অসম লাইভ২৪ঃ তেওঁলোক জনপ্ৰতিনিধি। জনতাৰ সমৰ্থন লাভ কৰি তেওঁলোকে জনতাৰ বাবে কাম কৰিবলৈ মনোনিত হয়। জনতাৰ ধনেৰেই তেওঁলোক চলি থাকে। কিন্তু একোজন জনপ্ৰতিনিধিয়ে মাহিলী কিমান ধন লাভ কৰে?
বিভিন্ন ৰাজ্যৰ বিধায়কৰ প্ৰাপ্ত ভাট্টা আৰু দৰমহাৰ পৰিমান বেলেগ বেলেগ। সকলোতকৈ বেছি দৰমহা কোন ৰাজ্যৰ বিধায়কে পায় সেই বিষয়টো জানিবলৈ প্ৰায়সংখ্যক লোকেই আগ্ৰহী। দেশৰ ভিতৰতে সৰ্বাধিক দৰমহা লাভ কৰে তেলেংগানাৰ বিধায়কসকলে। তেওঁলোকৰ মাহিলী বেতন প্ৰায় আঢ়ৈ লাখ টকা। আনহাতে সৰ্বনিম্ন বেতন পায় ত্ৰিপুৰা আৰু মেঘালয়ৰ বিধায়কে। তেওঁলোকৰ দৰমহা মাত্ৰ ২০ হাজাৰ টকা। তেলেংগানাৰ মুখ্যমন্ত্ৰীৰ দৰমহা দেশৰ সকলোবোৰ ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ তুলনাত বেছি। তেওঁ মাহিলী লাভ কৰে ৪লাখ ২১ হাজাৰ টকা।
প্ৰধানমন্ত্ৰীতকৈয়ো বেছি দৰমহা এইখন ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ। দেশৰ প্ৰধানমন্ত্ৰী মোদীয়ে মাহিলী লাভ কৰে ১ লাখ ৬০ হাজাৰ টকা। দেশৰ ৰাজনীতিত সৰ্বাধিক চৰ্চিত ৰাজ্য হৈছে উত্তৰপ্ৰদেশ। যোগী ৰাজ্যৰ বিধায়কে কিমান দৰমহা লাভ কৰে সেই তথ্য বিচাৰি বহুতেই গুগল চাৰ্ছ কৰে। এক সূত্ৰই প্ৰকাশ কৰা অনুসৰি ২০২২ চনত উত্তৰপ্ৰদেশৰ বিধায়কসকলে লাভ কৰিছিল ১ লাখ ৮৭ হাজাৰ টকা। ইয়াৰোপৰি অন্ধ্ৰপ্ৰদেশৰ বিধায়কৰ দৰমহা হৈছে মাহিলী ১ লাখ ২৫ হাজাৰ টকা। অৰুণাচলৰ বিধায়কৰ দৰমহা হৈছে মাহিলী ২৫ হাজাৰ টকা। ২০২২ চনৰ কাঠামো মতে অসমৰ বিধায়কে মাহিলী লাভ কৰে ৬০ হাজাৰ টকা। বিহাৰৰ বিধায়কে মাহিলি লাভ কৰে ১ লাখ ৬৫ হাজাৰ টকা। ছত্তিছগড়ৰ বিধায়কে লাভ কৰে ১ লাক ৩৫ হাজাৰ টকা।
ইপিনে গোৱাৰ বিধায়কে মাহিলী লাভ কৰে ১ লাখ টকা। গুজৰাটৰ বিধায়কে মাহিলী লাভ কৰে ১ লাখ ২৭ হাজাৰ টকা। হাৰিয়ানাৰ বিধায়কৰ মাহিলী দৰমহা ১ লাখ ১৫ হাজাৰ টকা। হিমাচল প্ৰদেশৰ বিধায়কৰ মাহিলী দৰমহা ১ লাখ ২৫ হাজাৰ টকা। জম্মু-কাশ্মীৰৰ বিধায়কে লাভ কৰে ১ লাখ ৬০ হাজাৰ টকা। ঝাৰখণ্ডৰ বিধায়কে মাহিলী লাভ কৰে ১ লাখ ৫১ হাজাৰ। নাগালেণ্ডৰ বিধায়কে লাভ কৰে ৩৫ হাজাৰ টকা। ওড়িশাৰ বিধায়কে পায় ৩৫ হাজাৰ টকা। পঞ্জাৱৰ বিধায়কে লাভ কৰে ১ লাখ ১০ হাজাৰ টকা। ৰাজস্থানৰ বিধায়কে লাভ কৰে ৫৫ হাজাৰ টকা। ছিকিমৰ বিধায়কে পায় ৫২ হাজাৰ টকা। তামিলনাডুৰ বিধায়কে লাভ কৰে ১ লাখ ১৩ হাজাৰ টকা। ত্ৰিপুৰাৰ বিধায়কৰ মাহিলী দৰমহা ২৫ হাজাৰ ৮৯০ টকা। উত্তৰাখণ্ডৰ বিধায়কে লাভ কৰে ৩৫ হাজাৰ টকা।
ইয়াৰোপৰি একোজন বিধায়কে একাধিক ভাট্টা লাভ কৰে। ইয়াৰ মাজতেই আছে কনষ্টিটিউয়েন্সি এলায়েন্স। নিজৰ বিধানসভা কেন্দ্ৰত কামৰ বাবে পৃথক ভাট্টা। ইয়াৰোপৰি সাধাৰণ খৰচৰ বাবে পৃথককৈ ১০ হাজাৰ টকা দৰমহাৰ সৈতে সংযুক্ত হয়। কাৰ্যালয়ৰ কৰ্মীৰ বাবে পৃথক ভাট্টা। এইক্ষেত্ৰত বিধায়কৰ কাৰ্যালয়ত যিসকলে কাম কৰে তেওঁলোককো পৃথক ভাট্টা দিয়া হয়। যাতায়াতৰ বাবেও এক্সট্ৰা ধন লাভ কৰে বিধায়কে। টেলিফোনৰ বাবদ ভাট্টাৰ লগতে চিকিৎসাৰ বাবেও বিশেষ সুবিধা লাভ কৰে বিধায়কে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ