ডিজিটেল ডেস্কঃ শত্ৰুতা আৰু বঢ়াব বিচাৰিছে মালদ্বীপে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধাচৰণ কৰি গভীৰ সংকটত পৰা মালদ্বীপে এইবাৰ মুকলিকৈ ভাৰতৰ সৈতে ফেপেৰি পাতি ধৰিছে। বিভিন্ন ৰাষ্ট্ৰীয়-আন্তৰাষ্ট্ৰীয় মাধ্যমত প্ৰকাশিত খবৰ অনুসৰি, চলিত বৰ্ষৰে ১৫মাৰ্চৰ ভিতৰত মালদ্বীপত নিয়োজিত সকলো ভাৰতীয় সেনাক ভাৰতলৈ ঘূৰাই অনাৰ বাবে নিৰ্দেশ প্ৰদান কৰিছে মালদ্বীপৰ ৰাষ্ট্ৰপতি মহম্মদ মুইজুয়ে। ইতিমধ্যে দিল্লীক ইয়াৰবাবে আনুষ্ঠানিকভাৱে পত্ৰও প্ৰদান কৰিছে বুলি জানিব পৰা গৈছে। অৱশ্যে এতিয়ালৈকে দিল্লীয়ে এই খবৰক নস্যাত কৰিছে।
♦️ ভাৰতৰ সৈতে ফেপেৰি পতাৰ আঁৰত চীন নেকি!
মালদ্বীপৰ সাধাৰণ নিৰ্বাচনৰ পাছতে মহম্মদ মুইজুয়ে পুনৰ শাসনভাৰ চম্ভলাৰ পাছত আকৌ ভাৰতৰ সৈতে বিবাদ তীব্ৰতৰ হৈছে। মহম্মদ মুইজু চীনৰ ভক্ত বুলি সমগ্ৰ বিশ্বই জানে। মহম্মদ মুইজুৰ শাসনকালত মালদ্বীপত চীনৰ প্ৰভাৱ তীব্ৰতৰ হ’ব বুলি ইতিমধ্যে কূটনৈতিকবিদ ভৱিষ্যতবাণী কৰিছিল। পূৰ্বৰ সেই আশংকা সত্য প্ৰমাণিত কৰিয়েই চীনৰ ৫দিনীয়া ভ্ৰমণসূচী সমাপ্ত কৰি মালদ্বীপলৈ উভতি আহিয়েই মহম্মদ মুইজুয়ে ভাৰতৰ সেনাক লৈ এই গুৰুত্বপূৰ্ণ নিৰ্দেশ প্ৰদান কৰে। চীনৰ ভ্ৰমণকালৰ সময়চোৱাত মহম্মদ মুইজুয়ে চীনৰ ৰাষ্ট্ৰপতিৰ লগতে শীৰ্ষ বহু বিষয়ববীয়াৰ সৈতে আলোচনাত মিলিত হৈছিল। এই পৰিপ্ৰেক্ষিতলৈ চাই কব পাৰি যে, চীনৰ সাহসতে ভাৰতক এনেদৰে ফেপেৰি পাতি ধৰিছে মালদ্বীপে।
♦️ চীনৰ পৰা উভতি আহিয়েই সুৰ সলনি হৈছিল ৰাষ্ট্ৰপতি মহম্মদ মুইজুৰ
মালদ্বীপৰ পৰা ভাৰতীয় সৈন্য প্ৰত্যাৱৰ্তনৰ নিৰ্দেশ জাৰি কৰাৰ আগেয়ে যোৱা শনিবাৰে মহম্মদ মুইজুৱে ভাৰতৰ নাম নোলোৱাকৈয়ে তীব্ৰ কটাক্ষ কৰিছিল। পৰোক্ষভাৱে ভাৰতক কটাক্ষ কৰি মহম্মদ মুইজুয়ে কৈছিল- মালদ্বীপ এখন সৰু ৰাষ্ট্ৰ হব পাৰে। কিন্তু এইবুলিয়েই কোনোবাই আমাক ধমকি দিয়াৰ লাইচেঞ্জ পোৱা নাই। ‘ মুইজুৰ এই বক্তব্যৰ পাছতে চৰ্চা হৈছিল যে চীনৰ উচতনিতে মহম্মদ মুইজুৰ সুৰ হঠাত এনেদৰে সলনি হৈছে।
♦️ মালদ্বীপ চীনৰ ইমান তলতীয়া কিয়!
চীনৰ পৰা বহু হাজাৰ কোটি টকা ধাৰ লৈ উভতাই দিব পৰা নাই মালদ্বীপে। যাৰ বাবে মালদ্বীপ ৰাষ্ট্ৰপতি মহম্মদ মুইজু চীনৰ ভৃত্যৰ দৰে কাম কৰে। চীনে যিয়েই কয় সেই কথাই আখৰে আখৰে পালন কৰিবলৈ চেষ্টা কৰে মুইজুয়ে। মুইজুয়ে বিচাৰে যে, চীনৰ পৰা লোৱা ধাৰৰ ক্ষেত্ৰত যাতে চীনে তেওঁলোকক কিছু ৰেহাই প্ৰদান কৰে। চীনৰ পৰা উভতাৰ পাছতে উক্ত ধাৰ পৰিশোধ কৰাৰ সময়সীমা চীনে বৃদ্ধি কৰিছে বুলিও মুইজুয়ে মন্তব্য কৰিছিল। লগতে ঋণ ৰেহাইৰ ক্ষেত্ৰতো দুয়োখন দেশে অচিৰেই আলোচনা বহিব বুলিও কৈছিল। মালদ্বীপৰ প্ৰতি চীন ইমান সহনশীল হোৱাৰ আঁৰত কি চুক্তি হৈছে, সেয়াও এতিয়া এক ডাঙৰ প্ৰশ্নবোধক!
উল্লেখ কৰা প্ৰয়োজন যে, মালদ্বীপত ভাৰতৰ ৭০গৰাকীকৈ ভাৰতীয় সেনা নিয়োজিত হৈ আছে। ইয়াৰোপৰি মালদ্বীপত ভাৰতৰ দুখন হেলিকপ্টাৰ আৰু ২২৮খন ড্ৰোণ এয়াৰ আছে। এই সকলোবোৰ আগন্তুক ১৫মাৰ্চৰ ভিতৰত ভাৰতলৈ উভতাই নিবলৈ নিৰ্দেশ দিছে মহম্মদ মুইজুয়ে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ