্যটনক্ষেত্ৰৰ ভিতৰত অনন্য খাজুৰাহো? দেশী বিদেশী পৰ্যটকে কিয় ভিৰ কৰে স্থানত কাৰণ জানিলে আপুনিও আচৰিত হ’ব

বিতৰ্কৰ পাছতো কিয় বিশ্বৰ পৰ্যটনক্ষেত্ৰৰ ভিতৰত অনন্য খাজুৰাহো? দেশী বিদেশী পৰ্যটকে কিয় ভিৰ কৰে স্থানত কাৰণ জানিলে আপুনিও আচৰিত হ’ব

3 years ago
মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

2 weeks ago
২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

2 weeks ago
৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

2 weeks ago
দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

2 weeks ago
আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

2 weeks ago
শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

2 weeks ago
আগন্তুক ২০ এপ্ৰিলত কেতুৱে নক্ষত্ৰ পৰিবৰ্তন কৰিব, অসমীয়া নৱবৰ্ষৰ পাছতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

আগন্তুক ২০ এপ্ৰিলত কেতুৱে নক্ষত্ৰ পৰিবৰ্তন কৰিব, অসমীয়া নৱবৰ্ষৰ পাছতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

2 weeks ago
চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

2 weeks ago
শুক্ৰৰ অশেষ কৃপা, মাৰ্চতেই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

শুক্ৰৰ অশেষ কৃপা, মাৰ্চতেই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

2 weeks ago
মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

2 weeks ago
শনিৰ ৰাশিত ৰাহু-মঙ্গলৰ অশুভ যোগ, অশুভ যোগতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

শনিৰ ৰাশিত ৰাহু-মঙ্গলৰ অশুভ যোগ, অশুভ যোগতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

2 weeks ago
হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ

হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ

2 weeks ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, March 9, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

বিতৰ্কৰ পাছতো কিয় বিশ্বৰ পৰ্যটনক্ষেত্ৰৰ ভিতৰত অনন্য খাজুৰাহো? দেশী বিদেশী পৰ্যটকে কিয় ভিৰ কৰে স্থানত কাৰণ জানিলে আপুনিও আচৰিত হ’ব

editor by editor
July 25, 2023
in জীৱনশৈলী, বিবিধ, বিশ্ব, ভাৰত
0
বিতৰ্কৰ পাছতো কিয় বিশ্বৰ পৰ্যটনক্ষেত্ৰৰ ভিতৰত অনন্য খাজুৰাহো? দেশী বিদেশী পৰ্যটকে কিয় ভিৰ কৰে স্থানত কাৰণ জানিলে আপুনিও আচৰিত হ’ব
0
SHARES
292
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ মধ্যপ্ৰদেশৰ খাজুৰাহো মন্দিৰৰ খ্যাতি বিশ্বজুৰি চৰ্চিত। ভাৰতৰ অন্য এক বিখ্যাত পৰ্যটন স্থল হৈছে খাজোৰাহো। মধ্যপ্ৰদেশৰ ছতাৰপুৰ জিলাত অৱস্থিত এক প্ৰাচীন মন্দিৰ। শিল কাটি কাটি এই মন্দিৰৰ ভাস্কৰ্যসমূহ নিৰ্মিত হৈছে। নিৰ্মাণ কৰা হৈছে মৈথুন মূৰ্তী। পৃথিৱীত এনে ভাস্কৰ্য হয়তো খুব কম ঠাইতহে দেখিবলৈ পোৱা যায়। সেয়ে পৰ্যটকৰ বাবেও এই স্থান অতি আকৰ্ষণীয়। পাথৰৰ ওপৰত নিখুঁতভাৱে খোদিত কৰা চিত্ৰকৰ্ম চাবলৈকে ভিৰ কৰে দেশী বিদেশী পৰ্যটকে। এই মন্দিৰৰ মূৰ্তিসমূহ তৈয়াৰ কৰা হৈছিল চন্দলৰ ৰজাৰ নেতৃত্বত। কিন্তু চন্দলৰ ৰজাই কিয় এনে মন্দিৰ তৈয়াৰ কৰিছিল সেয়া আজিও ৰহস্যৰ আৱৰ্তত। কিয় মন্দিৰৰ দেৱালসমূহত নাচৰ ভঙ্গী, আধ্যাত্মিকতা আৰু প্ৰেমৰ লগতে ৰাতিক্ৰীড়াকো তুলি ধৰা হৈছে।

এই মন্দিৰ বিশ্ব ঐতিহ্যক্ষেত্ৰৰ তালিকাভূক্ত
জাকজমকতা, সৌন্দৰ্য আৰু প্ৰাচীনত্বৰ কাৰণে এই মন্দিৰ বিশ্ব ঐতিহ্যক্ষেত্ৰৰ তালিকাত স্থান লাভ কৰিছিল। এই মন্দিৰত নিৰ্মাণ কৰা মৈথুনৰত মূৰ্তীসমূহক লৈ বহুবাৰ বিৰোধিতাও হৈছে। কিন্তু বিৰোধ কৰিলেও এই খাজোৰাহোয়ে বিশ্বত বিশেষ স্থান দখল কৰি আছে। তাত নিৰ্মিত কলাত দেখুওৱা প্ৰতিটো মূৰ্তীৰ মুখমণ্ডলত অশ্নীলতাৰ আভাস দেখা নাযায়। এই মন্দিৰ ভাস্কৰ্য, প্ৰাচীন স্থাপত্য আৰু শিল্পৰ এক অমূল্য সম্পদ।

খাজোৰাহোত কিয় মৈথুনী মূৰ্তী তৈয়াৰ কৰা হৈছিল?
এই মন্দিৰত শিল কাটি নিৰ্মাণ কৰা মৈথুনৰত মূৰ্তীসমূহ দেখাৰ পাছত প্ৰায়সকল পৰ্যটকৰ মনতেই এই প্ৰশ্ন উত্থাপিত হয়। কিন্তু এই মন্দিৰৰ নামেৰে এনে চিত্ৰ নিৰ্মাণ কৰা আঁৰত আছে কেইবাটাও কাৰণ। মন্দিৰত থকা কামোত্তেজক মূৰ্তিৰ ৰহস্য আছে। এই মূৰ্তীসমূহৰ জড়িয়তে অষ্ট মিথুনৰ একোটা জীৱন্ত চিত্ৰ ফুটাই তোলা হৈছে। ২২টা মন্দিৰৰ মাজত এটা কন্দাৰিয়া মহাদেৱৰ মন্দিৰেই কাম শিক্ষাৰ বাবে বিখ্যাত। ১০৬৫ খ্ৰীষ্টাব্দত মহম্মদ গজনীক দ্বিতীয়বাৰ পৰাস্ত কৰি ৰজা বিদ্যাধৰে এই মন্দিৰ নিৰ্মাণ কৰিছিল। বাহিৰৰ দেৱালত ৰজাই খোদিত কৰাইছিল পুৰুষ কিন্নৰ, দেৱ-দেৱীৰ ওপৰিও প্ৰেমিক-প্ৰেমিকাৰ মূৰ্তী। মাজৰ দেৱালত খোদিত কৰাইছিল মৈথুনৰ দৃশ্য।

এই মন্দিৰত নিৰ্মাণ কৰা প্ৰত্যেক প্ৰতিমাৰেই আছে বিশেষ ৰহস্য। খাজুৰাহোৰ দেৱালত নিৰ্মাণ কৰা মৈথুন ভাস্কৰ্যই কঢ়িয়াইছে কেইবাটাও বাৰ্তা। এখন দেৱালত ৩টা ভাস্কৰ্যৰ জৰিয়তে কামসূত্ৰক বৰ্ণনা কৰিছে। অৰ্থাৎ নিৰ্যাতন নহয় এয়া উদযাপন হ’ব লাগে বুলি এই ভাস্কৰ্য শিল্পৰ জৰিয়তে ফুটাই তোলা বুলি বিজ্ঞসকলে ক’ব খোজে।

কথিত কাহিনী অনুসৰি চান্দেলা ৰজাসকলৰ সময়ত সেই এলেকাত তান্ত্ৰীক সম্প্ৰদায়ৰ লোকে বাস কৰিছিল। এই সম্প্ৰদায়ৰ লোকসকলে যোগ আৰু ভোগ উভয়কেই সমানে গুৰুত্ব দিছিল। এই মূৰ্তীসমূহ তেওঁলোকৰ কৰ্মকাণ্ডৰেই প্ৰতিফলন বুলিও বহুতে দাবী কৰে। হিন্দুশাস্ত্ৰত যৌনতাও মোক্ষলাভৰ এটা উপায় বুলি বৰ্ণনা কৰা আছে।

ইয়াৰোপৰি আন এক কাহিনীমতে এবাৰ ৰাজপুৰোহিত হেমৰাজৰ কন্যা হেমবতী সন্ধ্যাই ওচৰৰে এটা হ্ৰদত গা ধুবলৈ গৈছিল। সেই সময়তে আকাশৰ পৰা স্বয়ং চন্দ্ৰদেৱে হেমবতীৰ গা ধোৱাৰ দৃশ্য দেখা পায়। হেমবতীক দেখা পায় চন্দ্ৰদেৱৰ মন বিচলিত হৈ পৰে। লগে লগেই চন্দ্ৰদেৱে হেমবতীৰ সন্মুখত উপস্থিত হয় আৰু প্ৰণয় নিবেদন কৰে। চন্দ্ৰ আৰু হেমবতীৰ পাছলৈ এটা পুত্ৰ সন্তান জন্ম হয়। এই সন্তানৰ নামতেই চান্দেল ৰাজবংশ প্ৰতিষ্ঠা হয়। সমাজৰ ভয়ত হেমবতীৰ পুত্ৰক কৰ্ণাবতী নদীৰ তীৰত ডাঙৰ দীঘল কৰিছিল হেমবতীয়ে। পাছলৈ তেওঁৰ নামেই চন্দ্ৰবৰ্মণ ৰাখে চন্দ্ৰ আৰু হেমবতীয়ে।

কৈশোৰ কালত ভৰি দিয়াৰ পাছতেই চন্দ্ৰবৰ্মণ এজন শক্তিশালী ৰজা হৈ পৰে। এবাৰ তেওঁৰ মাতৃ হেমবতীয়ে এনে এক সপোন দেখিছিল যে এটা অদ্ভূত মন্দিৰ নিৰ্মাণ কৰিব লাগে। লগে লগেই পুত্ৰক সেই কথা জনায়। পুত্ৰক মাতৃয়ে বুজায় যে যৌনত মানৱজীৱনৰ এক অপৰিহাৰ্য অংশ সেই কথা সমাজে বুজিব লাগে। কোনো ব্যক্তিয়ে নিজা ইচ্ছা পূৰণ কৰাটোক যাতে দোষী বুলি সমাজে গণ্য নকৰে তেনে বাৰ্তা সমাজক শিকাব লাগে। পুত্ৰক এই কথা কোৱাৰ পাছতেই ৰজা চন্দ্ৰবৰ্মণে মাতৃৰ সপোন পূৰণৰ বাবে উঠিপৰি লাগে। চন্দ্ৰবৰ্মণে তাৰপাছতেই বাচি ল’লে খাজুৰাহোক। এই স্থানত তেওঁ সেই মন্দিৰ নিৰ্মাণৰ কাম আৰম্ভ কৰে। আৰু মন্দিৰৰ কাষতেই নিজৰ ৰাজধানীও স্থাপন কৰে।

চন্দ্ৰবৰ্মণে এই মন্দিৰত ৮৫টা বেদীৰে এক বিশাল যজ্ঞৰো আয়োজন কৰিছিল। পাছলৈ এই বেদীসমূহৰ ঠাইতেই ৮৫টা মন্দিৰ নিৰ্মাণ কৰা হ’ল। কিন্তু বৰ্তমাণ সময়ত ৮৫টা মন্দিৰৰ ভিতৰত মাত্ৰ ২২ টা মন্দিৰৰহে অৱশিষ্ঠ আছে। চতুৰ্দশ শতাব্দীত খাজুৰাহোৰ পৰা চান্দেলসকলৰ প্ৰস্থানৰ পাছতেই এই সময় এই স্থান পৰিত্যক্ত হৈ পৰিল। শেষলৈ এই মন্দিৰ সংৰক্ষণৰ দিহা কৰে স্থানীয় লোকৰ লগতে মধ্যপ্ৰদেশ চৰকাৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট
জীৱনশৈলী

মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

February 22, 2026
২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য
জীৱনশৈলী

২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

February 22, 2026
৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?
জীৱনশৈলী

৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

February 22, 2026
দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ
জীৱনশৈলী

দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

February 22, 2026
Next Post
আপোনাৰ জন্মৰ দিন অনুযায়ী আপুনি এই কামতেই সফল হ’ব! সংখ্যা তত্ত্বৰ সহায়ত কেৰিয়াৰ সম্পৰ্কে কেনেকৈ জানিব?

আপোনাৰ জন্মৰ দিন অনুযায়ী আপুনি এই কামতেই সফল হ’ব! সংখ্যা তত্ত্বৰ সহায়ত কেৰিয়াৰ সম্পৰ্কে কেনেকৈ জানিব?

হৰিদ্বাৰত বিপদসীমাৰ ওপৰেৰে বৈছে গংগা, কেইবাটাও এলেকাত হাই এলাৰ্ট

হৰিদ্বাৰত বিপদসীমাৰ ওপৰেৰে বৈছে গংগা, কেইবাটাও এলেকাত হাই এলাৰ্ট

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.