অসম লাইভ২৪ঃ আম আদমী পাৰ্টিৰ (আপ) সাংসদ ৰাঘৱ চাড্ডাক বুধবাৰে কাউৰীয়ে আক্ৰমণ কৰা এটা ভিডিঅ’ এতিয়া টুইটাৰত ট্ৰেণ্ডিঙত আছে। ঘটনাটো পোহৰলৈ অহাৰ পিছত, আপৰ সাংসদগৰাকীক কটাক্ষ কৰি বিজেপিয়ে অফিচিয়েল হেণ্ডেলৰ পৰাও শ্বেয়াৰ হৈছে এটা টুইট, বিজেপিৰ অফিচিয়েল পেজৰ পৰা লিখা হৈছে, ‘ঝুট বৌলে তৌ কাৱা কাটে, আজতক চিৰ্ফ ছুনা থা, আজ দেখ ভি লিয়া কৌৱা নে ঝুঠৌ কৌ কাটা।’
ভাইৰেল ফটোখনত দেখা গৈছে যে আপৰ সাংসদ ৰাঘৱ চাড্ডাই সংসদৰ বাহিৰলৈ ওলাই আহিছে। ওলাই আহোঁতেই এটা কাউৰীয়ে ৰাঘৱক আক্ৰমণ কৰিছে। ৰাঘৱে কাউৰীয়ে আক্ৰমণ কৰাৰ সময়ত ফোনত কথা পাতি আছিল। সেই সময়তেই ৰাঘৱক কাউৰীয়ে আক্ৰমণ কৰে।
দিল্লী বিজেপিয়ে কৰিছে বিশেষ টুইট
দিল্লী বিজেপিৰ অফিচিয়েল টুইটাৰ হেণ্ডেলৰ পৰা শ্বেয়াৰ হৈছে বিশেষ ফটোখন। বিজেপি নেতা তাজিন্দৰ বাগ্গাইও সমালোচনা কৰিছে ৰাঘৱক। বিজেপি নেতা তাজিন্দৰ পাল সিং বাগ্গাইও ৰাঘৱ চাড্ডাক কাউৰীয়ে খুটিয়াবলৈ চেষ্টা কৰাৰ ফটো টুইট কৰি লিখিছে, ‘সন্মানীয় সাংসদ ৰাঘৱ চাড্ডাৰ ওপৰত কাউৰীৰ আক্ৰমণৰ বাতৰি দেখি মই দুখিত। তেওঁৰ সুস্বাস্থ্য কামনা কৰিলো।’
ৰাঘৱ চাড্ডাই দিছে বিশেষ প্ৰত্তুত্ত্যৰ
আপৰ সাংসদ ৰাঘৱ চাড্ডাইয়ো বিজেপিক প্ৰত্যুত্তৰ দিছে। ৰাঘৱে টুইটত লিখিছে, ‘रामचन्द्र कह गए सिया से ऐसा कलयुग आएगा, हंस चुगेगा दाना दुनका और कौवा मोती खाएगा’ आज तक सिर्फ़ सुना था, आज देख भी लिया।’
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ