• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
১০৫ সংখ্যক জন্মদিনত সোঁৱৰণ! মৃত্যুৰ এদিন পূৰ্বে নিয়তিয়ে দিছিল বিশেষ ইংগিত, কেনেকৈ দেহৰক্ষীৰ গুলীত প্ৰাণ হেৰুৱাইছিল ভাৰতৰ প্রথম মহিলা প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে?

১০৫ সংখ্যক জন্মদিনত সোঁৱৰণ! মৃত্যুৰ এদিন পূৰ্বে নিয়তিয়ে দিছিল বিশেষ ইংগিত, কেনেকৈ দেহৰক্ষীৰ গুলীত প্ৰাণ হেৰুৱাইছিল ভাৰতৰ প্রথম মহিলা প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে?

2 years ago
৬ফেব্ৰুৱাৰীত ধনিষ্ঠা নক্ষত্ৰত প্ৰৱেশ সূৰ্যৰ, সাফল্যৰ পোহৰেৰে উজলি উঠিব ৪ৰাশি

৬ফেব্ৰুৱাৰীত ধনিষ্ঠা নক্ষত্ৰত প্ৰৱেশ সূৰ্যৰ, সাফল্যৰ পোহৰেৰে উজলি উঠিব ৪ৰাশি

7 hours ago
১৯ বছৰৰ পাছত মহাশিৱৰাত্ৰিত লক্ষ্মী নাৰায়ণ ৰাজযোগ, মহাদেৱৰ কৃপা থাকিব এই ৫ৰাশিত

১৯ বছৰৰ পাছত মহাশিৱৰাত্ৰিত লক্ষ্মী নাৰায়ণ ৰাজযোগ, মহাদেৱৰ কৃপা থাকিব এই ৫ৰাশিত

9 hours ago
টেষ্টোষ্টেৰণ কম আছিল, একাধিক যৌনৰোগত আক্ৰান্ত হৈছিল! এপষ্টিনৰ মেডিকেল ৰিপৰ্টত আৰু কি কি ভয়ংকৰ তথ্য?

টেষ্টোষ্টেৰণ কম আছিল, একাধিক যৌনৰোগত আক্ৰান্ত হৈছিল! এপষ্টিনৰ মেডিকেল ৰিপৰ্টত আৰু কি কি ভয়ংকৰ তথ্য?

9 hours ago
নিশাৰ ভাগত শিৱলিঙ্গৰ সন্মুখত প্ৰদীপ জ্বলোৱাৰ ওপৰিও কৰক এই কাম, দূৰ হ’ব মনৰ অন্ধকাৰ, সমৃদ্ধিয়ে ভৰাই তুলিব আপোনাৰ জীৱন

নিশাৰ ভাগত শিৱলিঙ্গৰ সন্মুখত প্ৰদীপ জ্বলোৱাৰ ওপৰিও কৰক এই কাম, দূৰ হ’ব মনৰ অন্ধকাৰ, সমৃদ্ধিয়ে ভৰাই তুলিব আপোনাৰ জীৱন

1 day ago
সূৰ্য, মঙ্গলৰ কৃপাত গঠিত হ’ব মঙ্গল আদিত্য ৰাজযোগ! ৪ৰাশিৰ সুখ, স্বাচ্ছন্দ্য উপচি পৰিব

সূৰ্য, মঙ্গলৰ কৃপাত গঠিত হ’ব মঙ্গল আদিত্য ৰাজযোগ! ৪ৰাশিৰ সুখ, স্বাচ্ছন্দ্য উপচি পৰিব

1 day ago
৮০শতাংশ ভাৰতীয়ৰে কলষ্টেৰল অস্বাভাৱিক, ইয়াৰ ফলতেই বাঢ়িছে হাৰ্ট এটেকত মৃত্যুৰ হাৰ?

৮০শতাংশ ভাৰতীয়ৰে কলষ্টেৰল অস্বাভাৱিক, ইয়াৰ ফলতেই বাঢ়িছে হাৰ্ট এটেকত মৃত্যুৰ হাৰ?

1 day ago
SBIৰ পৰা ৩লাখ টকাৰ পাৰ্ছনেল ঋণ লৈছে? প্ৰতিমাহে কিমান EMI দিব লাগিব?

SBIৰ পৰা ৩লাখ টকাৰ পাৰ্ছনেল ঋণ লৈছে? প্ৰতিমাহে কিমান EMI দিব লাগিব?

1 day ago
সোণৰ দাম ৭০ হাজাৰলৈ নামিব নেকি? বজাৰ বিশেষজ্ঞই কি কৈছে? জানি থওক সবিশেষ

সোণৰ দাম ৭০ হাজাৰলৈ নামিব নেকি? বজাৰ বিশেষজ্ঞই কি কৈছে? জানি থওক সবিশেষ

1 day ago
৬ ফেব্ৰুৱাৰীৰ পৰা উপাৰ্জন বাঢ়িব ৩ৰাশিৰ, শুক্ৰৰ গোচৰত মালামাল হ’ব কোন কোন?

৬ ফেব্ৰুৱাৰীৰ পৰা উপাৰ্জন বাঢ়িব ৩ৰাশিৰ, শুক্ৰৰ গোচৰত মালামাল হ’ব কোন কোন?

2 days ago
লিফ্টত হাইড্ৰজেন বেলুন ফাটি বিস্ফোৰণ, কথমপি প্ৰাণৰক্ষা ৩জনৰ, চাওক ঘটনাৰ ভিডিঅ’

লিফ্টত হাইড্ৰজেন বেলুন ফাটি বিস্ফোৰণ, কথমপি প্ৰাণৰক্ষা ৩জনৰ, চাওক ঘটনাৰ ভিডিঅ’

2 days ago
সপোনত ধন দেখাটো শুভ নে অশুভ? জানক সপোনত ধন দেখাৰ অৰ্থ কি?

সপোনত ধন দেখাটো শুভ নে অশুভ? জানক সপোনত ধন দেখাৰ অৰ্থ কি?

2 days ago
গুৰুবাৰে গজকেশৰী যোগ, লক্ষ্মী-নাৰায়ণৰ সহায় থাকিব এই ৫ৰাশিত

গুৰুবাৰে গজকেশৰী যোগ, লক্ষ্মী-নাৰায়ণৰ সহায় থাকিব এই ৫ৰাশিত

2 days ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, February 6, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

১০৫ সংখ্যক জন্মদিনত সোঁৱৰণ! মৃত্যুৰ এদিন পূৰ্বে নিয়তিয়ে দিছিল বিশেষ ইংগিত, কেনেকৈ দেহৰক্ষীৰ গুলীত প্ৰাণ হেৰুৱাইছিল ভাৰতৰ প্রথম মহিলা প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে?

editor by editor
November 19, 2023
in জীৱনশৈলী, ভাৰত, ৰাজনীতি, লেখা, শিক্ষা
0
১০৫ সংখ্যক জন্মদিনত সোঁৱৰণ! মৃত্যুৰ এদিন পূৰ্বে নিয়তিয়ে দিছিল বিশেষ ইংগিত, কেনেকৈ দেহৰক্ষীৰ গুলীত প্ৰাণ হেৰুৱাইছিল ভাৰতৰ প্রথম মহিলা প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে?
0
SHARES
438
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ১৯ নৱেম্বৰত ভাৰতৰ তৃতীয় প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ ১০৬ তম জন্মবাৰ্ষিকী। দেশ আৰু বিশ্বৰ ৰাজনীতিত প্ৰভাৱশালী মহিলা নেত্ৰীসকলৰ ভিতৰত প্ৰথম শাৰীৰ নেত্ৰীয়েই হৈছে প্রধানমন্ত্ৰী ইন্দিৰা গান্ধী। সাহসী সিদ্ধান্ত, দৃঢ়তা আৰু সংকল্পৰ কাৰণে ইন্দিৰা প্ৰিয়দৰ্শিনী গান্ধীক আয়ৰণ লেডী বুলিও কোৱা হয়।

উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত জন্মগ্ৰহণ কৰিছিল ইন্দিৰা গান্ধীয়ে। প্ৰভাৱশালী নেহৰু পৰিয়ালত জন্মগ্ৰহণ কৰা ইন্দিৰাই সৰুৰে পৰাই ৰাজনৈতিক পৰিমণ্ডলতেই ডাঙৰ হৈছিল। প্ৰথম শাৰীৰ কংগ্ৰেছ নেতা আছিল তেওঁৰ ককাক মতিলাল নেহৰু। অন্যহাতে পিতৃ জৱাহৰলাল নেহৰু আছিল ভাৰতৰ প্রথম প্রধানমন্ত্ৰী। সেই ৰাজনৈতিক পৰিমণ্ডলৰ ভিতৰত ডাঙৰ হোৱাৰ বাবেই ইন্দিৰা গান্ধী ৰাজনৈতিকভাৱে খুবেই পৰিপক্ক আছিল। ৰাজনৈতিক ক্ষেত্ৰত শক্তিশালীভাৱে খোজ পেলালেও খুবেই নিৰ্মমভাৱে মৃত্যুক আঁকোৱালী লৈছিল ইন্দিৰাই। তেওঁ মৃত্যু যেন এক ট্ৰেজেদী। সেই দিনটো আছিল ১৯৮৪ চনৰ ৩১ অক্টোবৰ। নিজৰেই দুই দেহৰক্ষীৰ গুলীত প্ৰাণ হেৰুৱাইছিল ভাৰতৰ তৎকালীন প্রধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে।

এই মৃত্যুৰ সৈতে জড়িত হৈ আছে অইন এটা কাহিনী। ১৯৮৪ চনৰ জুনত আৰম্ভ হৈছিল অপাৰেছন ব্লু ষ্টাৰ। অৰ্থাৎ অমৃতসৰ স্বৰ্ণ মন্দিৰত জংগীসকলৰ বিৰুদ্ধে অভিযান চলিছিল। অপাৰেছন ব্লু ষ্টাৰত ভাৰতীয় সেনাবাহিনীয়ে অমৃতসৰ স্বৰ্ণ মন্দিৰত প্ৰৱেশ কৰিছিল। শিখসকলৰ অন্যতম পবিত্ৰতম সেই মন্দিৰৰ প্ৰাংগনেই লুকাই আছিল সশস্ত্ৰ সংগ্ৰামী। এইসকল সশস্ত্ৰ সংগ্ৰামীৰ বিৰুদ্ধে অভিযান চলাবলৈকে সেনাসকল নামি পৰিছিল। সেনাৰ এই অভিযানতেই ব্যাপকভাৱে ক্ষতি হৈছিল স্বৰ্ণমন্দিৰৰ। প্ৰায় হাজাৰৰো অধিক সাধাৰণ শিখ নাগৰিকৰ মৃত্যু হৈছিল এই আক্ৰমণত। এই অভিযানক লৈ ক্ষুদ্ধ হৈ পৰিছিল বিশ্বৰ শিখ সমাজ। অপাৰেছন ব্লুয়ে তেওঁলোকৰ বিশ্বাসৰ ওপৰত আঘাত হানিছিন। সেই সময়ত প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে অভিযান চলোৱাৰ নিৰ্দেশ দিয়ে। এই অভিযানৰ যাৱতীয় দায়িত্ব নিজেই মূৰ পাতিও লৈছিল ইন্দিৰা গান্ধীয়ে। সেই কামেই কাল হ’ল ইন্দিৰাৰ। সেই কামেই যে মৃত্যু মাতি আনিব ভাৱিবও পৰা নাছিল ইন্দিৰা গান্ধীয়ে।

ইন্দিৰা গান্ধীৰ দুই দেহৰক্ষী আছিল বিয়ন্ত সিং আৰু সতবন্ত সিং। শিখসকলক কৰা অপমান আৰু অপাৰেছন চলাৰ সময়ত স্বৰ্ণ মন্দিৰৰ পবিত্ৰতা নষ্টৰ অভিযোগৰ প্ৰতিশোধ ল’বলৈকে ইন্দিৰা গান্ধীক ৩০ টাতকৈয়ো অধিক গুলীৰে থকাসৰকা কৰি পেলায়। ১৯৮৪ চনৰ ৩০ অক্টোবৰত মৃত্যুৰ ঠিক আগৰ দিনা ভুৱনেশ্বৰত জীৱনৰ শেষ ভাষণ দিছিল ইন্দিৰা গান্ধীয়ে। ইন্দিৰাৰ সেই বক্তৃতা আছিল প্ৰতিজন জনতাক চুই যোৱা বক্তৃতা। অন্যদিনাৰ দৰে লিখি দিয়া ভাষণ গোৱা নাছিল ইন্দিৰাই। নিজৰ মতে সকলোবোৰ কথা ভাষণত প্ৰকাশ কৰিছিল ইন্দিৰাই। সেই বক্তব্য তেওঁৰ মৃত্যুৰ পাছত খুবেই ভাইৰেল হৈ পৰিছিল। বহুতেই এই ভাষণ শুনি কৈছিল, মৃত্যুৰ পদধ্বনি আগতেই শুনা পাইছিল ইন্দিৰাই!

সেইদিনা জনতাৰে ভৰি থকা মঞ্চত ইন্দিৰাই কৈছিল, ‘মই আজি আছো কাইলৈ নাথাকিবও পাৰো। মই আজি আছো কাইলৈ থাকিমনে এই কথাবোৰ ভাৱি সময় নষ্ট নকৰো। বহুদিন জীঁয়ালো। জীয়াই থকা সময়খিনিত কি পালো কি নাপালো সেইবোৰ ভাৱি অনুতাপো কৰি নাথাকো। সমগ্ৰ জীৱনেই দেশৰ বাবে উৎসৰ্গা কৰিছো। বাকী যিকেইটা দিন বাচি থাকিম দেশৰ বাবেই কাম কৰিম। মোৰ প্ৰতিটো দিন, প্ৰতিটো ক্ষণেই দেশৰ নামত। যিদিনা মৃত্যুৱে হাত বাউলী মাতিব সেইদিনা মোৰ তেজৰ প্ৰতিটো টোপাল এই দেশক মজবুত কৰাৰ কামতেই ব্যৱহৃত হ’ব।’ এই উদ্দাত্ত ভাষণেই শেষ ভাষণ হ’ব বুলি হয়তো সেইদিনা কোনোৱেই কল্পনা কৰা নাছিল। ৰাজনৈতিক নেতাই এনে ভাষণ দিয়েই বুলিও বহুতে সেইদিনা এই ভাষণক লৈ উপলুঙাও কৰিছিল। এই ভাষণ শেষ কৰি উভতি আহিয়েই যে ৩০ টা গুলীয়ে ইন্দিৰা থকাসৰকা হ’ব সেইকথা সকলোৰেই কল্পনাৰ অগোচৰ আছিল।

এই ভাষণৰ পিছদিনাই ইন্দিৰা গান্ধীৰ আকস্মিক মৃত্যুৱে সকলোকে ভাৱিবলৈ বাধ্য কৰাইছিল যে নিয়তিয়ে ভৱিষ্যতৰ এটা লক্ষণ শব্দৰ মাধ্যমেৰেই সেইদিনা দিয়াইছিল ইন্দিৰাক। ১৯৮৪ চনৰ ৩১ অক্টোবৰত বহু ঠাইত অনুষ্ঠান কৰাৰ কথা আছিল ইন্দিৰাৰ। কলা পাৰি দিয়া গেৰুৱা ৰঙৰ এখন শাৰী পৰিধান কৰি পৰিপাটিকৈ নিজকে তৈয়াৰ কৰিছিল ইন্দিৰাই। প্ৰথমে নিজৰ বাসভৱনৰ পৰা বাহিৰলৈ ওলাই আকবৰ ৰোডৰ অফিচলৈ যোৱাৰ কথা আছিল। ঘৰৰ বাউণ্ডেৰীৰ ভিতৰেৰে যোৱা চমু ৰাস্তাৰেই তেওঁ অফিচত উপস্থিত হোৱাৰ কথা। ভৱামতেই ৰাস্তাৰে তেওঁ আগুৱাইছিল। তেওঁৰ সৈতে আছিল চিপাহী নাৰায়ণ সিং। পিছফালে ইন্দিৰাৰ ব্যক্তিগত সচিব আৰ কে ধাৱান আৰু তেওঁৰ প্ৰতিৰক্ষাৰ বাবে নিয়োজিত অফিচাৰ ৰামেশ্বৰ দয়াল। ইন্দিৰা গান্ধীৰ কাষে কাষে আগবাঢ়িছিল তেওঁৰ নিৰাপত্তাৰক্ষী বিয়ন্ত সিং। কিন্তু সকলোৱে তৰ্কিব নোৱাৰাকৈ বিয়ন্তই ব্লেঙ্ক ৰেঞ্জৰ পৰা ইন্দিৰা গান্ধীক লক্ষ্য কৰি গুলি চলায়। সেই গুলিয়ে ভেদি যায় ইন্দিৰাৰ পেট। সলাসলে পেটেৰে তেজ ওলাবলৈ ধৰে। সকলোবোৰ বুজি উঠাৰ আগতেই আৰু দুটা গুলিয়ে ভেদি যায় ইন্দিৰাৰ শৰীৰ। কঁকাল আৰু বুকু ভেদি যায় সেই গুলীয়ে। বিয়ন্ত সিং তেতিয়াও ক্ষান্ত হোৱা নাছিল, ইন্দিৰা গান্ধী ঢলি পৰা দেখি তেওঁ চিঞৰি উঠিছিল, ‘গুলী চলাওক।’

বিয়ন্ত সিঙৰ এই চিঞৰ শুনিয়েই কিছু দূৰৈত ৰৈ থকা আন এজন নিৰাপত্তাৰক্ষী সতবন্ত সিঙেও লগে লগে গুলী চলায়। এটা দুটা নহয় ২৫টা কাৰ্বাইৰ চেম্বাৰত থকা গুলী ইন্দিৰাৰ শৰীৰত আহি লাগে। গেৰুৱা শাৰীৰ ৰং মুহূৰ্ততে সলনি হৈ পৰিল। তেজৰ ৰঙেৰে ৰাঙলী হৈ পৰিল ইন্দিৰাৰ শৰীৰ। দ্ৰুত আৰু আকস্মিক আক্ৰমণৰ বিষয় বুজি উঠাৰ আগতেই তেওঁৰ লগত থকা প্ৰতিৰক্ষা অফিচাৰকো গুলী লাগে। গুলীৰ শব্দ শুনি লগে লগেই ঘৰৰ পৰা দৌৰি আহিছিল ৰাজীৱ গান্ধীৰ পত্নী তথা ৰাহুল-প্ৰিয়ংকাৰ মাতৃ ছোনীয় গান্ধী। তেতিয়া ছোনীয়া গান্ধী ৰাজনীতিত সক্ৰিয় নাছিল। ছোনীয়াৰ লগে লগেই আগবাঢ়ি আহে আৰক্ষীৰ এটা দলো। আৰক্ষী দেখা মাত্ৰতেই বিয়ন্ত আৰু সতবন্তই হাত দাঙি দিয়ে। তেওঁলোকে আৰক্ষীৰ সন্মুখত কয়, ‘আমি যি কৰিব লগা আছিল কৰিলো। এইবাৰ আপোনালোকে যি মন যায় কৰক।’ তৎক্ষণাৎ গ্ৰেপ্তাৰ হ’ল দুয়োজনকে। ইন্দিৰা গান্ধীক লগে লগেই হাস্পতাললৈ বুলি লৈ যোৱা হ’ল। হাস্পতাললৈ লৈ গ’লেও হাস্তপাল পোৱালৈকে এটা নিথৰ শৰীৰহে আছিল ইন্দিৰা গান্ধীৰ। চিকিৎসৰে চায়েই মৃত ঘোষণা কৰে ইন্দিৰা গান্ধীক।

চিকিৎসকে তাৰপিছতেই তেওঁৰ গুলীলগা স্থানসমূহ তন্নতন্নকৈ পৰীক্ষা কৰিছিল। গুলীৰ আঘাতত তেওঁৰ যকৃত, হাওঁফাও, অন্ত্ৰ, মস্তিষ্ক সকলো ক্ষতিগ্ৰস্থ হৈছিল। ঘটনাৰ চাৰিঘণ্টাৰ পাছত চিকিৎসকে আনুষ্ঠানিকভাৱে মৃত ঘোষণা কৰিছিল ইন্দিৰা গান্ধীক। পুৱাৰভাগতেই এই ঘটনা সংঘটিত হৈছিল যদিও সন্ধিয়াৰ ভাগতহে তেওঁৰ মৃত্যুৰ খবৰ দেশজুৰি বিয়পি পৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

৬ফেব্ৰুৱাৰীত ধনিষ্ঠা নক্ষত্ৰত প্ৰৱেশ সূৰ্যৰ, সাফল্যৰ পোহৰেৰে উজলি উঠিব ৪ৰাশি
জীৱনশৈলী

৬ফেব্ৰুৱাৰীত ধনিষ্ঠা নক্ষত্ৰত প্ৰৱেশ সূৰ্যৰ, সাফল্যৰ পোহৰেৰে উজলি উঠিব ৪ৰাশি

February 6, 2026
১৯ বছৰৰ পাছত মহাশিৱৰাত্ৰিত লক্ষ্মী নাৰায়ণ ৰাজযোগ, মহাদেৱৰ কৃপা থাকিব এই ৫ৰাশিত
জীৱনশৈলী

১৯ বছৰৰ পাছত মহাশিৱৰাত্ৰিত লক্ষ্মী নাৰায়ণ ৰাজযোগ, মহাদেৱৰ কৃপা থাকিব এই ৫ৰাশিত

February 6, 2026
টেষ্টোষ্টেৰণ কম আছিল, একাধিক যৌনৰোগত আক্ৰান্ত হৈছিল! এপষ্টিনৰ মেডিকেল ৰিপৰ্টত আৰু কি কি ভয়ংকৰ তথ্য?
জীৱনশৈলী

টেষ্টোষ্টেৰণ কম আছিল, একাধিক যৌনৰোগত আক্ৰান্ত হৈছিল! এপষ্টিনৰ মেডিকেল ৰিপৰ্টত আৰু কি কি ভয়ংকৰ তথ্য?

February 6, 2026
নিশাৰ ভাগত শিৱলিঙ্গৰ সন্মুখত প্ৰদীপ জ্বলোৱাৰ ওপৰিও কৰক এই কাম, দূৰ হ’ব মনৰ অন্ধকাৰ, সমৃদ্ধিয়ে ভৰাই তুলিব আপোনাৰ জীৱন
জীৱনশৈলী

নিশাৰ ভাগত শিৱলিঙ্গৰ সন্মুখত প্ৰদীপ জ্বলোৱাৰ ওপৰিও কৰক এই কাম, দূৰ হ’ব মনৰ অন্ধকাৰ, সমৃদ্ধিয়ে ভৰাই তুলিব আপোনাৰ জীৱন

February 5, 2026
Next Post
বিশ্বকাপ ফাইনেল আৰম্ভ, টছত জিকিল অষ্ট্ৰেলিয়া, হাৰিও প্ৰথমে বেটিং কৰাৰ সুযোগ ৰোহিত বাহিনীৰ

বিশ্বকাপ ফাইনেল আৰম্ভ, টছত জিকিল অষ্ট্ৰেলিয়া, হাৰিও প্ৰথমে বেটিং কৰাৰ সুযোগ ৰোহিত বাহিনীৰ

দলে সংগ দিয়া নাছিল, নেহৰুৰ এটা সিদ্ধান্ততেই সলনি হৈছিল ভাৰতৰ ক্ৰিকেট-ভাগ্য

দলে সংগ দিয়া নাছিল, নেহৰুৰ এটা সিদ্ধান্ততেই সলনি হৈছিল ভাৰতৰ ক্ৰিকেট-ভাগ্য

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.