অসম লাইভ ২৪ঃ প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীৰ মৃত্যু। দিল্লীৰ সেনা হাস্পতালত মৃত্যু প্ৰণৱ মুখাৰ্জীৰ। আজি সন্ধিয়া মৃত্যু হয় প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীৰ। মুখাৰ্জীৰ পুত্ৰ অভিজিতে টুইটাৰযোগে সদৰী কৰে মৃত্যুৰ খবৰ। কোভিড আক্ৰান্ত হৈছিল প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকী। সমান্তৰালকৈ তেওঁৰ মগজুৰ এক অস্ত্ৰোপচাৰ সম্পন্ন হৈছিল। মগজুৰ অস্ত্ৰোপচাৰৰ পাছৰ পৰাই ক্ৰমাৎ স্বাস্থ্যৰ অৱনতি ঘটে প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীৰ। আৰু অৱশেষত আজি সন্ধিয়া শেষনিশ্বাস ত্যাগ কৰে প্ৰণৱ মুখাৰ্জীয়ে।
১৯৩৫ চনৰ ১১ ডিচেম্বৰত পশ্চিমবংগৰ বীৰভুম জিলাৰ মিৰাতী গাঁৱৰ এক ব্ৰাহ্মণ পৰিয়ালত জন্ম হৈছিল এইগৰাকী দিগ্বজ ৰাজনীতিকৰ। ভাৰতীয় ৰাজনীতিৰ বহু উত্থান-পতনৰ সাক্ষী প্ৰণৱ মুখাৰ্জী।
প্ৰণৱ মুখাৰ্জীয়ে ২০১২ চনৰ ২৫ জুলাইত ৰাষ্ট্ৰপতিৰূপে শপতগ্ৰহণ কৰিছিল। ২০১৭ চনৰ ২৫ জুলাইত তেওঁৰ কাৰ্যকাল অন্ত পৰে। ২০১৯ চনত প্ৰণৱ মুখাৰ্জীক ভাৰত ৰত্ন সন্মান প্ৰদান কৰা হয়। জাতীয় কংগ্ৰেছৰ এইগৰাকী নেতা আছিল গান্ধী পৰিয়ালৰ অতি বিশ্বস্ত। অৱশ্যে ৰাজনৈতিক কাৰণত প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ সৈতে মতান্তৰো ঘটিছিল কংগ্ৰেছৰ চাণক্যগৰাকীৰ। ইন্দিৰা গান্ধী, ৰাজীৱ গান্ধী, মনমোহন সিং, পি ভি নৰসিং ৰাওৰ কাৰ্যকালত বিত্তমন্ত্ৰী, বিদেশ মন্ত্ৰী, প্ৰতিৰক্ষা মন্ত্ৰীৰ দৰে গুৰুত্বপূৰ্ণ বিভাগৰ দায়িত্বত আছিল প্ৰণৱ মুখাৰ্জী। পৰিকল্পনা আয়োগৰ উপাধ্যক্ষ পদত কাৰ্যনিৰ্বাহ কৰিছিল এই দিগ্বজ ৰাজনীতিকে।

কলকাতা বিশ্ববিদ্যালয়ৰ পৰা ৰাজনীতি আৰু ইতিহাস বিভাগত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল প্ৰণৱ মুখাৰ্জীয়ে। তদুপৰি আইনৰ ডিগ্ৰীধাৰী আছিল এইগৰাকী ৰাজনীতিক। অধিবক্তাৰূপে কৰ্মময় জীৱনৰ আৰম্ভণি ঘটোৱা প্ৰণৱ মুখাৰ্জীয়ে অধ্যাপকৰূপেও কাৰ্যনিৰ্বাহ কৰিছিল। ডি-লিট সন্মান লাভ কৰিছিল প্ৰণৱ মুখাৰ্জীয়ে।

১৯৬৯ চনত ৰাজ্যসভাৰ সদস্যৰূপে ৰাজনৈতিক জীৱনৰ আৰম্ভণি ঘটায় মুখাৰ্জীয়ে। ১৯৭৩ চনত প্ৰথমবাৰৰ বাবে কেন্দ্ৰীয় মন্ত্ৰী মণ্ডলত ঔদ্যোগিক বিকাশ বিভাগৰ উপ-মন্ত্ৰীৰূপে প্ৰণৱ মুখাৰ্জীয়ে স্থানলাভ কৰে। ৰাজীৱ গান্ধীৰ সৈতে হোৱা মতান্তৰৰ বাবে কংগ্ৰেছ এৰিবলগা হৈছিল প্ৰণৱ মুখাৰ্জীয়ে। কংগ্ৰেছৰ পৰা ওলাই তেওঁ নিজা প্ৰচেষ্টাত ৰাষ্ট্ৰীয় সমাজবাদী কংগ্ৰেছ দল গঠন কৰে। অৱশ্যে ১৯৮৯ চনত ৰাজীৱ গান্ধীৰ সৈতে বুজাবুজিত উপনীত হৈ দলটোক কংগ্ৰেছত চামিল কৰে। প্ৰণৱ মুখাৰ্জী বিশ্ববেংকৰ আন্তঃৰাষ্ট্ৰীয় মুদ্ৰাকোষ, এছিয়া বিকাশ বেংক, আফ্ৰিকা বিকাশ বেংকৰ প্ৰশাসক ব’ৰ্ডৰ সদস্য আছিল।

ৰাষ্ট্ৰপতিৰূপে প্ৰণৱ মুখাৰ্জীয়ে গ্ৰহণ কৰিছিল কেইবাটাও অতি সাহসী সিদ্ধান্ত। মুম্বাই আক্ৰমণৰ অন্যতম দোষী আজমল কাছৱৰ ক্ষমাৰ আৱেদন নাকচ কৰি পাকিস্তানী সন্ত্ৰাসবাদীটোক ফাঁচিকাঠত ওলমোৱাৰ বাট সুগম কৰিছিল এইগৰাকী ৰাষ্ট্ৰপতিয়ে। ইমানেই নহয়, সাংসদ ভৱন আক্ৰমণৰ অন্যতম দোষী আফজল গুৰুৰো ফাঁচিকাঠত ওলমোৱাৰ অন্তিম নিৰ্দেশত স্বাক্ষৰ কৰিছিল ৰাষ্ট্ৰপতিৰূপে প্ৰণৱ মুখাৰ্জীয়ে। এগৰাকী দক্ষ ৰাজনীতিবিদে আজি ল’লে চিৰ বিদায়। তেওঁৰ মৃত্যুত শোক ব্যক্ত কৰিছে দেশৰ ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰীৰ লগতে সমগ্ৰ দেশবাসীয়ে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ