অসম লাইভ২৪ঃ প্ৰতি তিনি বছৰ ধৰি নিৰলস পৰিশ্ৰমৰ শেষত আহিল বিশেষ সাফল্য৷ অন্ধ্ৰপ্ৰদেশৰ শ্ৰীহৰিকোটাৰ সতীশ ধাৱাল স্পেছ চেণ্টাৰৰ ‘লঞ্চিং পেড’ৰ পৰা চন্দ্ৰযান-৩ৰ উৎক্ষেপণ সফল হৈছিল। বুধবাৰে অৰ্থাৎ ২৩ আগষ্ঠত সফলভাৱে চন্দ্ৰপৃষ্ঠত ভৰি থলে লেণ্ডাৰ বিক্ৰমে৷ ইছৰোৰ এই চন্দ্ৰাভিজানত ১৬ হাজাৰ বিজ্ঞানীৰ ওপৰিও কঠোৰ পৰিশ্ৰম কৰিছে ইছৰোত কৰ্মৰত সৰুবল সকলো কৰ্মকৰ্তাইয়ে৷
ইছৰোৰ এইসকল কৰ্মচাৰীৰ ভিতৰত আছে ৰাঁচীৰ ‘হেভি ইঞ্জিনিয়াৰিং কৰ্পৰেছন’ নামৰ সংস্থাৰ ইঞ্জিনিয়াৰ। এই সংস্থাৰ অভিযন্তাৰ পৰা সাধাৰণ কৰ্মচাৰীলৈকে সকলোৱেই দৰমহা অবিহনেই কৰিছিল কাম৷ ১৭মাহ দৰমহা নোলোৱাকৈয়ে কাম কৰিছিল চন্দ্ৰযান-৩ৰ সৈতে জড়িত হৈ থকা কৰ্মকৰ্তাসকলে৷ একাধিক প্ৰতিবেদনত প্ৰকাশ হোৱা অনুসৰি কেন্দ্ৰৰ ওচৰত বাৰে বাৰে আৱেদন জনাইয়ো ডেৰ বছৰৰো অধিক সময় ধৰি দৰমহা লাভ কৰা নাই এই কোম্পানীৰ কৰ্মকৰ্তাসকলে৷ দৰমহা অবিহনেও দিনে নিশাই চন্দ্ৰযান-৩ উৎক্ষেপণৰ বাবে কাম কৰিছিল এইসকল কৰ্মচাৰীয়ে৷
প্ৰকাশিত তথ্য অনুসৰি বিগত ৩বছৰ ধৰি আৰ্থিক সমস্যাৰ মাজত আছে চন্দ্ৰযান-৩ৰ বাবে যন্ত্ৰপাতি যোগান ধৰিছিল ‘হেভি ইঞ্জিনিয়াৰিং কৰ্পৰেছন’ নামৰ কোম্পানীটোয়ে৷ এই সংস্থাৰ পৰিস্থিতিৰ সৈতে কেন্দ্ৰীয় টেলিকম সংস্থা বিএছএনএলৰ তুলনা কৰিছে বহুতেই৷ এই কোম্পানীৰ প্ৰায় ৩হাজাৰ ইঞ্জিনিয়াৰৰ পৰা সাধাৰণ কৰ্মীলৈ সকলোৱে ১৭মাহ ধৰি দৰমহা পোৱা নাই৷ সংস্থাটোৰ জয়েণ্ট চেক্ৰেটেৰী তথা ইঞ্জিনীয়াৰ সুভাষচন্দ্ৰই চন্দ্ৰযান-৩ৰ সফলতাক লৈ খুবেই সুখী বুলি জনাইছে। কিন্তু তেওঁৰ সহকৰ্মীসকলৰ পাৰিশ্ৰমিকক লৈ তেওঁ কিছু চিন্তিত বুলি এক ৰাষ্ট্ৰীয় সংবাদমাধ্যমত প্ৰকাশ কৰিছে৷ তেওঁ এই সন্দৰ্ভত কয়, ‘কৰ্মীসকল খুবেই সমস্যাত আছে৷ কিন্তু আৰ্থিক সমস্যাৰ মাজতো চন্দ্ৰযান-৩ সফলভাৱে লেণ্ডিংং কৰাত নথৈ আনন্দিত কৰ্মীসকল৷ গৰ্বিত হৈছো আমি, এই অভিযানত আমি সফল হৈছো৷ দেশৰ বাবে গৌৰৱ কঢ়িয়াই অনাত আমি সফল হৈছো৷ ইয়াৰ মাজতেই যদি আমাৰ কৰ্মচাৰীসকলে দৰমহা লাভ কৰে তেন্তে আমি আৰু আনন্দিত হ’ম৷’
উল্লেখ্য যে দৰমহাৰ বিষয়টোক লৈ একাধিকবাৰ চিঠি লিখিছে কৰ্মচাৰীসকলে৷ চৰকাৰে কোনো সঁহাৰি দিয়া নাই এইসকল কৰ্মীক৷ পাবলগীয়া বেতন বিচাৰি বিগত বৰ্ষৰ ৩ নৱেম্বৰৰ পৰা চলিত বৰ্ষৰ জানুৱাৰী পৰ্যন্ত ধৰ্মঘটো কৰিছিল৷ চৰকাৰে ধৰ্মঘটৰ সময়ত প্ৰতিশ্ৰুতি দিছিল যে অচিৰেই তেওঁলোকে কৰ্মীসকলক ধন প্ৰদান কৰিব৷ তাৰপাছতেই এইসকল কৰ্মীয়ে উঠাই লৈছিল ধৰ্মঘট৷ আৰ্থিক দুৰাৱস্থাৰ কাৰণে বিগত ২বছৰ ধৰি সংস্থাটোৱে কোনো স্থায়ী ‘চীফ মেনেজিং ডাইৰেক্টৰ’ নিয়োগ কৰিব পৰা নাই৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ