অসম লাইভ২৪ঃ ১ নৱেম্বৰত ৫০ বছৰত ভৰি দিলে অভিনেত্ৰী ঐশ্বৰ্য্য ৰায় বচ্চনে। কিন্তু এইবাৰৰ জন্মদিনত অকলশৰীয়াকৈ দেখা গ’ল বচ্চন পৰিয়ালৰ বোৱাৰী ঐশ্বৰ্যক। কাষত কেৱল কন্যা আৰাধ্যা আৰু ঐশ্বৰ্যৰ মাতৃহে আছিল। নাছিল বচ্চন পৰিয়ালৰ এজনো সদস্য। আনকি স্বামী অভিষেক বচ্চনো। আনকি সামাজিক মাধ্যমযোগেও অভিনেত্ৰী ঐশ্বৰ্যক ওপজাদিনৰ ওলগ জনোৱা নাছিল বচ্চন পৰিয়ালৰ সদস্যই। অৱশ্যে স্বামী অভিষেকে দায়সৰা এটা পোষ্ট কৰিছে। তেওঁ পত্নীৰ এখন ফটো শ্বেয়াৰ কৰি শুভ জন্মদিন বুলি সামাজিক মাধ্যমত শ্বেয়াৰ কৰিছিল।
দেওবাৰে মণীশ মলহোত্ৰাৰ ঘৰত দীপাৱলী উদযাপন অনুষ্ঠানত অকলেই উপস্থিত হয় ঐশ্বৰ্য। এই ছবি ভাইৰেল হোৱাৰ পাছতেই সকলোৰে মনত কৌতুহল। ক’লৈ গ’ল জুনিয়ৰ বচ্চন? অভিষেকৰ সৈতে সম্পৰ্কত দূৰত্ব আহিছে নেকি ঐশ্বৰ্যৰ? ২০০৭ চনত অমিতাভ বচ্চনৰ পুত্ৰ অভিষেকৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল ঐশ্বৰ্য। ১৫ বছৰৰো অধিক সময় ধৰি বচ্চন পৰিয়ালৰ বোৱাৰী হৈ আছে ঐশ্বৰ্য। ২০১১ চনত অভিষেক আৰু ঐশ্বৰ্যৰ মাজলৈ আহে কন্যা সন্তান আৰাধ্যা। বলীউডৰ অন্যতম নামজ্বলা পৰিয়ালৰ সদস্য প্ৰাক্তন বিশ্বসুন্দৰী ঐশ্বৰ্যৰ সংসাৰৰ কথাবোৰ প্ৰতিসময়তে নজৰত ৰাখে সংবাদমাধ্যমেও। পূৰ্বেও কেইবাবাৰো অভিষেক-ঐশ্বৰ্যৰ বিবাহবিচ্ছেদৰ খবৰ ভাইৰেল হৈছে। কিন্তু প্ৰত্যেকবাৰেই এই খবৰ ভুৱা হিচাপেই প্ৰমাণো হৈছে।
কিন্তু এইবাৰ ভাইৰেল হোৱা কথা মিছা নহয় বুলিয়েই বহুতে দাবীও কৰিছে। ২০১০ চনত এক সাক্ষাৎকাৰত অভিষেকে তেওঁৰ বৈবাহিক জীৱনক লৈ কৈছিল, ‘আমাৰ সদায়ে কাজিয়া হয়।’ অভিষেকে দাম্পত্য জীৱনক লৈ কৈছিল, ‘আমাৰ মাজত মূলত তৰ্ক হয় কিন্তু এয়া অশান্তি নহয়। আমি নিশাই সকলো কথা সমাধান কৰি লও।’
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ