• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীৰ মৃত্যু

প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীৰ মৃত্যু

6 years ago
কুম্ভ ৰাশিত ৰাহু ট্ৰেনজিট! এই সময় ৩ৰাশিৰ বাবে ভাল সময়, ভাল খবৰ লাভ কৰিব কোন কোন ৰাশিয়ে?

কাইলৈ ভাগ্যই লগ এৰিব নেকি আপোনাৰ? ৰাশিফলে দিছে ডাঙৰ ইংগিত!

11 hours ago
সংগীৰ ওচৰত যাবলৈ অনিহা? পাকঘৰৰ এই সামগ্ৰীয়ে বৃদ্ধি কৰিব কামনা!

সংগীৰ ওচৰত যাবলৈ অনিহা? পাকঘৰৰ এই সামগ্ৰীয়ে বৃদ্ধি কৰিব কামনা!

11 hours ago
ৰাহুল গান্ধীৰ জন্মদিনত নিৱনুৱা যুৱক-যুৱতীয়ে পাব ডাঙৰ সুযোগ, হ’ব  কংগ্ৰেছৰ ‘মহা ৰোজগাৰ মেলা’

ৰাহুল গান্ধীৰ জন্মদিনত নিৱনুৱা যুৱক-যুৱতীয়ে পাব ডাঙৰ সুযোগ, হ’ব কংগ্ৰেছৰ ‘মহা ৰোজগাৰ মেলা’

12 hours ago
ডাকঘৰৰ কোনবোৰ আঁচনিয়ে দিব সৰ্বাধিক লাভ? নিৰাপদ আৰু সুৰক্ষিত ৰিটাৰ্ণৰ বাবে জানক এই তথ্য

ডাকঘৰৰ কোনবোৰ আঁচনিয়ে দিব সৰ্বাধিক লাভ? নিৰাপদ আৰু সুৰক্ষিত ৰিটাৰ্ণৰ বাবে জানক এই তথ্য

12 hours ago
কলীয়া মেঘে ঢাকিছে মহানগৰী, বতৰ বিজ্ঞানে মোবাইলে মোবাইলে দিলে জৰুৰী বাৰ্তা

কাইলৈ বতৰে ল’ব ভয়ংকৰ ৰূপ! অসমৰ লগতে এই ৫ খন ৰাজ্যত আহিব প্ৰচণ্ড ধুমুহা আৰু বৰষুণ

13 hours ago
সপ্তাহত কিমানবাৰ চুলি ধোৱা উচিত? ৯৯% লোকে নাজানে সঠিক উত্তৰ!

সপ্তাহত কিমানবাৰ চুলি ধোৱা উচিত? ৯৯% লোকে নাজানে সঠিক উত্তৰ!

13 hours ago
কম EMI ৰ কথা ভাবিলে পৰিব বিপদত! জানেনে কেনেকৈ বৃদ্ধি পায় ঋণৰ মুঠ পৰিমাণ?

কম EMI ৰ কথা ভাবিলে পৰিব বিপদত! জানেনে কেনেকৈ বৃদ্ধি পায় ঋণৰ মুঠ পৰিমাণ?

15 hours ago
আপোনাৰ নখত বগা চিহ্ন আছে নেকি? দিব ভাগ্যৰ ইংগিত

আপোনাৰ নখত বগা চিহ্ন আছে নেকি? দিব ভাগ্যৰ ইংগিত

16 hours ago
নাৰীৰ কোনবোৰ গুণে অশান্তি কৰে পুৰুষক? আচাৰ্য চাণক্যই ক’লে প্ৰকৃত কাৰণ

নাৰীৰ কোনবোৰ গুণে অশান্তি কৰে পুৰুষক? আচাৰ্য চাণক্যই ক’লে প্ৰকৃত কাৰণ

16 hours ago
দুঃসময় আঁতৰিব ৫ ৰাশিৰ জাতক-জাতিকাৰ! বাবা ভাংগাৰ ডাঙৰ ভৱিষ্যদ্বাণী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, মেষ ৰাশিকে ধৰি আন ৫ ৰাশিৰ হাতলৈ আহিব ধন

17 hours ago
একেহাৰে বন্ধ থাকিব বেংক, আজিয়েই পৰীক্ষা কৰক বন্ধৰ তালিকা

একেহাৰে বন্ধ থাকিব বেংক, আজিয়েই পৰীক্ষা কৰক বন্ধৰ তালিকা

18 hours ago
PAN কাৰ্ডধাৰীৰ বাবে ডাঙৰ খবৰ, এই ৫টা কামত PAN নম্বৰ নিদিলে পৰিব বিপদত!

PAN কাৰ্ডধাৰীৰ বাবে ডাঙৰ খবৰ, এই ৫টা কামত PAN নম্বৰ নিদিলে পৰিব বিপদত!

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, June 15, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীৰ মৃত্যু

সন্ত্ৰাসবাদী আজমল কাছৱ, আফজল গুৰুৰ মৃত্যু পৰোৱানাত স্বাক্ষৰ কৰিছিল প্ৰণৱ মুখাৰ্জীয়ে

editor by editor
August 31, 2020
in ক'ভিড-১৯, ভাৰত
0
প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীৰ মৃত্যু
0
SHARES
83
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীৰ মৃত্যু। দিল্লীৰ সেনা হাস্পতালত মৃত্যু প্ৰণৱ মুখাৰ্জীৰ। আজি সন্ধিয়া মৃত্যু হয় প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীৰ। মুখাৰ্জীৰ পুত্ৰ অভিজিতে টুইটাৰযোগে সদৰী কৰে মৃত্যুৰ খবৰ। কোভিড আক্ৰান্ত হৈছিল প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকী। সমান্তৰালকৈ তেওঁৰ মগজুৰ এক অস্ত্ৰোপচাৰ সম্পন্ন হৈছিল। মগজুৰ অস্ত্ৰোপচাৰৰ পাছৰ পৰাই ক্ৰমাৎ স্বাস্থ্যৰ অৱনতি ঘটে প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীৰ। আৰু অৱশেষত আজি সন্ধিয়া শেষনিশ্বাস ত্যাগ কৰে প্ৰণৱ মুখাৰ্জীয়ে।

১৯৩৫ চনৰ ১১ ডিচেম্বৰত পশ্চিমবংগৰ বীৰভুম জিলাৰ মিৰাতী গাঁৱৰ এক ব্ৰাহ্মণ পৰিয়ালত জন্ম হৈছিল এইগৰাকী দিগ্বজ ৰাজনীতিকৰ। ভাৰতীয় ৰাজনীতিৰ বহু উত্থান-পতনৰ সাক্ষী প্ৰণৱ মুখাৰ্জী।

প্ৰণৱ মুখাৰ্জীয়ে ২০১২ চনৰ ২৫ জুলাইত ৰাষ্ট্ৰপতিৰূপে শপতগ্ৰহণ কৰিছিল। ২০১৭ চনৰ ২৫ জুলাইত তেওঁৰ কাৰ্যকাল অন্ত পৰে। ২০১৯ চনত প্ৰণৱ মুখাৰ্জীক ভাৰত ৰত্ন সন্মান প্ৰদান কৰা হয়। জাতীয় কংগ্ৰেছৰ এইগৰাকী নেতা আছিল গান্ধী পৰিয়ালৰ অতি বিশ্বস্ত। অৱশ্যে ৰাজনৈতিক কাৰণত প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ সৈতে মতান্তৰো ঘটিছিল কংগ্ৰেছৰ চাণক্যগৰাকীৰ। ইন্দিৰা গান্ধী, ৰাজীৱ গান্ধী, মনমোহন সিং, পি ভি নৰসিং ৰাওৰ কাৰ্যকালত বিত্তমন্ত্ৰী, বিদেশ মন্ত্ৰী, প্ৰতিৰক্ষা মন্ত্ৰীৰ দৰে গুৰুত্বপূৰ্ণ বিভাগৰ দায়িত্বত আছিল প্ৰণৱ মুখাৰ্জী। পৰিকল্পনা আয়োগৰ উপাধ্যক্ষ পদত কাৰ্যনিৰ্বাহ কৰিছিল এই দিগ্বজ ৰাজনীতিকে।

ৰাষ্ট্ৰপতিৰূপে শপত লোৱাৰ মুহূৰ্ত

কলকাতা বিশ্ববিদ্যালয়ৰ পৰা ৰাজনীতি আৰু ইতিহাস বিভাগত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল প্ৰণৱ মুখাৰ্জীয়ে। তদুপৰি আইনৰ ডিগ্ৰীধাৰী আছিল এইগৰাকী ৰাজনীতিক। অধিবক্তাৰূপে কৰ্মময় জীৱনৰ আৰম্ভণি ঘটোৱা প্ৰণৱ মুখাৰ্জীয়ে অধ্যাপকৰূপেও কাৰ্যনিৰ্বাহ কৰিছিল। ডি-লিট সন্মান লাভ কৰিছিল প্ৰণৱ মুখাৰ্জীয়ে।

ইন্দিৰা গান্ধীৰ সৈতে মুখাৰ্জী

১৯৬৯ চনত ৰাজ্যসভাৰ সদস্যৰূপে ৰাজনৈতিক জীৱনৰ আৰম্ভণি ঘটায় মুখাৰ্জীয়ে। ১৯৭৩ চনত প্ৰথমবাৰৰ বাবে কেন্দ্ৰীয় মন্ত্ৰী মণ্ডলত ঔদ্যোগিক বিকাশ বিভাগৰ উপ-মন্ত্ৰীৰূপে প্ৰণৱ মুখাৰ্জীয়ে স্থানলাভ কৰে। ৰাজীৱ গান্ধীৰ সৈতে হোৱা মতান্তৰৰ বাবে কংগ্ৰেছ এৰিবলগা হৈছিল প্ৰণৱ মুখাৰ্জীয়ে। কংগ্ৰেছৰ পৰা ওলাই তেওঁ নিজা প্ৰচেষ্টাত ৰাষ্ট্ৰীয় সমাজবাদী কংগ্ৰেছ দল গঠন কৰে। অৱশ্যে ১৯৮৯ চনত ৰাজীৱ গান্ধীৰ সৈতে বুজাবুজিত উপনীত হৈ দলটোক কংগ্ৰেছত চামিল কৰে। প্ৰণৱ মুখাৰ্জী বিশ্ববেংকৰ আন্তঃৰাষ্ট্ৰীয় মুদ্ৰাকোষ, এছিয়া বিকাশ বেংক, আফ্ৰিকা বিকাশ বেংকৰ প্ৰশাসক ব’ৰ্ডৰ সদস্য আছিল।

প্ৰধানমন্ত্ৰীৰূপে নৰেন্দ্ৰ মোদীক শপত গ্ৰহণ কৰোৱাৰ মুহূৰ্ত

ৰাষ্ট্ৰপতিৰূপে প্ৰণৱ মুখাৰ্জীয়ে গ্ৰহণ কৰিছিল কেইবাটাও অতি সাহসী সিদ্ধান্ত। মুম্বাই আক্ৰমণৰ অন্যতম দোষী আজমল কাছৱৰ ক্ষমাৰ আৱেদন নাকচ কৰি পাকিস্তানী সন্ত্ৰাসবাদীটোক ফাঁচিকাঠত ওলমোৱাৰ বাট সুগম কৰিছিল এইগৰাকী ৰাষ্ট্ৰপতিয়ে। ইমানেই নহয়, সাংসদ ভৱন আক্ৰমণৰ অন্যতম দোষী আফজল গুৰুৰো ফাঁচিকাঠত ওলমোৱাৰ অন্তিম নিৰ্দেশত স্বাক্ষৰ কৰিছিল ৰাষ্ট্ৰপতিৰূপে প্ৰণৱ মুখাৰ্জীয়ে। এগৰাকী দক্ষ ৰাজনীতিবিদে আজি ল’লে চিৰ বিদায়। তেওঁৰ মৃত্যুত শোক ব্যক্ত কৰিছে দেশৰ ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰীৰ লগতে সমগ্ৰ দেশবাসীয়ে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24ex president deathpranab mukharjipranab mukharji death
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ৰাহুল গান্ধীৰ জন্মদিনত নিৱনুৱা যুৱক-যুৱতীয়ে পাব ডাঙৰ সুযোগ, হ’ব  কংগ্ৰেছৰ ‘মহা ৰোজগাৰ মেলা’
ভাৰত

ৰাহুল গান্ধীৰ জন্মদিনত নিৱনুৱা যুৱক-যুৱতীয়ে পাব ডাঙৰ সুযোগ, হ’ব কংগ্ৰেছৰ ‘মহা ৰোজগাৰ মেলা’

June 14, 2026
কলীয়া মেঘে ঢাকিছে মহানগৰী, বতৰ বিজ্ঞানে মোবাইলে মোবাইলে দিলে জৰুৰী বাৰ্তা
অসম

কাইলৈ বতৰে ল’ব ভয়ংকৰ ৰূপ! অসমৰ লগতে এই ৫ খন ৰাজ্যত আহিব প্ৰচণ্ড ধুমুহা আৰু বৰষুণ

June 14, 2026
মৃত ব্যক্তিৰ যৌ*নাংগৰ আকাৰৰ পৰা আৰম্ভ কৰি ৩৭০ টকাৰ বিৰিয়ানীলৈ! কিয় বিতৰ্কত প্ৰণিত ম’ৰে?
ভাৰত

মৃত ব্যক্তিৰ যৌ*নাংগৰ আকাৰৰ পৰা আৰম্ভ কৰি ৩৭০ টকাৰ বিৰিয়ানীলৈ! কিয় বিতৰ্কত প্ৰণিত ম’ৰে?

June 13, 2026 - Updated on June 14, 2026
কিশোৰ কুমাৰে ২১ বাৰকৈ কণ্ঠ সলনি কৰা সেই বিশেষ গীতটো
বিনোদন

কিশোৰ কুমাৰে ২১ বাৰকৈ কণ্ঠ সলনি কৰা সেই বিশেষ গীতটো

June 13, 2026
Next Post
ক’ৰোনা কালৰ শিক্ষাঃ স্মাৰ্ট ফোন নাই লাখ লাখ শিক্ষাৰ্থীৰ

ক'ৰোনা কালৰ শিক্ষাঃ স্মাৰ্ট ফোন নাই লাখ লাখ শিক্ষাৰ্থীৰ

প্ৰদেশ কংগ্ৰেছৰ সাংস্কৃতিক বিভাগৰ সমিতিৰ পুনৰ গঠন

প্ৰদেশ কংগ্ৰেছৰ সাংস্কৃতিক বিভাগৰ সমিতিৰ পুনৰ গঠন

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.