অসম লাইভ২৪ঃ ৰাজ্যত ডেংগুৰ ভয়াৱহতা অব্যাহত আছে। ডেংগুত বহুসংখ্যক লোকে মৃত্যুকো সাবটি লৈছে। ডেংগুত আক্ৰান্ত এজন ৰোগীয়ে কি কি খাদ্য খালে ভাল? বিষয়টোক লৈ বহুতেই প্ৰশ্ন কৰে। ডেংগু হোৱাৰ পাছত কি কি খাদ্য খোৱাটো ভাল?
পানী মূল সংগী
ডেংগুৰ পৰা দ্ৰুতভাৱে সুস্থ হ’ব খুজিলে নিয়মিত পানী খাওক। পানী খাবলৈ বেয়া পালে ফলৰ ৰস বা ডাবৰ পানী খাওক। শৰীৰক পৰ্যাপ্ত পানী যোগান ধৰাটো নিতান্তই প্ৰয়োজন। ডেংগুৰ পৰা দ্ৰুতভাৱে সুস্থ হ’বলৈ পৰ্যাপ্ত পৰিমানে পানী খাওক।
কমলা টেঙা
কমলাটেঙাত ভিটামিন-চি প্ৰচুৰ পৰিমাণে থাকে। দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়াবলৈ কমলা টেঙা অতি উত্তম। ডেংগুৰ পৰা পৰিত্ৰাণ পাবলৈ কমলাটেঙাৰ ৰস খাব পাৰে। যদি কমলাটেঙা চোবাই বেয়া পায় তেন্তে জুছ হিচাপে খাব পাৰে।
বেদনা খাওক
ডেংগুৰ সমস্যাৰ পৰা দ্ৰুততৰভাৱে আৰোগ্য হৈ উঠিবলৈ বেদনা খাব পাৰে। এই ফলত অত্যন্ত উপকাৰী খনিজ আৰু ভিটামিন থাকে। যিয়ে পুষ্টিৰ অভাৱ পূৰণ কৰে। বেদনত মজুত থকা খনিজে শৰীৰক শক্তি প্ৰদান কৰে।
কণী, মাছ আৰু মাংস খাদ্য তালিকাত ৰাখিব
কণী, মাছ আৰু মাংসত প্ৰচুৰ পৰিমাণে প্ৰটিন থাকে। এই প্ৰটিনে শৰীৰৰ ইমিউনিটি বঢ়োৱাত সহায় কৰে। দেহত খনিজ আৰু ভিটামিনৰ ঘাটি পূৰণ কৰা কামতো এইকেইবিধ খাদ্য সহায়ক। ডেংগুত আক্ৰান্ত ব্যক্তিয়ে প্ৰতিদিনেই প্ৰাণীজ প্ৰটিন খাব লাগে।
আপেল বা মধুৰী খাওক
এই দুইবিধ ফলতেই প্ৰচুৰ পৰিমানে ভিটামিন চি আছে। সেয়ে নিয়মিত আপেল আৰু মধুৰী খাব লাগে। ভিটামিন চিৰ ওপৰিও দুইবিধ ফলে ভিটামিন আৰু খনিজৰ পুষ্টিও পুৰণ কৰে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ