অসম লাইভ২৪ঃ ছত্তিছগড়ত ৰাহুল গান্ধীৰ উদ্দাত্ত ভাষণ। কংগ্ৰেছ দলৰ কৰ্মকৰ্তাক এটা এটা বাঘ বুলি ভাষণৰ আৰম্ভ কৰে ৰাহুল গান্ধীয়ে। ৰাহুলে ভাষণত কয়, ‘কেইমাহমান পূৰ্বে কৰ্ণাটকত কংগ্ৰেছৰ বৃহৎ জয় হৈছে। কংগ্ৰেছৰ বিচাৰ ধাৰাক কৰ্ণাটকবাসীয়ে আদৰি লৈছে। বিজেপিৰ হিংসা বিলোৱা ৰাজনীতিত অতিষ্ঠ হৈ কৰ্ণাটকবাসীয়ে বিজেপিক বিদায় দিছে। ছত্তিছগড়ত আমি কৃষকৰ ঋণ মাফ, বিজুলী বিল হ্ৰাস কৰা, কৃষকক মাটি দিয়াৰ প্ৰতিশ্ৰুতি দিছিলো। সেই প্ৰতিশ্ৰুতি পূৰণো কৰিলো। কৰ্ণাটকতো আমি ৫ টা প্ৰতিশ্ৰুতি দিছিলো। সেই প্ৰতিশ্ৰুতি পূৰণৰ কাম কৰি আছো। কৰ্ণাটকৰ প্ৰতিজন দৰিদ্ৰ লোক কংগ্ৰেছৰ সৈতে আছে। ছত্তিছগড়ত আজি মই আকৌ এটা কথা স্পষ্ট কৰিব খুজিছো। মোদীজীয়ে দেশৰ জনতাৰ বাবে কাম কৰা নাই। মোদীজীয়ে দুজন আৰৱপতিক সহায় কৰাৰ কামত ব্যস্ত আছে।
দেশৰ ধন বাহিৰলৈ পঠিয়াই আদানীৰ শ্বেয়াৰ মাৰ্কেটত সেই ধন ব্যৱহাৰ কৰিছে। আদানীক ধনী কৰাইছে। দেশৰ এয়াৰপৰ্ট, সম্পত্তি, ৰে’ল ষ্টেচন সকলো আদানীক উপহাৰ দিবলৈ আৰম্ভ কৰিছে মোদীয়ে। মই এই কথা ক’বলৈ ভয় নকৰো। ছত্তিছগড়ৰ প্ৰত্যেকজন যুৱকে মোদীক এটা প্ৰশ্ন কৰক। আদানীৰ এই সম্পদ বাঢ়ি থকাৰ কথা আপোনালোকে মোদীক সোধক। বাহিৰলৈ যোৱা আৰৱ আৰৱ ডলাৰ কাৰ টকা মোদীক সোধক। কিয় মোদীয়ে আদানীৰ ওপৰত ইনকুৱেৰী চলাব নোৱাৰে?
ছত্তিছগড়ত আমি কৃষক যুৱক, মহিলাৰ বাবে কাম কৰিছো। কৃষকৰ ধানৰ উচিত মুল্য কেৱল ছত্তিছগড় চৰকাৰেই দিছে। মোদীয়ে চেলেঞ্জ কৰিছিল কংগ্ৰেছে ছত্তিছগড়ত এটাও প্ৰতিশ্ৰুতি পূৰণ কৰিব নোৱাৰো বুলি। কিন্তু আমি কৰি দেখুৱালো। মোদীয়ে কৈছিল ক’লা ধন দেশলৈ ঘূৰাই আনিম বুলি কিন্তু বিদেশী সংবাদপত্ৰই কৈছে যে, ভাৰতৰ পৰাহে আৰৱ আৰৱ ডলাৰ বিদেশলৈ গৈ আছে। যুৱকৰ হাতত ভাৰতৰ ভৱিষ্যত। গতিকে যুৱক সচেতন হওক। ছত্তিছগড় যুৱ সমাজে চলাব। ছত্তিছগড়ৰ পৰাই কেন্দ্ৰলৈ মন্ত্ৰী আহিব। এই যুৱকৰ মাজৰ পৰাই আমি তেনে দক্ষ ৰাজনীতিবিদ উলিয়াই নিম। আমি আদিবাসীসকলক ভাৰতৰ প্ৰকৃত মালিক বুলি ক’ব খুজিম। এই দেশৰ মাটিত আদিবাসীৰ প্ৰথম অধিকাৰ। আপোনালোকৰ মাটিত আপোনালোকৰ পূৰ্ণ অধিকাৰ আছে। বিজেপিয়ে আপোনালোকক বনবাসী কৈছে। আদিবাসী যুৱকক মই আহ্বান জনাম। আপোনালোকে সপোন দেখক। দেশৰ প্ৰতিটো ক্ষেত্ৰত আপোনালোক চামিল হওক। আপোনালোকক তেওঁলোকে জংঘলতেই ৰাখিব বিচাৰিছে। তেওঁলোকৰ এই চিন্তাধাৰাক আপোনালোকে বুঢ়া আঙুলি দেখুৱাব লাগিব।
আদিবাসীয়ে সপোন দেখাটো আমি বিচাৰো। আপোনালোক ওলাই আহিলেহে দেশত পৰিবৰ্তন আহিব। বিজেপিয়ে এটা ধৰ্মক আন এটা ধৰ্মৰ বিৰুদ্ধে যুদ্ধ কৰাইছে, এটা জাতিক আনটো জাতিৰ বিৰুদ্ধে যুদ্ধ কৰাইছে। তেওঁলোকে মণিপুৰ, অসম, কৰ্ণাটক সকলোতে এই কাম কৰিবলৈ ধৰিছে। আমি বাধা দিছো। আৰু বাধা দি যাম। আমি ভাৰতক প্ৰেমৰ ডোলেৰে বান্ধিম। বিজেপিৰ এই হিংসাৰ ৰাজনীতি জনতাই বুজিবলৈ লৈছেই। আমি ভাৰত জোড়োৰে জনতাক এটাই কথা কৈছো। আপোনালোক সকলো ভাৰতীয়। আপোনালোকৰ জাতি ধৰ্ম বৰ্ণ যিয়েই নহওক এই দেশৰ মাটিত আপোনালোক সন্মানেৰে জীয়াই থকাৰ অধিকাৰ আছে।
কিছু বছৰ পূৰ্বে বাঘেলজীক মই সুধিছিলো। আপোনাৰ এলেকাত যুৱকৰ প্ৰধান অসুবিধা কি কি? তেতিয়া এটাই উত্তৰ পাইছিলো নিবনুৱা সমস্যাই আটাইতকৈ ডাঙৰ সমস্যা। মই বাঘেলজীক তেতিয়াই কৈছিলো প্ৰতিজন ক্ষুদ্ৰ ব্যৱসায়ীৰ বাবে আপোনালোকে কাম কৰক। বেংকৰ লোন তেওঁলোকক দিয়ক। বাঘেলজীয়ে সেই মতেই কাম কৰিছে। নতুন নতুন ক্ষুদ্ৰ ব্যৱসায়ীৰ জন্ম হৈছে। ছত্তিছগড় লজিষ্টিকেল চেণ্টাৰ কৰিবলৈ চেষ্টা কৰিম। যাতে ইয়াত কৰ্মসংস্থাপন বৃদ্ধি পায়। ছত্তিছগড়ৰ চৰকাৰে ভাল কাম কৰিছে আগন্তুক ৫ বছৰত এই চৰকাৰেই থাকিব। মই কাৰ্যকৰ্তাক এটাই কথা কওঁ, ছত্তিছগড় আপোনালোকৰ বাবেই আমাৰ হাতত আছে। আপোোলোকৰ সুৰক্ষাৰ বাবে মই বাঘেলজীক পদক্ষেপ ল’বলৈ কৈ আহিছো। তেওঁ কথামতে কাম কৰিছে। প্ৰেমেৰেহে দেশত প্ৰগতি হ’ব। দেশক আগবঢ়াই নিবলৈ বুকুত প্ৰেম ৰাখক হিংসা নহয়। যুৱকসকলক মই ৰাজনীতিলৈ আমন্ত্ৰণ জনাম। আপোনালোক আহক দেশক প্ৰগতিৰ বাট দেখুওৱাওক।’
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ