• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কণ্টকময় পথ অতিক্ৰম কৰি মিজোৰামৰ মুখ্যমন্ত্ৰী হোৱাৰ পথত প্ৰাক্তন IPS বিষয়া লালডুহোমা

কণ্টকময় পথ অতিক্ৰম কৰি মিজোৰামৰ মুখ্যমন্ত্ৰী হোৱাৰ পথত প্ৰাক্তন IPS বিষয়া লালডুহোমা

3 years ago
মহিলাক হাৰাশাস্তি কৰি আছিল যুৱকে! ঘৰলৈ মাতি মহিলাই যুৱকৰ কাঢ়িলে প্ৰাণ

মহিলাক হাৰাশাস্তি কৰি আছিল যুৱকে! ঘৰলৈ মাতি মহিলাই যুৱকৰ কাঢ়িলে প্ৰাণ

5 hours ago
দুৰ্গাপূজাৰ পূৰ্বেই ঘৰৰ পৰা আঁতৰাওক এই ৫ বিধ সামগ্ৰী

দুৰ্গাপূজাৰ পূৰ্বেই ঘৰৰ পৰা আঁতৰাওক এই ৫ বিধ সামগ্ৰী

5 hours ago
শিক্ষাৰ্থীৰ প্ৰতিবাদত কঁপিছে সমগ্ৰ ফান্স

শিক্ষাৰ্থীৰ প্ৰতিবাদত কঁপিছে সমগ্ৰ ফান্স

6 hours ago
নগাঁও উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ পূৰ্বেই অঘটন

নগাঁও উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ পূৰ্বেই অঘটন

6 hours ago
শীঘ্ৰেই মগজুৰ পৰা ইচ্ছা অনুসৰি মচি পেলাব পাৰিব দুখৰ স্মৃতি

শীঘ্ৰেই মগজুৰ পৰা ইচ্ছা অনুসৰি মচি পেলাব পাৰিব দুখৰ স্মৃতি

7 hours ago
ডিটেনচন চেণ্টাৰত বাংলাদেশী মহিলাৰে ৩ আৰক্ষী কনিষ্টবলৰ জঘন্য কাণ্ড

ডিটেনচন চেণ্টাৰত বাংলাদেশী মহিলাৰে ৩ আৰক্ষী কনিষ্টবলৰ জঘন্য কাণ্ড

7 hours ago
নক্ষত্ৰ পৰিৱৰ্তন! বৃদ্ধি পাব আয়ৰ সুযোগ

নক্ষত্ৰ পৰিৱৰ্তন! বৃদ্ধি পাব আয়ৰ সুযোগ

8 hours ago
মোমায়েকৰে মিলি যুৱতীক নিৰ্মমভাৱে হ*ত্যা মাতৃৰ

মোমায়েকৰে মিলি যুৱতীক নিৰ্মমভাৱে হ*ত্যা মাতৃৰ

9 hours ago
শিক্ষাৰ্থীৰ নামভৰ্তিক লৈ শিক্ষাবিভাগৰ ৭টা বৃহৎ ঘোষণা

শিক্ষাৰ্থীৰ নামভৰ্তিক লৈ শিক্ষাবিভাগৰ ৭টা বৃহৎ ঘোষণা

10 hours ago
উজনি অসমত নাই এখনো পিছপৰা জিলা!

উজনি অসমত নাই এখনো পিছপৰা জিলা!

10 hours ago
সাক্ষাৎকাৰৰ ভয় নেকি? এই চৰকাৰী চাকৰিত নাই ইণ্টাৰভিউ

সাক্ষাৎকাৰৰ ভয় নেকি? এই চৰকাৰী চাকৰিত নাই ইণ্টাৰভিউ

11 hours ago
দায়িত্বৰ পৰা আঁতৰোৱা হ’ব নেকি জ্ঞানেশ কুমাৰক?

দায়িত্বৰ পৰা আঁতৰোৱা হ’ব নেকি জ্ঞানেশ কুমাৰক?

11 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, October 6, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home উত্তৰ-পূব

কণ্টকময় পথ অতিক্ৰম কৰি মিজোৰামৰ মুখ্যমন্ত্ৰী হোৱাৰ পথত প্ৰাক্তন IPS বিষয়া লালডুহোমা

editor by editor
December 4, 2023
in উত্তৰ-পূব, ভাৰত, ৰাজনীতি
0
কণ্টকময় পথ অতিক্ৰম কৰি মিজোৰামৰ মুখ্যমন্ত্ৰী হোৱাৰ পথত প্ৰাক্তন IPS বিষয়া লালডুহোমা
0
SHARES
69
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ মিজোৰামৰ নিৰ্বাচনৰ ফলাফল ঘোষণা। দেশত চলি থকা বিজেপি ঢৌক উফৰাই মিজোৰামত উৰিল আঞ্চলিক দলৰ বিজয়ধ্বজা। ZPMৰ সন্মুখত ধৰাশায়ী শাসকীয় MNF দল। মুখ্যমন্ত্ৰী হোৱাৰ পথত প্ৰাক্তন IPS বিষয়া লালডুহোমা। সেই নেতাগৰাকীৰ বিষয়ে নজনা কেইটামান বিশেষ কথা…১৯৪৯ চনৰ ২২ ফ্ৰেব্ৰুৱাৰীত জন্ম লাভ কৰা লালডুহোমাৰ পিতৃ আছিল এগৰাকী কৃষক। সৰুৰে পৰা অধ্যয়নৰ প্ৰতি আগ্ৰহী লালডুহোমাই প্ৰাৰম্ভিক শিক্ষা সমাপ্ত কৰাৰ পিছতে। ১৯৭২ চনত মিজোৰামৰ প্ৰথমজন মুখ্যমন্ত্ৰী ছছুংগাৰ প্ৰধান সহায়ক হিচাপে নিযুক্তি লাভ কৰে। কৰ্মৰ সামন্তৰালকৈ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে লালডুহোমাই । ইয়াৰ পিছতে তেঁও অসামৰিক সেৱাৰ বাবে মন মেলে আৰু UPSC পৰীক্ষাৰ বাবে প্ৰস্তুতি আৰম্ভ কৰে। কেইবাবছৰৰ কষ্ট সাৰ্থক হয় তেঁওৰ। ১৯৭৭ত লালডুহোমা IPS পৰীক্ষাত উৰ্ত্তীণ হয় আৰু গোৱাত তেঁও IPS বিষয়া হিচাপে কৰ্মজীৱন আৰম্ভ কৰে। ইয়াৰ ৫ বছৰৰ পিছতে তেঁও ১৯৮২ চনত প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ সুৰক্ষাৰ দায়িত্ব লাভ কৰে। প্ৰায় ২ বছৰ কাল প্ৰধানমন্ত্ৰীগৰাকীৰ দ্বায়িত্ব পালন কৰাৰ পিছত তেঁওৰে আহ্বান মৰ্মে চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰে IPS বিষয়াগৰাকীয়ে। আৰু ১৯৬৬ চনৰ পৰা মিজোৰামত আৰম্ভ হোৱা মিজো নেচনেল ফ্ৰণ্টৰ বিদ্ৰোহ সমাপ্ত কৰি আলোচনাৰ মজিয়ালৈ আনিবলৈ লালডুহোমাক প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে দায়িত্ব প্ৰদান কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে দিয়া দ্বায়িত্ব মৰ্মে MNFৰ মূৰব্বী লালডেংগাক সাক্ষাৎ কৰিবলৈ লালডুহোমা লণ্ডনলৈ যায় আৰু এই সাক্ষাত্কাৰৰ পিছতে এক অডিঅ’ বাৰ্তা লৈ তেঁও মিজোৰামলৈ ঘুৰি আহে। এই বৈঠকেই হৈ পৰিছিল লালডুহোমাৰ জীৱনৰ টাৰ্নিং পইণ্ট। কিয়নো সেই সময়ত MNFৰ বাবে অডিঅ’ বাৰ্তাই হৈ পৰিছিল কংগ্ৰেছক মিজোৰাম দখলৰ মুল অস্ত্ৰ। আৰু এই অডিঅ বাৰ্তাৰ সহায়ত মিজোৰামত কংগ্ৰেছে জয় সাব্যস্ত কৰে। অসামৰিক সেৱাৰ পৰা আহি এইবাৰ ৰাজনীতিত প্ৰৱেশ কৰে লালডুহোমাই। প্ৰথমবাৰৰ বাবে মিজোৰামৰ লুংলেই সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্ব্বিতাত নামে লালডুহোমাই । অৱশ্যে এই নিৰ্বাচনত তেঁও পৰাস্ত হয় যদিও তেঁওক সেইসময়ৰ প্ৰধনমন্ত্ৰী ইন্দিৰা গান্ধীয়ে মিজোৰাম ৰাজ্যিক কংগ্ৰেছৰ উপসভাপতি পদত নিযুক্তি দিয়ে ৷ লগতে ইন্দিৰা গান্ধীৰ অনুৰোধক্ৰমে ৰাজ্যপাল এইছ এছ ডুবেয়ে লালডুহোমাক প্ৰদান কৰে কেবিনেট মন্ত্ৰীৰ মৰ্যাদা। ইয়াৰ পিছত ১৯৮৪ৰ ডিচেম্বৰত আয়োজিত লোকসভাৰ নিৰ্বাচনত লালডুহোমা মিজোৰাম সমষ্টিৰ পৰা জয়ী হয়। ইয়াৰ পিছত দলীয় কামকাজৰে জড়িত হৈ পৰা লালডুহোমাই কিন্তু MNFৰে আলোচনাৰ ক্ষেত্ৰত মিজোৰামৰ মুখ্যমন্ত্ৰীয়ে দিয়া প্ৰতিশ্ৰুতি পালন নকৰাৰ বাবে ১৯৮৬ চনত কংগ্ৰেছ দলৰ সদস্য পদ ত্যাগ কৰে। কংগ্ৰেছ দল ত্যাগ কৰাৰ বাবে সাংসদ পদৰ পৰাও আঁতৰিবলগীয়া হয় নেতাগৰাকী ৷ আৰু ১৯৮৬ত লালডুহোমাই মিজো নেচনেল ইউনিয়ন (MNU) গঠন কৰে। লালডুহোমাই প্ৰথমজন দেশৰ সাংসদ। যিয়ে দল-বিৰোধী প্ৰতিৰোধ আইনৰ অধীনত ১৯৮৮ৰ ২৪ নৱেম্বৰত তেঁও সাংসদ পদ হেৰুৱাই ।ইয়াৰ পিছতে মিজোৰাম চৰকাৰৰ বাবেই MNFৰে আলোচনা লেহেমীয়া হোৱাৰ বাবে ছাত্ৰ সংগঠনৰ সৈতে লালডুহোমাই ১৯৮৬ৰ ২৩ জুনৰ পৰা অনশনত বহে ৷ যাৰ পৰিপেক্ষিতত চৰকাৰে ১৯৮৬ৰ ৩০ জুনত মিজোৰাম শান্তি চুক্তিত স্বাক্ষৰ কৰে। শান্তি চুক্তি স্বাক্ষৰৰ পিছতে এই বিদ্ৰোহ আনুষ্ঠানিকভাৱে বন্ধ কৰা হয় আৰু মিজো নেচনেল ফ্ৰণ্ট এটা স্বীকৃতিপ্ৰাপ্ত ৰাজনৈতিক দললৈ পৰিণত হয় আৰু লালডুহোমাই MNFত যোগ দি উপদেষ্টাৰ পদ গ্ৰহণ কৰে ৷ পিছে MNFত বেছি দিন নাথাকিল লালডুহোমা ৷নিজৰ সমৰ্থনক লৈ গঠন কৰা MNF(N)ক ১৯৯৭ত জোৰাম নেচনেলিষ্ট পাৰ্টী (ZNP) নামেৰে নামকৰণ কৰে। ২০০৩ চনত ZNPৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰে লালডুহোমাই। মিজোৰামৰ ৰাতু সমষ্টিৰ পৰা বিধানসভালৈ নিৰ্বাচিত হয় তেঁও। ২০১৮ৰ বিধানসভাৰ নিৰ্বাচনত ZNP দলটো জোৰাম পিপলছ’ মুভমেণ্ট (ZPM)ৰ সৈতে সংযুক্ত হয়৷ লালডুহোমাক ZPMয়ে মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰে। কিন্তু ZPM নিৰ্বাচন আয়োগত পঞ্জীভুক্ত নোহোৱাত দলটোৰ আন প্ৰাৰ্থীৰ লগতে লালডুহোমায়েও নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদন্দিতা কৰে ৷ ২০১৮ৰ নিৰ্বাচনত লালডুহোমায়ে আইজল পশ্চিম আৰু শ্বেৰচীপ সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্ব্বিতা কৰে। দুয়োটো সমষ্টিৰ পৰাই জয়ী হয় ZPM নেতাগৰাকী। ২০১৮ত লালডোহুমা মিজোৰাম বিধানসভাৰ বিৰোধী দলপতি হয় ৷ ২০১৯ত ZPMক পঞ্জীভুক্ত দল হিচাপে স্বীকৃতি দিয়ে ECIয়ে। পিছে এইবাৰ Anti-defection Law মতে বিধায়ক পদ হেৰুৱাই লালডুহোমাই। পিছে অন্যান্য সংঘৰ্ষ, ঘাট প্ৰতিঘাটৰ পিছত পুনৰ ২০২১ৰ ১৭ এপ্ৰিলত শ্বেৰচীপ সমষ্টিৰ উপ নিৰ্বাচনত জয়ী হয় লালডুহোমা। আৰু তাৰ পিছত এইবাৰৰ নিৰ্বাচনত শাসকীয় MNFক ধুলিসাত্ কৰি ২৭ খন আসনত জয়লাভ কৰে ZPM য়ে। আৰু এনেদৰে মুখ্যমন্ত্ৰী হোৱাৰ পথ প্ৰায় প্ৰশস্ত হৈছে ZPM ৰ মুৰব্বী লালডুহোমাৰ। সমগ্ৰ দেশতে বিজেপি ঢৌৰ মাজত ZPM দৰে আঞ্চলিক দলৰ বিজয়ধ্বজাই সঁচাকৈ উল্লেখনীয়।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: LalduhomaMizoram resultsZoram People’s Movement
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মহিলাক হাৰাশাস্তি কৰি আছিল যুৱকে! ঘৰলৈ মাতি মহিলাই যুৱকৰ কাঢ়িলে প্ৰাণ
অপৰাধ

মহিলাক হাৰাশাস্তি কৰি আছিল যুৱকে! ঘৰলৈ মাতি মহিলাই যুৱকৰ কাঢ়িলে প্ৰাণ

October 5, 2026
নগাঁও উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ পূৰ্বেই অঘটন
অসম

নগাঁও উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ পূৰ্বেই অঘটন

October 5, 2026
ডিটেনচন চেণ্টাৰত বাংলাদেশী মহিলাৰে ৩ আৰক্ষী কনিষ্টবলৰ জঘন্য কাণ্ড
অপৰাধ

ডিটেনচন চেণ্টাৰত বাংলাদেশী মহিলাৰে ৩ আৰক্ষী কনিষ্টবলৰ জঘন্য কাণ্ড

October 5, 2026
মোমায়েকৰে মিলি যুৱতীক নিৰ্মমভাৱে হ*ত্যা মাতৃৰ
অপৰাধ

মোমায়েকৰে মিলি যুৱতীক নিৰ্মমভাৱে হ*ত্যা মাতৃৰ

October 5, 2026
Next Post
ভয়ংকৰ ৰূপত আহি আছে ‘মাইচোৱাং’। দক্ষিণ ভাৰতত সাগৰীয় ধুমুহা মাইচোৱাঙৰ তাণ্ডৱ

ভয়ংকৰ ৰূপত আহি আছে 'মাইচোৱাং'। দক্ষিণ ভাৰতত সাগৰীয় ধুমুহা মাইচোৱাঙৰ তাণ্ডৱ

এনিমেল ছবিক লৈ সঁচাকৈ অসন্তুষ্ট নেকি অভিনেতা আমিৰ খান? আমিৰৰ ভাইৰেল ভিডিঅ’ৰ আঁৰৰ ৰহস্য কি?

এনিমেল ছবিক লৈ সঁচাকৈ অসন্তুষ্ট নেকি অভিনেতা আমিৰ খান? আমিৰৰ ভাইৰেল ভিডিঅ'ৰ আঁৰৰ ৰহস্য কি?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.