ডিজিটেল ডেস্কঃ এটা ডাঙৰ খবৰ। ২৬ডিচেম্বৰৰ পুৱাৰ ভাগতে ভাৰতীয় ৰিৰ্জাভ বেংকৰ মুখ্য কাৰ্যালয়লৈ আহিল এটা ইমেইল। এই ইমেইলটোত উল্লেখ আছিল যে, মুম্বাই ১১টা স্থানত সন্ত্ৰাসবাদীয়ে বোমা বিস্ফোৰণ কৰাৰ পৰিকল্পনা কৰিছে। ইয়াৰ ভিতৰত মুখ্য দুটা স্থান হৈছে ৰিৰ্জাভ বেংক অৱ ইণ্ডিয়াৰ মুখ্য কাৰ্যালয় আৰু HDFCৰ মুখ্য কাৰ্যালয়।
ই মেইলটোত উল্লেখ কৰা আছিল যে, তেওঁলোকে দেশৰ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমন আৰু আৰ বি আইৰ গৱৰ্নৰ শক্তিকান্ত দাসে পদত্যাগ কৰাটো বিচাৰিছে। যদিহে তেওঁলোকে নিৰ্ধাৰিত সময়মতে পদত্যাগ নকৰে, তেন্তে মুম্বাইৰ লগতে দেশৰ ১১টা বচা বচা স্থানত ভয়ংকৰ বোমা বিস্ফোৰণ কৰা হব।
উল্লেখ কৰা প্ৰয়োজন যে, এই ই মেইল পোৱাৰ পাছতে উল্লেখিত সকলো স্থানত কটকটীয়া নিৰাপত্তা গঢ়ি তোলা হৈছে। মুম্বাই আৰক্ষীয়েও বিষয়টো গভীৰতাৰে লৈ তদন্ত আৰম্ভ কৰিছে। ই মেইলটোত উল্লেখিত স্থান সমূহৰ ভিতৰত আছে ICICI বেংকৰ মুখ্য কাৰ্যালয়ৰ নামো উল্লেখ আছে।
ইফালে এই সমগ্ৰ বিষয়ক লৈ আৰ বি আয়ে কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই। কোনে এই কূটাঘাটমূলক কাৰ্য সংঘটিত কৰাৰ ভাবুকি প্ৰদান কৰিছে তাক লৈ অচিৰেই মুম্বাই আৰক্ষীয়ে এক সংবাদমেল সম্বোধন কৰিব বুলিও মুম্বাই পুলিচে সদৰি কৰিছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ