অসম লাইভ২৪ঃ
অসম আৰক্ষীয়ে পালন কৰিব নোৱাৰিব নৱবৰ্ষ
৩১ ডিচেম্বৰ আৰু ১ জানুৱাৰীৰ সকলো অনুষ্ঠান বাতিলৰ নিৰ্দেশ
আৰক্ষীৰ কোনো গোটেই পালন কৰিব নোৱাৰিব নৱবৰ্ষৰ কোনো অনুষ্ঠান
অসম আৰক্ষীৰ প্ৰাক্তন আৰক্ষী সঞ্চালক প্ৰধান দীপক নাৰায়ণ দত্তৰ দেহৱসানৰ বাবেই এই সিদ্ধান্ত।
তেওঁৰ প্ৰতি শ্ৰদ্ধা জনাই বাতিল কৰা হৈছে সকলো অনুষ্ঠান।
২০০৫ ৰ পৰা ২০০৬ বৰ্ষলৈ অসম আৰক্ষীৰ নেতৃত্বত আছিল IPS দীপক নাৰায়ণ দত্ত।
১৯৭১ BATCH ৰ অসম-মেঘালয় কেডাৰৰ IPS বিষয়া আছিল প্ৰয়াত দত্ত।
দেওবাৰে দুপৰীয়া ১ বজাত হায়দৰাবাদত শেষ নিশ্বাস ত্যাগ কৰে আৰক্ষীৰ শীৰ্ষ বিষয়া গৰাকীক।
১ জানুৱাৰী, সোমবাৰে গুৱাহাটীত বিমানযোগে অনা হ’ব IPS বিষয়াগৰাকীৰ নশ্বৰ মৃতদেহ।
সোমবাৰে বিয়লি ২ বজাত উলুবাৰীৰ আৰক্ষী সঞ্চালক প্ৰধানৰ কাৰ্যালয়ত শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব DGP জি পি সিঙে।
১ জানুৱাৰীৰ বিয়লি ৩.৩০বজাত অন্তেষ্টিক্ৰিয়া কৰা হ’ব ৰাজ্যৰ প্ৰাক্তন DGPৰ
https://www.facebook.com/photo/?fbid=880629977396948&set=a.412930154166935
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















