অসম লাইভ২৪ঃ ২৫/০৩/১৯৪৪ ইং তাৰিখে জন্মগ্ৰহণ কৰা প্ৰয়াত ৰাজকুমাৰ জৈন বিশিষ্ট সমাজ সেৱি স্বৰ্গীয় ট্ৰিলক চন্দ্ৰ জৈনৰ দ্বিতীয় সন্তান আছিল। পলাশবাৰী চহৰত জন্ম গ্ৰহণ কৰা জৈন ১৯৫১ চনত অসমত হোৱা গৰাখহনীয়াত নিজৰ সৰ্বস্ব হেৰুৱাই। তাৰ পিছতো কম বয়সতে সম্পূৰ্ণ পৰিয়ালৰ বোজা নিজৰ কান্ধত লৈ ১০কিঃ মিঃ দূৰত্বত এখন নিৰ্জন ঠাইত বসবাস কৰিবলৈ আৰম্ভ কৰে।
কালক্ৰমত নিজৰ আৰু লগৰীয়া সকলৰ কষ্টৰ পৰিণতিত এখন নতুন ঠাইৰ জন্ম হয়। সেই ঠাইয়েই দক্ষিণ কামৰূপ অঞ্চলৰ সৰ্ববৃহৎ ব্যৱসায়িক ঠাই বিজয়নগৰ হিচাপে আজি আমাৰ সকলোৰে পৰিচিত। বিজয়নগৰ নিৰ্মানৰ ক্ষেত্ৰত তেখেতৰ অবদান অতুলনীয়। কালক্ৰমত বিজয়নগৰ জৈন সমাজ গঠিত হয়। সেই স্থানতেই দুবাৰকৈ পঞ্চ কল্যানক মেলাৰ আয়োজন হয়। সম্পূৰ্ণ উত্তৰ পূৰ্বাঞ্চলৰ জৈন সমাজৰ সৰ্ববৃহৎ মেলা হিচাপে পৰিগণিত উক্ত মেলাত তেখেতৰ অবদান সমাজে কেতিয়াও পাহৰিব নোৱাৰে।
নিজৰ পৰিয়ালৰ ভৰণ পোষণৰ লগতে সমাজৰ সকলো লোকৰে বিপদৰ সময়ত আগবাঢ়ি আহিছিল ৰাজকুমাৰ জৈন। বিজয়নগৰ ঠাইখিনিৰ উন্নতিৰ বাবে তেখেতে বিজয়নগৰ বিকাশ সমিতিৰ গঠন কৰে। বিজয় নগৰৰ ভক্তপ্ৰাণ বাসিন্দা সকলক লৈ তেখেতে দুখন বাছ লৈ দুমাহৰ বাবে সম্পূৰ্ণ ভাৰত তীৰ্থ ভ্ৰমণ কৰে। এই ভ্ৰমণত তেখেতৰ ভূমিকা চিৰস্মৰণীয়। ১০/০১/২০২৪ তাৰিখে এই মহান ব্যক্তিগৰাকীয়ে চিৰ বিদায় মাগিছে। তেখেতৰ বিদেশী আত্মাৰ সদগতিৰ কামনা কৰিছো অসম লাইভ২৪ পৰিয়ালেও।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ